হোলীৰ আনন্দৰ মাজতে অঘটনঃ ৰাজ্যৰ ভিন্ন প্রান্তত ফাকুৱাৰ দুদিনত ২৭৯ দুর্ঘটনা
নিয়মীয়া বাৰ্তা, ৩১ মার্চ: ৰাজ্যত ৰঙৰ উৎসৱ ফাকুৱাৰ আনন্দৰ মাজতে বিভিন্ন প্রান্তত সংঘটিত হ’ল দুই শতাধিক পথ দুর্ঘটনা৷ আপদকালীন সেৱা ১০৮–এ প্রকাশ কৰা তথ্য অনুসৰি হোলীৰ দুদিনত অর্থাৎ ২৮ মার্চ আৰু ২৯ মার্চত মুঠ ২৭৯টা পথ দুর্ঘটনা সংঘটিত হৈছে৷
ইয়াৰে ভিতৰত ২৮ মার্চত ১০১টা আৰু ২৯ মার্চত ১৭৮টা পথ দুর্ঘটনা সংঘটিত হৈছে৷ কামৰূপ জিলাত এই দুদিনত সর্বাধিক ২৭টা পথ দুর্ঘটনা সংঘটিত হয়৷ ইয়াৰে ১৫টা ২৮ মার্চত আৰু ১২টা ২৯ মার্চত৷ তদুপৰি এই দুদিনত বৰপেটাত ২০টা, শোণিতপুৰত ১৯টা, ওদালগুৰিত ১৯টা, কামৰূপ মহানগৰ জিলাত ১৮, কাছাৰত ১৬টা, হাইকালান্দিত ১৫টা, নগাঁৱত ১৩টা, ধেমাজিত ১২টা, গোলাঘাটত ১২টা, দৰঙত ১১টা, বাক্সাত ৯টা দুর্ঘটনা সংঘটিত হৈছে৷
উল্লেখ্য যে প্রতিবছৰে বিভিন্ন উৎসৱৰ সময়ত ৰাজ্যত পথ দুর্ঘটনাৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হয়৷ পূজা, বিহু আদিৰ সময়তো পথ দুর্ঘটনাত যথেষ্ট লোক হতাহত হয়৷ এই উৎসৱৰ সময়ছোৱাত হোৱা দুর্ঘটনাসমূহৰ অধিকাংশই অত্যধিক সুৰাপান কৰি গাড়ী চলোৱাৰ বাবে সংঘটিত হয় বুলিও পোহৰলৈ আহিছে৷