নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রথম পর্যায়ৰ নির্বাচনত ১৩ সমষ্টিত জয়–পৰাজয়ৰ জটিল অংক

২০১৬ৰ নির্বাচনত মাত্র ৭৮২টা ভোটৰ পৰা ৬,২১৩টা ভোটৰ ব্যৱধানতহে জয়ী হৈছিল জনপ্রতিনিধি

নিয়মীয়া বাৰ্তা ২৬ মাৰ্চঃ  অহা ২৭ মার্চত ভোটগ্রহণ হ’বলগীয়া ৪৭টা সমষ্টিৰ ভিতৰত ১৩টা সমষ্টিত ২০১৬ চনৰ নির্বাচনৰ বিজয়ৰ ধাৰা এইবাৰ পুনৰ অব্যাহত থাকে নে নাই, তাকে লৈ ৰাজনৈতিক মহলত ব্যাপক চর্চা চলিছে৷ মূলতঃ যোৱা বিধানসভা নির্বাচনত উক্ত সমষ্টিকেইটাত জয়লাভৰ মুখ দেখা জনপ্রতিনিধিকেইগৰ ৭৮২টাৰ পৰা ৬,২১৩টা ভোটৰ ব্যৱধানত জয়লাভ কৰাৰ পৰিপ্রেক্ষিততে এইবাৰ সংশ্লিষ্ট সমষ্টিকেইটাত তেওঁলোক তথা তেওঁলোকৰ দলীয় প্রার্থীয়ে পুনৰ বিজয়ৰ মুখ দেখে নে নাই, তাকে লৈ ৰাজনৈতিক মহলত উৎকণ্ঠা সৃষ্টি হৈছে৷

উক্ত সমষ্টিকেইটা হৈছে– চতিয়া, বটদ্রৱা, সৰুপথাৰ, গোলাঘাট, মৰিয়নি, টীয়ক, আমগুৰি, থাওৰা, শিৱসাগৰ, নাওবৈচা, লখিমপুৰ, নাহৰকটীয়া আৰু ডুমডুমা৷ উল্লেখ্য যে চতিয়া সমষ্টিত যোৱাবাৰ বিজেপিৰ পদ্ম হাজৰিকাই ১,৮১৮টা ভোটৰ ব্যৱধানতহে জয়লাভ কৰে৷ হাজৰিকাই ৬০,৪৪০টা ভোট লাভ কৰাৰ বিপৰীতে যোৱাবাৰ কংগ্রেছ প্রার্থী প্রাণেশ্বৰ বসুমতাৰীয়ে ৫৮,৬২২টা ভোট লাভ কৰে৷ এইবাৰো সমষ্টিটোত হাজৰিকাৰ বিপৰীতে কংগ্রেছৰ প্রার্থী হিচাপে থিয় দিছে বসুমতাৰীয়ে৷ তদুপৰি যোৱাবাৰ সমষ্টিটোত চিপিআইৰ প্রার্থীগৰাকীয়ে ৪,৯১৪টা ভোট লাভ কৰিছিল৷ এইবাৰ চিপিআই কংগ্রেছ নেতৃত্বাধীন মহাজোঁটত আছে৷ সেয়ে সমষ্টিটোত এইবাৰ নির্বাচনী ফলাফল অতি লক্ষণীয় হৈ পৰিছে৷

সেইদৰে বটদ্রৱা সমষ্টিত যোৱাবাৰ বিজেপিৰ আঙুৰলতা ডেকাই ৫,৮৮৫টা ভোটৰ ব্যৱধানত জয়লাভ কৰে৷ যোৱাবাৰ আঙুৰলতা ডেকাই ৪৬,৩৪৩, কংগ্রেছৰ গৌতম বৰাই ৪০,৪৫৮টা ভোট লাভ কৰাৰ বিপৰীতে এআইইউডিএফৰ প্রার্থীগৰাকীয়ে ৩৩,০২২টা আৰু চিপিআই (এম)ৰ প্রার্থীগৰাকীয়ে ৫৫৯টা ভোট লাভ কৰে৷ এইবাৰ এআইইউডিএফ আৰু চিপিআই (এম) কংগ্রেছ নেতৃত্বাধীন মহাজোঁটৰ অংশীদাৰ দল হোৱাত বটদ্রৱা সমষ্টিৰ নির্বাচনী ফলাফলো লক্ষণীয় হৈ পৰিছে৷ অৱশ্যে কংগ্রেছে এইবাৰ গৌতম বৰাৰ পৰিৱর্তে শিৱামণি বৰাক দলীয় প্রার্থিত্ব দিছে৷

