ক’ৰোনাত আক্ৰান্ত পাক প্ৰধানমন্ত্ৰী ইমৰান খান
নিয়মীয়া বাৰ্তা, ২০ মাৰ্চঃ ক’ভিড-১৯ ত আক্ৰান্ত পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খান। দেশখনৰ স্বাস্থ্যমন্ত্ৰীয়ে শনিবাৰে এক টুইটযোগে প্ৰধানমন্ত্ৰী ইমৰান খানে ক’ভিড-১৯ ৰ ভেকচিন লোৱাৰ দুদিন পিছতেই ক’ভিড-১৯ ত আক্ৰান্ত হয় বুলি জনায়।
ইমৰান খানে বৰ্তমান নিজ গৃহতে আইছ’লেছনত থকা বুলিও উল্লেখ কৰে মন্ত্ৰী ফয়ছাল চুলতানে।
উল্লেখ্য যে ইমৰান খানে যোৱা বৃহস্পতিবাৰে কৰোনা ভেকচিনৰ প্ৰথমটো ড’জ লৈছিল।
“Pakistan PM Imran Khan (in file photo) tests positive for COVID-19 and is self isolating at home,” tweets Special Assistant to the Prime Minister on National Health Services, Regulations & Coordination. pic.twitter.com/et9Q2nxuCi
— ANI (@ANI) March 20, 2021