নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোমেন বৰগোহাঞিলৈ এখন মুকলি চিঠি

আপোনাৰ ভাষাৰেই আৰম্ভ কৰিলোঁ ‘দেশতকৈ মোমাই ডাঙৰ নহয় বুলি ক’বলৈ মই লাচিত নহওঁ, কিন্তু দেশতকৈ বন্ধু ডাঙৰ নহয় বুলি ক’ব পৰা দেশপ্রেম মোৰ এতিয়াও আছে৷’ ‘অসম বাণী’ৰ মুখ্য সম্পাদকৰ কলমেৰে নিগৰা, প্রয়াত মুখ্যমন্ত্রী হিতেশ্বৰ শইকীয়ালৈ এইষাৰ আছিল আপোনাৰেই বাক্যশেল৷ জাতীয় জীৱনক বিপথে নিব খোজা ৰজাঘৰীয়াৰ বিৰুদ্ধে এয়াই আছিল আপোনাৰ কঠোৰ সকীয়নি, দৃঢ় স্থিতি৷ পিছে সময়বোৰ সলনি হৈ গ’ল৷
অসমীয়া সাহিত্য–সংস্কৃতিৰ ভঁৰাললৈ সুদীর্ঘকালত আপোনাৰ যি বিশাল অৱদান, তাৰ বাবে সকলো কালৰ বাবে আপুনি বন্দনীয় হৈ ৰ’ব৷ প্রায় শতিকাজোৰা বর্ণাঢ়্য জীৱন পৰিক্রমাত আপোনাৰ মেটমৰা সম্ভাৰে অসমীয়া সাহিত্য আৰু অধিক চহকী কৰি যে তুলিব, তাত কাৰো দ্বিমত নাই৷ অলেখ বৈচিত্র্যময় অভিজ্ঞতাৰে সমৃদ্ধ আপোনাৰ দৰে ব্যক্তিৰ ব্যক্তিত্ব জাতিৰ মহীৰূহ হিচাপে থিয় হৈ ৰওক৷ সেয়া সকলোৰে কাম্য৷ আপোনাৰ লেখাৰ মাজতেই জীৱনৰ আঁত বিচাৰি পাইছিলোঁ, জীৱনৰ ছন্দ বিচাৰি পাইছিলোঁ, সৰল আৰু নৈতিকভাৱে জীয়াই থকাৰ প্রেৰণা, সাহস পাইছিলোঁ, আমাৰ দৰে লক্ষজনে৷
আজি যেন এক খেলিমেলি সময়ৰ মাজেৰে, অনিশ্চিত ভৱিষ্যতৰ দিশে আমাৰ জাতীয় জীৱন ধাৱমান হ’ব ধৰিছে৷ সমাজৰ নৈতিক অৱক্ষয় আৰু মানসিক অধঃপতন প্রত্যেকজন সচেতন ব্যক্তিয়ে লক্ষ্য কৰিছে৷ আপুনিও গভীৰ উদ্বিগ্ণতাৰে লক্ষ্য কৰিছে যে সকলো ফালে ৰজাঘৰীয়াৰ বন্দনা আৰু ব্যক্তি পূজাৰ মন্ত্রৰে গণতান্ত্রিক প্রমূল্যক নিঃশেষ কৰাৰ যি কুচকাৱাজ চলিছে, ৰাজ্যৰ মূধাফুটা শিক্ষিত ব্যক্তিৰ লগতে এচাম চৰকাৰী বুদ্ধিজীৱীয়েও সেই গড্ডালিকা প্রৱাহত উটি গৈ আছে৷ জনগণৰ দৃষ্টি যেন আজি লক্ষ্যভ্রষ্ট হৈ পৰিছে৷ ৰাষ্ট্রীয়তাবাদৰ আজ্ঞাবাহী ভৃত্য তথা দেশপ্রেমৰ ভাও দিয়াসকলে ধন, ক্ষমতা আৰু ৰাজভোগকেই জীৱনৰ একমাত্র লক্ষ্য হিচাপে বাছি লৈছে৷ ৰাজকোষ লুণ্ঠনৰ জৰিয়তে আত্মপ্রতিষ্ঠাৰে অহংকাৰী হৈ উঠিছে৷ দেশপ্রেমৰ ভেল্কীবাজিৰে ৰাজ্যলৈ অশুভ বাতাৱৰণ নমাই আনিছে৷ ৰাজনৈতিক চতুৰালি আৰু অর্থৰে লালায়িত কৰি পৱিত্র বিধান পৰিষদৰ সদস্যসকলক পণ্য সামগ্রীলৈ অৱনমিত কৰিছে৷ আভুৱা–ভাঁৰা চৰকাৰী আঁচনিৰে প্রলোভিত কৰি জীৱনৰ এন্ধাৰ বাটত খেপিয়াই ফুৰা সাধাৰণ মানুহক বিভ্রান্ত কৰিছে৷ সম্ভাৱনাপূর্ণ অনেক ৰাজনীতিক