ইপিনে সৰুপথাৰ সমষ্টিত যোৱাবাৰ কংগ্রেছৰ ৰ’জলীনা তির্কীয়ে ২,৯২৭টা ভোটৰ ব্যৱধানত জয়লাভ কৰে৷ যোৱাবাৰ সমষ্টিটোত মিত্রজোঁটৰ হৈ অগপই প্রতিদ্বন্দ্বিতা আগবঢ়াইছিল৷ এইবাৰ বিজেপিয়ে পোনপটীয়া প্রতিদ্বন্দ্বিতাত নামিছে৷ তদুপৰি যোৱাবাৰ সৰুপথাৰ সমষ্টিত এআইইউডিএফে ৭,৫৯৬টা ভোট লাভ কৰিছিল৷ এইবাৰ সমষ্টিটোত এআইইউডিএফৰ প্রার্থী নাই আৰু বড়ো ভোটৰ সপক্ষে হাগ্রামা মহিলাৰীয়ে নির্বাচনী প্রচাৰ চলাইছে৷ সেয়ে সৰুপথাৰৰ নির্বাচনী ফলাফলো অতি লক্ষণীয় হ’ব৷

একেদৰে লক্ষণীয় আন এক সমষ্টি হৈছে গোলাঘাট৷ যোৱাবাৰ গোলাঘাট সমষ্টিৰ পৰা অজন্তা নেওগে ৫,২১৩টা ভোটৰ ব্যৱধানত বিজেপিৰ বিতোপন শইকীয়াক পৰাভূত কৰে৷ যোৱাবাৰ সমষ্টিটোত এআইইউডিএফৰ প্রার্থীগৰাকীয়ে ১,৮০৪টা ভোট লাভ কৰিছিল৷ এইবাৰ সমষ্টিটোত বিজেপিৰ প্রার্থী হৈছে অজন্তা নেওগ আৰু কংগ্রেছৰ প্রার্থী হৈছে বিতোপন শইকীয়া৷ সেয়ে গোলাঘাটৰ নির্বাচনী ফলাফল এতিয়া সকলোৰে আকর্ষণৰ কেন্দ্রবিন্দু হৈ পৰিছে৷

আনহাতে মৰিয়নি সমষ্টিত যোৱাবাৰ কংগ্রেছৰ ৰূপজ্যোতি কুর্মীয়ে ১,৭৯৩টা ভোটৰ ব্যৱধানত জয়লাভ কৰে৷ ২০১৬ৰ নির্বাচনী ফলাফল অনুসৰি সমষ্টিটোত কংগ্রেছে ৩৬,৭০১, এনচিপিৰ অলক ঘোষে ৩৪,৯০৮টা আৰু বিজেপি প্রার্থীগৰাকীয়ে ১৪,৬০২টা ভোট লাভ কৰিছিল৷ এইবাৰ সমষ্টিটোত অলক ঘোষৰ প্রার্থিত্ব নাকচ হৈছে৷ এনে অৱস্থাত কংগ্রেছ আৰু বিজেপিৰ মাজত পোনপটীয়া প্রতিদ্বন্দ্বিতা হোৱাটো নিশ্চিত হৈ পৰিছে৷ সেয়ে শেষ মুহূর্তত কোনো হাঁহি মাৰিবলৈ সক্ষম হয়, সেয়া লক্ষণীয় হ’ব৷ টীয়ক সমষ্টিত যোৱাবাৰ ৫,০৪৯টা ভোটৰ ব্যৱধানত অগপৰ ৰেণুপমা ৰাজখোৱাই কংগ্রেছৰ পল্লৱী শইকীয়া গগৈক পৰাভূত কৰে৷ এইবাৰো দুয়োগৰাকী প্রার্থী নির্বাচনী যুঁজত অৱতীর্ণ হৈছে৷

ইপিনে, আমগুৰি সমষ্টিত মাত্র ১,৬২০টা ভোটৰ ব্যৱধানত অগপৰ প্রদীপ হাজৰিকাই কংগ্রেছৰ অংকিতা দত্তক পৰাভূত কৰে৷ সেই নির্বাচনত অগপৰ প্রদীপ হাজৰিকাই ৪২,০১০টা, কংগ্রেছৰ অংকিতা দত্তই ৪০,৩৯০টা, কংগ্রেছৰ পৰা বিদ্রোহ কৰি নির্দলীয় ৰূপত অৱতীর্ণ হোৱা দুলাল বৰুৱাই ৫,৪৯৮টা আৰু এআইইউডিএফে ৮৭৩টা ভোট লাভ কৰে৷ এইবাৰ সমষ্টিটোত কংগ্রেছত প্রার্থিত্বকেন্দ্রিক সংঘাত তথা এআইইউডিএফৰ কোনো প্রার্থী নাই৷ ইয়াৰ বিপৰীতে নির্বাচনৰ প্রাক্ক্ষণত অগপ প্রার্থী প্রদীপ হাজৰিকাৰ পৰিয়ালত পাৰিবাৰিক সংঘাত চলিছে৷ সেয়ে আমগুৰিৰ নির্বাচনী ফলাফলো এইবাৰ লক্ষণীয় হৈ পৰিছে৷

