এৰাবাৰীত পৰিণত কলাক্ষেত্রত চিহ্ণযাত্রা মুকলি মঞ্চ
নিয়মীয়া বাৰ্তা, ২২ মাৰ্চঃ এৰাবাৰীত পৰিণত হৈছে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ চিহ্ণযাত্রা মুকলি মঞ্চ৷ যি সময়ত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ বাকৰিত বিভিন্ন ৰাজনৈতিক দলৰ নেতা–কর্মী আৰু বেচৰকাৰী অনুষ্ঠান–প্রতিষ্ঠানে সঘনাই সভা–সমিতি অনুষ্ঠিত কৰি আহিছে, সেই সময়তে কলাক্ষেত্রৰ চিহ্ণযাত্রা মুকলি মঞ্চ একপ্রকাৰ এলাগী হৈ পৰা পৰিলক্ষিত হৈছে৷ চিহ্ণযাত্রা মুকলি মঞ্চত দীর্ঘদিন ধৰি কোনো সভা–সমিতি তথা অনুষ্ঠান কোনো লোকে পৰিৱেশন কৰা নাই৷ ফলত এৰাবাৰীত পৰিণত হোৱাৰ উপক্রম হৈছে৷ তদুপৰি মেৰামতিৰ অভাৱত চিহ্ণযাত্রা মুকলি মঞ্চৰ প্রায়বোৰ সামগ্রী জহি–খহি যোৱা পৰিলক্ষিত হৈছে৷
বিশেষকৈ চিহ্ণযাত্রা মুকলি মঞ্চৰ বাকৰিত ঘাঁহ–বন গজাৰ লগতে বৈদ্যুতিক লাইটসমূহ জহি–খহি যোৱাৰ পিছতো এইক্ষেত্রত বিভাগীয় কর্তৃপক্ষই বিহিত ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ তদুপৰি মুকলি মঞ্চৰ বাকৰিত প্লাষ্টিকৰ বটল আৰু অন্যান্য পেলনীয়া সামগ্রী সিঁচৰতি হৈ থকাৰ বাবে পৰিৱেশ বিনষ্ট হৈছে৷ মুকলি মঞ্চৰ চৌপাশে থকা বিদ্যুতৰ লাইট আৰু অন্যান্য বৈদ্যুতিক সামগ্রী জহিখহি যোৱাত যিকোনো সময়ত এইসমূহ সামগ্রীৰ পৰা ভয়ংকৰ দুর্ঘটনা সংঘটিত হোৱাৰ আশংকা ব্যক্ত কৰিছে একাংশ দর্শনার্থীয়ে৷
ইপিনে, কলাক্ষেত্রৰ বাকৰিত অনুষ্ঠিত সভা–সমিতিৰ অংশগ্রহণ কৰা একাংশ অসাধু লোকে কলাক্ষেত্রৰ বাকৰিত জধেমধে প্লাষ্টিকৰ বটল আদি পেলাই পৰিৱেশ বিনষ্ট কৰিছে৷ এইক্ষেত্রত কলাক্ষেত্র সমাজে পৰৱর্তী সময়ত কি ব্যৱস্থা গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