নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পহিলা এপ্রিলৰ পৰা নেপাত অনুষ্ঠিত হ’ব অসম আৰক্ষীৰ নৱনিযুক্ত ৬০০ উপ–পৰিদর্শকৰ প্রশিক্ষণ

নিয়মীয়া বাৰ্তা, ২২ মাৰ্চঃ বিগত ফেব্রুৱাৰী মাহৰ শেষৰফালে অসম আৰক্ষীত নিযুক্তি লাভ কৰা প্রায় ৬০০জন উপ–পৰিদর্শকৰ এবছৰীয়া প্রশিক্ষণ কার্যসূচী অহা ১ এপ্রিলৰ পৰা মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলঙৰ কাষৰীয়া বৰাপানীস্থিত আৰু কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ অধীনৰ নর্থ ইষ্ট পুলিচ একাডেমী চমুকৈ নেপা চৌহদত অনুষ্ঠিত হ’ব৷

বিগত সময়ছোৱাত নেপাত অসম আৰক্ষীৰ নৱনিযুক্ত উপ–আৰক্ষী অধীক্ষকৰ (ডি এছ পি) পূর্ণাংগ আৰু উপ–পৰিদর্শক পদত পদোন্নতি পোৱা বিষয়াসকলৰ দুমহীয়া ইন ছার্ভিচ প্রশিক্ষণ অনুষ্ঠিত হৈছিল৷

প্রথমবাৰৰ বাবে নেপাত অসম আৰক্ষীৰ নৱনিযুক্ত উপ–পৰিদর্শকৰ এবছৰীয়া পূর্ণাংগ প্রশিক্ষণ অনুষ্ঠিত হ’ব৷ এই সন্দর্ভত নেপাৰ সঞ্চালক আৰু ভাৰতীয় আৰক্ষী সেৱাৰ অসম–মেঘালয় কেডাৰৰ আই জি পি পর্যায়ৰ জ্যেষ্ঠ আৰক্ষী বিষয়া দীপক কুমাৰে জানিবলৈ দিয়া মতে, অসম আৰক্ষীৰ নৱনিযুক্ত উপ–পৰিদর্শকসকলক প্রশিক্ষণৰ বাবে চৌহদটো সম্পূর্ণ সাজু কৰি তোলা হৈছে৷

অৱশ্যে মেঘালয় চৰকাৰৰ নির্দেশনা অনুসৰি নেপালৈ অহাৰ পূর্বে প্রতিজনে ক’ভিড নোহোৱাটো নিশ্চিতকৰণৰ বাবে স্বাস্থ্য বিভাগৰ জৰিয়তে আৰ টি পি চি আৰ পৰীক্ষা সম্পন্ন কৰিব লাগিব৷ সেই পৰীক্ষাৰ নিগেটিভ প্রমাণ–পত্র লগত লৈহে নেপালৈ প্রশিক্ষণ ল’বৰ বাবে আহিব লাগিব৷ সঞ্চালক দীপক কুমাৰে জানিবলৈ দিয়া অনুসৰি, আন্তঃৰাষ্ট্রীয় মানৰ আৰক্ষী প্রশিক্ষণ প্রতিষ্ঠান নেপাত আধুনিক প্রযুক্তিৰ সকলো সমাহাৰ ঘটোৱা হৈছে৷

You might also like