বলপূর্বক বৃদ্ধাৰ ভোট লোৱাৰ গুৰুতৰ অভিযোগঃ নলবাৰীত ক্ষুব্ধ জনতাই আবদ্ধ কৰিলে নির্বাচনী বিষয়াক
নিয়মীয়া বাৰ্তা, ২১ মাৰ্চঃ নির্বাচনৰ কামত নিয়োজিত বিষয়াই বলপূর্বকভাৱে ভোটাৰৰ পৰা ভোট সংগ্রহ কৰাৰ অভিযোগে নলবাৰীত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ পোষ্টেল ভোটগ্রহণৰ নামত সংশ্লিষ্ট বিষয়াই কৰা ব্যাপক অনিয়মৰ বিৰুদ্ধে জাঙুৰ খাই উঠে বিভিন্ন ৰাজনৈতিক দল তথা সংগঠন৷ পোষ্টেল বেলটত সংঘটিত ব্যাপক অনিয়মৰ উচিত তদন্ত বিচাৰি জিলা কংগ্রেছে নলবাৰী থানাত এখন এজাহাৰ দাখিল কৰিছে৷ জিলাখনৰ ৫৯নং নলবাৰী বিধানসভা সমষ্টিৰ অন্তর্গত এলেংগীদলত সংঘটিত এনে অনিয়মক কেন্দ্র কৰি অঞ্চলজুৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷
অভিযোগ অনুসৰি, শনিবাৰে পোষ্টেল ভোট সংগ্রহ কৰিবলৈ যোৱা নির্বাচনৰ কামত নিয়োজিত বিষয়াই এগৰাকী বৃদ্ধা ভোটাৰৰ হাতখন টানি নি বলপূর্বক ভোট লয়৷ বৃদ্ধাগৰাকীৰ অনুমতি নোলোৱাকৈ বেলটত মোহৰ মাৰে বুলিও অভিযোগ উত্থাপন কৰিছে গুলজাৰ বিবি নামৰ ভোটাৰগৰাকীয়ে৷ ফলত উক্ত কাণ্ডত জড়িত প’লিং বিষয়াসহ নির্বাচনৰ কামত নিয়োজিত দলটোক উত্তেজিত জনতাই আবদ্ধ কৰি ৰাখে৷ অৱশ্যে ঘটনাৰ কিছুসময় পাছত নলবাৰী সদৰ থানাৰ আৰক্ষীৰ দল এটা ঘটনাস্থলীত উপস্থিত হৈ দলটোক উদ্ধাৰ কৰি আনে৷
উল্লেখ্য যে পহিলা এপ্রিলত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় পর্যায়ৰ ভোটগ্রহণৰ বাবে নলবাৰী সমষ্টিত প্রশাসনে আজিৰে পৰা আৰম্ভ কৰিছে পোষ্টেল ভোটগ্রহণ কার্যসূচী৷ জানিব পৰা মতে, পোষ্টেল ভোটগ্রহণৰ বাবে সমষ্টিটোৰ বিভিন্ন স্থানত শনিবাৰে উপস্থিত হৈছে ১১টা দল৷ নলবাৰীত পোষ্টেল ভোটাৰৰ সংখ্যা হৈছে ৪৬৫গৰাকী৷ ইয়াৰে ১১২গৰাকী হৈছে দিব্যাংগ লোক আৰু ৩৫৩গৰাকী আশীৰ ঊর্ধ্বৰ লোক৷ পিছে জিলা উপায়ুক্ত পূৰৱী কোঁৱৰৰ সামগ্রিক তত্ত্বাৱধানত শনিবাৰৰে পৰা আৰম্ভ হোৱা পোষ্টেল বেলটযোগে ভোটগ্রহণ কার্যসূচীৰ আৰম্ভণিতেই লাগিল কেণা৷ শনিবাৰে পোষ্টেল বেলটযোগে ১০৫টা ভোট লোৱাৰ কথা আছিল বুলি জানিব পৰা গৈছে৷ ভোট ৰিগিঙৰ নিচিনা ঘটনা সন্দর্ভত নলবাৰী জিলা প্রশাসন তথা নির্বাচন আয়োগে প্রকৃত তদন্ত কৰি দোষীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্রহণ কৰে সেয়া লক্ষণীয় হিচাপে বিবেচিত হৈছে৷