চিদলীত ৮ প্ৰাৰ্থীৰ ভিতৰত ৩ জনৰ মনোনয়ন অগ্ৰাহ্য
নিয়মীয়া বাৰ্তা,২০ মাৰ্চ: সমাগত অসম বিধান সভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোট যুদ্ধত অৱতীৰ্ণ হোৱাৰ উদ্দেশ্যে মনোনয়ন পত্ৰ দাখিল কৰা ৩১ নম্বৰ চিদলী (জনজাতি) সমষ্টিত ৮ জন প্ৰাৰ্থীয়ে মুঠ ১০খন মনোনয়ন পত্ৰ দাখিল কৰিছিল। ভোটাৰ্ছ পাৰ্টী ইন্টাৰনেচনেলৰ মহিলা প্ৰাৰ্থী মনোমতী গয়াৰী আৰু ইউপিপিএলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীয়ে দুখনকৈ মনোনয়ন পত্ৰ দাখিল কৰে। আজি মনোনয়ন পত্ৰ পৰীক্ষাৰ অন্তত জিলা নিৰ্বাচনী বিষয়া তথা উপায়ুক্ত গৌতম তালুকদাৰৰ উধৃতিৰে জিলা তথ্য আৰু জনসংযোগ বিভাগে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে ৮ জন প্ৰতিদ্বন্দী প্ৰাৰ্থীৰ ভিতৰত ৩ জনৰ মনোনয়ন অগ্ৰাহ্য কৰা হয়। মনোনয়ন পত্ৰ অগ্ৰাহ্য কৰা প্ৰাৰ্থী সকল হৈছে ক্ৰমে- ভোটাৰ্ছ পাৰ্টী ইন্টাৰনেচনেলৰ মনোমতী গয়াৰী,নিৰ্দলীয় প্ৰাৰ্থী বুবুল দাস আৰু জোছেফ বসুমতাৰী। চিদলী বিধান সভা সমষ্টিত মনোনয়ন বৈধ বুলি ঘোষণা কৰা প্ৰাৰ্থী সকল হৈছে ক্ৰমে-জিসয়া চম্প্ৰমাৰী(নিৰ্দলীয়), বিপিএফৰ চন্দন ব্ৰহ্ম, ইউপিপিএলৰ জয়ন্ত কুমাৰ বসুমতাৰী, নিৰ্দলীয় প্ৰাৰ্থী স্মৃতি বসুমতাৰী আৰু জে ডি ইউ দলৰ প্ৰাৰ্থী ৰঞ্জয় কুমাৰ ব্ৰহ্ম। কোনো এজন প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ নকৰিলে চিদলী বিধান সভা সমষ্টিত ৫ প্ৰাৰ্থীৰ মাজত প্ৰতিদ্বন্দীতা হোৱাতো নিশ্চিত।