নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফ্রান্সৰ পৰা ভাৰতলৈ আহিল পুনৰ তিনিখন ৰাফেল যুদ্ধ বিমান

নিয়মীয়া বাৰ্তা ১ মাৰ্চঃ ফ্রান্সৰ পৰা ভাৰতলৈ বুধবাৰে পুনৰ তিনিখন ৰাফেল যুদ্ধবিমান অনা হৈছে৷ বুধবাৰে সন্ধিয়া ৭ বজাত আহি গুজৰাটত অৱতৰণ কৰে এই তিনিওখন যুদ্ধ বিমানে৷ তিনিওখন ৰাফেল যুদ্ধ বিমান আম্বালাস্থিত গ’ল্ডেন এৰ’জ স্কোৱাড্রনলৈ প্রেৰণ কৰা হ’ব৷ ফ্রান্সৰ পৰা অহাৰ সময়ত ইউ এ ইত মাজ আকাশতে ইন্ধন যোগান ধৰা হ’ব এই তিনিওখন ৰাফেল যুদ্ধ বিমানক৷ উল্লেখনীয় যে আম্বালাস্থিত স্কোৱাড্রনত মুঠ যুদ্ধ বিমানৰ সংখ্যা ১৪লৈকে বৃদ্ধি পাব৷ একোটা স্কোৱাড্রনত প্রায় ১৮খন যুদ্ধ বিমান ৰখা হয়৷ স্মর্তব্য যে যোৱা বছৰ ২৯ জুলাইত ৫খন ৰাফেল যুদ্ধ বিমান প্রথমবাৰলৈ ভাৰতলৈ অনা হৈছিল৷ ফৰাচী চৰকাৰৰ সৈতে হোৱা ৫৯ হাজাৰ কোটি টকাৰ চুক্তি অনুসৰি ভাৰতে ৩৬খন ৰাফেল যুদ্ধ বিমান লাভ কৰিব৷

You might also like