নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিয়মীয়া বাৰ্তাৰ জ্যেষ্ঠ সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ মৃতদেহ উদ্ধাৰ

 নিয়মীয়া বাৰ্তা ২৯ মাৰ্চঃ   নিয়মীয়া বাৰ্তা জ্যেষ্ঠ সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ মৃতদেহ উদ্ধাৰ।  গুৱাহাটীৰ হাতীগাঁৱৰ শেৱালি পথৰ বাসগৃহৰ সন্মুখতে উদ্ধাৰ হৈছে তেওঁৰ মৃতদেহ। জ্যেষ্ঠ সাংবাদিকজনৰ শৰীৰত আঘাতৰ চিন স্পষ্টভাৱে পোৱা গৈছে।

উল্লেখ্য যে পানীৰ মটৰৰ চুইচ দিবলৈ নিশা ডেৰ মান বজাত ওলাই আহিছিল ঘৰৰ পৰা। ইয়াৰ পিছতেই নলাত উদ্ধাৰ হৈছে মৃতদেহটো। পৰিয়ালৰ লোকে সন্দেহ কৰিছে এয়া পৰিকল্পিত হত্যাকাণ্ড।

ইতিমধ্যে আৰক্ষী আহি ঘটনাস্থলীত উপস্থিত হৈছে আৰু তদন্ত আৰম্ভ কৰিছে। এই ঘটনাক লৈ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। মন কৰিবলগীয়া যে ৰাস্তাৰ কাষৰ নলাতেই জ্যেষ্ঠ সাংবাদিকজনৰ মৃতদেহটো পৰি আছিল। আৰক্ষীয়ে প্ৰত্যক্ষদৰ্শীৰ পৰা তথ্য সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিছে। স্থানীয় লোকসকলে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিহিত কৰিছে।

এই সন্দৰ্ভত নিয়মীয়া বাৰ্তাৰ মুখ্য সম্পাদক নৰেশ কলিতাই কয় যে কথাটো বিশ্বাসেই কৰিব নোৱাৰি। আমি মৰ্মাহত হৈছো। আমাৰ কাকতখনৰ সহযোগী সম্পাদক আছিল। তেওঁ যোৱা ৩০ বছৰ ধৰি সংবাদক্ষেত্ৰ খনৰ লগত জড়িত হৈ আছিল।

প্ৰথম অৱস্থাত ক্ৰীড়া সাংবাদিক আৰু তাৰ পিছত যোৱা ১৫ বছৰ ধৰি সামগ্ৰিক ভাৱে সংবাদক্ষেত্ৰখনৰ লগত জড়িত আছিল। এই খবৰটোৱে আমাক স্তম্ভিত কৰিছে। কেৱল নিয়মীয়া বাৰ্তাই নহয়, সমগ্ৰ সংবাদ জগতখনেই স্তম্ভিত হৈছে। এয়া হত্যাকাণ্ড নে অন্য কিবা সেয়া তদন্ত ওলাই পৰিব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে

 

You might also like