নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনেত আজি প্রথম এদিনীয়া; আত্মবিশ্বাসী টীম ইণ্ডিয়া

নিয়মীয়া বাৰ্তা, ২৩ মাৰ্চঃ টেষ্ট আৰু টি–২০ শৃংখলাত চমকপ্রদ জয় সাব্যস্ত কৰাৰ পিছত আত্মবিশ্বাসী টীম ইণ্ডিয়াই আজিৰ পৰা ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত অভিযান আৰম্ভ কৰিব৷ পুনেৰ এম চি এ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া দিবা–নৈশ মেচখনত জয়েৰে ঘৰুৱা দলটোৱে শৃংখলাত অগ্রগতি অর্জনৰ লক্ষ্য লৈছে৷ বিশেষকৈ চতুর্থ আৰু পঞ্চম টি–২০ত দাঙি ধৰা দুর্দান্ত প্রদর্শনৰ পিছত বিৰাট কোহলি বাহিনীৰ আত্মবিশ্বাস এই মুহূর্তত তুংগত উঠিছে৷

ৰোহিত শর্মা, কোহলি, শ্রেয়াছ আয়াৰ, ঋষভ পণ্ট, হার্দিক পাণ্ডিয়া আদিৰ দৰে শীর্ষক্রমৰ বেটছমেনসকল ইতিমধ্যে সুন্দৰ ফর্মত আছে৷ অৱশ্যে দীর্ঘদিন ধৰি আন্তঃৰাষ্ট্রীয় ক্রিকেটত দুর্বল ফর্মৰ সৈতে যুঁজি থকা অ’পেনাৰ শিখৰ ধাৱনৰ ওপৰত আজি সকলোৰে নজৰ থাকিব৷ ৩৫ বছৰীয়া বাঁওহতীয়া অ’পেনাৰগৰাকীয়ে আহমেদাবাদত ইংলেণ্ডৰ বিৰুদ্ধে প্রথম টি–২০ত সুযোগ পাইছিল যদিও কোনো প্রভাৱ বিস্তাৰ কৰিব নোৱাৰিলে৷ দলীয় মেনেজমেণ্টৰ হাতত এতিয়া শুভমন গিল আৰু লোকেশ ৰাহুলৰ দৰে উদীয়মান অ’পেনাৰ উপলব্ধ থকাত ধাৱনৰ ওপৰত স্বাভাৱিকতে চাপ বৃদ্ধি পাইছে৷ দুই যুৱ তাৰকা পৃথ্বি শ্ব আৰু দেৱদূত পাড়িকালো সুযোগৰ সন্ধানত আছে৷ মিডল অর্ডাৰত অধিনায়ক কোহলিয়ে ভাৰতৰ বেটিং বিভাগৰ দায়িত্ব চম্ভালিব৷ টি–২০ শৃংখলাত দুটাকৈ অপৰাজিত আৰু মেচ উইনিং ইনিংছ খেলি এইমুহূর্তত তেওঁ আত্মবিশ্বাসী হৈ আছে৷

ইফালে, ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট আৰু টি–২০ শৃংখলাত সুন্দৰ প্রদর্শন দাঙি ধৰাৰ পিছত ঋষভ পণ্টে প্রথম এদিনীয়াত উইকেটৰক্ষক হিচাপে খেলপথাৰত নমাৰ পূর্ণ সম্ভাৱনা আছে৷ ইয়াৰ পূর্বে ভাৰতীয় দলীয় মেনেজমেণ্টে লোকেশ ৰাহুলক উইকেটৰক্ষকৰ দায়িত্ব অর্পণ কৰিছিল যদিও শেহতীয়াকৈ তেওঁ দুর্বল ফর্মত ভুগি আছে আৰু মিডল অর্ডাৰত স্থান পোৱাৰ সম্ভাৱনা তেনেই ক্ষীণ৷ শ্রেয়াছ আয়াৰ আৰু সূর্য কুমাৰ যাদৱৰ মাজতো মিডল অর্ডাৰত স্থান লাভৰ বাবে তীব্র যুঁজ হ’ব৷ অলৰাউণ্ডাৰ হার্দিক পাণ্ডিয়াৰ সৈতে আজি তেওঁৰ জ্যেষ্ঠ ভাতৃ ক্রুনাল পাণ্ডিয়াকো প্রথম এদিনীয়াত দেখিবলৈ পোৱাৰ সম্ভাৱনা আছে৷ ৱাশ্বিংটন সুন্দৰৰ সলনি ভাৰতীয় দলে ক্রুনালক এদিনীয়া অভিষেক ঘটোৱাৰ সুযোগ দিব পাৰে৷

ইফালে, বলিঙত ভুবনেশ্বৰ কুমাৰ আৰু শার্দূল ঠাকুৰৰ সংগী হ’ব মহম্মদ চিৰাজ অথবা টি নটৰাজন৷ বিশেষজ্ঞ স্পিনাৰ হিচাপে থাকিব য়ুজবেন্দ্র ছাহাল আৰু কুলদীপ যাদৱ৷ আনহাতে, টেষ্ট আৰু টি–২০ত ব্যর্থ হোৱাৰ পিছত ইংলেণ্ডে এদিনীয়া শৃংখলা জয়েৰে ভাৰত ভ্রমণ সামৰাৰ লক্ষ্য লৈছে৷

খেলৰ সময়ঃ দুপৰীয়া ১.৩০ বজা৷

You might also like