থাওৰা সমষ্টিত বিজেপিৰ কুশল দুৱৰীয়ে যোৱাবাৰ ১,২২৮টা ভোটৰ ব্যৱধানত কংগ্রেছৰ সুশান্ত বৰগোহাঁইক পৰাভূত কৰে৷ সেই নির্বাচনত সমষ্টিটোত চিপিআয়ে ২,০৬৬টা ভোট লাভ কৰিছিল৷ এইবাৰো সমষ্টিটোত কুশল দুৱৰী আৰু সুশান্ত বৰগোহাঁই নির্বাচনী যুঁজত অৱতীর্ণ হৈছে৷ একেদৰে শিৱসাগৰ সমষ্টিত যোৱাবাৰ প্রয়াত প্রণৱ গগৈয়ে ৫৪২টা ভোটৰ ব্যৱধানতহে জয়লাভ কৰিছিল৷ এইবাৰ সমষ্টিটোত কংগ্রেছে নতুন মুখ দিছে৷ প্রণৱ গগৈৰ অৱর্তমানত সমষ্টিটো কংগ্রেছে ৰক্ষা কৰিব পাৰে নে নাই, তাৰ বাবে নির্বাচনী ফলাফললৈ অপেক্ষা কৰিব লাগিব৷

সেইদৰে নাওবৈচা সমষ্টিৰ ফলাফলো এইবাৰ লক্ষণীয় হৈ আছে৷ যোৱাবাৰ এআইইউডিএফে ১,২৩৩টা ভোটৰ ব্যৱধানত বিজেপিক পৰাভূত কৰি সমষ্টিটো দখল কৰে৷ এইবাৰ সমষ্টিটোত এআইইউডিএফে প্রার্থিত্ব দিয়া নাই৷ অনুৰূপ ধৰণে বিজেপিয়েও সমষ্টিটো অগপক এৰি দিছে৷ দলীয় টিকটৰ পৰা বঞ্চিত হৈ যোৱাবাৰৰ বিজেপি প্রার্থী ৰাও গজেন্দ্র সিঙে এইবাৰ নির্দলীয় হিচাপে নির্বাচনী ৰণত অৱতীর্ণ হৈছে৷ সেয়ে এই সমষ্টিৰ ফলাফলো লক্ষণীয় হ’ব৷

ইফালে, যোৱাবাৰ অগপৰ উৎপল দত্তই ৪,১৫৫টা ভোটৰ ব্যৱধানত লখিমপুৰ সমষ্টিৰ পৰা জয়লাভ কৰে৷ এইবাৰ সমষ্টিটোত অগপ আৰু বিজেপি উভয়ে নির্বাচনী ৰণত অৱতীর্ণ হৈছে৷ সেয়ে লখিমপুৰত এইবাৰ কোনে আধিপত্য বিৰাজ কৰে, সেয়া মন কৰিবলগীয়া হ’ব৷ একেই অৱস্থা নাহৰকটীয়া সমষ্টিতো৷ যোৱাবাৰ অগপৰ নৰেন সোণোৱালে কংগ্রেছৰ প্রণতি ফুকনক ৩,৫৩১টা ভোটৰ ব্যৱধানত পৰাভূত কৰিছিল৷ এইবাৰ নাহৰকটীয়াত বিজেপিয়ে তৰংগ গগৈক প্রার্থিত্ব দিছে৷ অগপৰ পৰা নৰেন সোণোৱালে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে৷ কংগ্রেছে পুনৰ প্রণতি ফুকনকে প্রার্থিত্ব দিছে৷ তদুপৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়েও নাহৰকটীয়াৰ পৰাই নির্বাচনী যুঁজত অৱতীর্ণ হৈছে৷

এনে অৱস্থাত নাহৰকটীয়াৰ ফলাফলো মন কৰিবলগীয়া হ’ব৷ আনহাতে ডুমডুমা সমষ্টিত কংগ্রেছৰ দুর্গা ভূমিজে যোৱাবাৰ মাত্র ৭৮২টা ভোটৰ ব্যৱধানত জয়লাভ কৰিছিল৷ এইবাৰ সমষ্টিটোত বিজেপিয়ে ৰূপেশ গোৱালাক প্রার্থিত্ব দিছে৷ অৱশ্যে দলীয় টিকটৰ পৰা বঞ্চিত হৈ বিজেপি নেতা লক্ষেশ্বৰ মৰাণ সমষ্টিটোৰ পৰা নির্দলীয় হিচাপে থিয় দিছে৷ এনে প্রেক্ষাপটত ডুমডুমাৰো নির্বাচনী ফলাফল অতি লক্ষণীয় হ’ব৷

You might also like