নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰপেটাৰ দূৰণিবটীয়া ১৩৮ ভোট কেন্দ্রলৈ আজি ৰাওনা হ’ব বিষয়াৰ দল

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিল: বৰপেটা জিলাৰ বাঘবৰ আৰু চেঙা সমষ্টিৰ ১৩৮টা ভোটগ্রহণ কেন্দ্রলৈ আজি ৰাওনা হ’ব নির্বাচনৰ দায়িত্বত নিয়োজিত প’লিং আৰু প্রিজাইডিং বিষয়াৰ দল৷ দূৰণিবটীয়া চৰ অঞ্চলত থকা এই কেন্দ্রকেইটালৈ যাবলৈ যথেষ্ট সময় লাগিব বাবেই দুদিন আগতেই ভোটগ্রহণকাৰী দল তালৈ ৰাওনা হ’ব৷

ইয়াৰে বাঘবৰ সমষ্টিৰ ৯২টা কেন্দ্র আৰু চেঙা সমষ্টিৰ ৪৬টা কেন্দ্রৰ বাবে ৬৯০জন বিষয়া–কর্মচাৰীয়ে কাইলৈ বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ত স্থাপন কৰা ষ্ট্রংৰুমৰ পৰা ৰাওনা হ’ব৷ জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শর্মাই এই কথা প্রকাশ কৰি কয় যে এই কেন্দ্রসমূহৰ বাবে যাবলগীয়া ই ভি এমসমূহ যাত্রা পথত এদিনৰ বাবে ৰাখিবৰ বাবে ৯টা অন্তর্ৱর্তী ষ্ট্রংৰুম স্থাপন কৰা হৈছে৷ বাঘবৰ সমষ্টিৰ বাবে বৰনগৰ মহাবিদ্যালয়, সৰভোগ, বাঘবৰ এছ এছ লিমিটেড, বাঘমাৰাচৰ উচ্চ মাধ্যমিক বিদ্যালয়, ড০ জাকিৰ হুছেইন উচ্চতৰ মাধ্যমিক বিদ্যালয়, ফখৰুদ্দিন আলি আহমেদ উচ্চ মাধ্যমিক বিদ্যালয়, মাজেৰচৰ, পশ্চিম মইনবৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, মইনবৰীত এই ষ্ট্রংৰুমসমূহ স্থাপন কৰা হৈছে৷ একেদৰে চেঙা বিধানসভা সমষ্টিৰ ৪৬টা কেন্দ্রৰ বাবে কৰাইখাইটী উচ্চ মাধ্যমিক বিদ্যালয়, আজগৰ আলী স্মাৰক উচ্চতৰ মাধ্যমিক বিদ্যালয়, কাছুমাৰা আৰু বহৰি উচ্চ মাধ্যমিক বিদ্যালয়, বহৰিত অন্তর্ৱর্তী ষ্ট্রংৰুম স্থাপন কৰা হৈছে৷ এই অন্তর্ৱর্তী ষ্ট্রংৰুমসমূহো মূল ষ্ট্রংৰুমৰ দৰেই অতি সুৰক্ষিত ৰূপত গঢ়ি তোলা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে৷ এ

ই কেন্দ্রকেইটাৰ বাহিৰে আন ১,৪৫৮টা কেন্দ্রৰ বাবে নিয়োজিত ৭,২৯০জন বিষয়া–কর্মচাৰী ৫ এপ্রিলত মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ পৰা ৰাওনা হ’ব৷ প্রতিটো কেন্দ্রতে এজন প্রিজাইডিং বিষয়া, তিনিজন প’লিং বিষয়া আৰু এজন নিৰাপত্তাৰক্ষী থাকিব৷ মুঠ ১৫৯৬টা কেন্দ্রত হ’বলগীয়া ভোটগ্রহণৰ দিনা ৭৯৮টা কেন্দ্রত চিচি টিভি কেমেৰাৰ জৰিয়তে ৱেব কাষ্টিঙৰ ব্যৱস্থা কৰা হৈছে৷

তদুপৰি ৬১টা জটিল ৰূপে চিহ্ণিত ভোট গ্রহণ কেন্দ্রত একোজনকৈ মাইক্রো অৱজাৰভাৰো নিয়োগ কৰা হৈছে৷ তেওঁলোকে গোটেই প্রক্রিয়াটো আৰম্ভণিৰে পৰা শেষলৈ পর্যবেক্ষণ কৰি প্রতিবেদন দাখিল কৰিব৷ অৱশিষ্ট কেতবোৰ ভোটগ্রহণ কেন্দ্রত ভিডিঅ’গ্রাফীৰো ব্যৱস্থা কৰা হৈছে৷ মুঠৰ ওপৰত নির্বাচন সম্পূর্ণ নিকা আৰু স্বচ্ছ ৰূপত অনুষ্ঠিত কৰাৰ বাবে জিলা উপায়ুক্ত মুনীন্দ্র শর্মাৰ নেতৃত্বত বৰপেটা জিলা প্রশাসনে সকলো প্রস্তুতি সম্পূর্ণ কৰি তুলিছে৷

You might also like