এওঁলোকৰ চক্রান্তত পথভ্রষ্ট হৈছে৷ ৰাজ্যৰ বৃহৎ বৃহৎ দুর্নীতি, কেলেংকাৰিৰ নিৰপেক্ষ তদন্ত এওঁলোকৰ ৰাজনৈতিক চাকনৈয়াত পাকঘূৰণি খাই আদবাটতে থমকি ৰৈছে৷ আৰু বহুতো নোহোৱা হৈছে৷ মিথ্যাৰে জগত জিনিব খোজা এই ধুৰন্ধৰসকলৰ কু–কার্যই ৰাজ্যৰ সকলো দৰবাৰ কলংকিত কৰি তুলিছে৷ এই সকলোতকৈ ভয়াৱহ কথাটো হ’ল জাত–পাতৰ ৰাজনীতিৰে সামাজিক পৰিৱেশ বিনষ্ট কৰি তুলিছে৷ অন্যায়ৰ বিৰুদ্ধে মাত মতাজন পোতাশালত বন্দী হৈছে৷ আৰু যে কত কি
বৰগোহাঞিদেউ, যোৱা কুৰি শতিকাৰ শেষৰ দুটা দশকত বিশেষকৈ আপুনি সম্পাদনা কৰা ‘অসম বাণী’ৰ পাতত দুর্নীতি আৰু কেলেংকাৰিৰ বিৰুদ্ধে আপোনাৰ ক্ষুৰধাৰ কলমৰ বজ্রনিনাদৰ প্রতিধ্বনি অসমবাসীৰ মনত আজিও মাৰ যোৱা নাই৷ সেই বজ্রকঠোৰ তেজস্বী কলমৰ গর্জন শুনিবলৈ জাতি আজিও অপেক্ষাৰত৷ বিনম্রতাৰে আহ্বান জনাইছোঁ– তাৰ প্রখৰতা অৱনমিত হ’বলৈ নিদিব৷ জাতীয় জীৱনত অবন্দনীয় হৈ নৰ’ব
অসমীয়া জাতি ধ্বংসৰ আখৰা প্রত্যক্ষ কৰিও আৰু ইয়াক প্রতিৰোধ কৰি উত্তৰণৰ সন্ধান দিব পৰাকৈ সকলো বৌদ্ধিক, মানসিক আৰু নৈতিক শক্তিৰ অধিকাৰী হৈও আজি যেন এক নিৰাপদ দূৰত্বত আপোনাৰ অৱস্থান৷ এয়া সমগ্র জাতিৰ স্বার্থত আপোনাৰ বিৰুদ্ধে আমাৰ মর্মান্তিক অভিযোগ৷ আপোনাৰ নীৰৱতা জাতিৰ বাবে এক ভয়ানক অশনি সংকেত৷ জাতিৰ অভিভাৱকত্ব গ্রহণ কৰি, জাতি সংস্কাৰৰ ছদ্মৱেশীসকলৰ বিৰুদ্ধে পুনৰ গৰজি উঠক, ‘নিয়মীয়া বার্তা’ৰ ‘প্রথম কলম’ক ব্রহ্মাস্ত্র ৰূপে প্রয়োগ কৰক৷ জাতিক ক্ষতি কৰিব পৰা অশুভ শক্তিবোৰ বিনাশ কৰক৷ শংকা কিহৰ? অন্যথা ভাষা–সংস্কৃতি ধ্বংস কৰিবলৈ উদ্যত হোৱা জাতশত্রুৱে, সমাজ জীৱনত কোনোকালে নঘটা, সাম্প্রদায়িক বিষবাষ্প ঢ়ালি ভাতৃঘাতী সংঘর্ষ সৃষ্টিৰে অসমক ধ্বংসৰ গৰাহত নিমজ্জিত কৰাৰ দৃশ্য চাই চাই বিননি জুৰিব লাগিব৷
কুৰুকুল শিৰোমণি, শান্তনুনন্দন, বিচক্ষণতা আৰু জ্ঞানৰ প্রতীক, পিতামহ ভীষ্মও এদিন সাঁথৰত পৰিণত হৈ নিন্দিত হৈছিল, কাৰণ কুৰুকুল ধ্বংস প্রত্যক্ষ কৰিও, বাক্ সংযমৰ বাবে৷ সর্ব অস্ত্র বিশাৰদ, অজেয় বীৰ দ্রোণাচার্যয়ো বাল্যবন্ধু দ্রুপদক বিশ্বাসঘাতকতা কৰি দুর্জন দুর্যোধনৰ ৰাজবন্ধনত আবদ্ধ হৈ নিন্দিত হৈছিল, ৰাজভোগৰ বাসনাত৷
ৰাজনৈতিক আৰু আর্থিক নিৰাপত্তাৰ প্রয়োজনৰ ঊর্ধ্বত আপোনাৰ অৱস্থান৷ যদিও অর্থই সকলোকে বশীভূত কৰে৷ সকলো বন্ধনৰ পৰা মুক্ত আপুনি৷ ওৰেটো জীৱন প্রজ্ঞাৰ সাধনাৰে অতিবাহিত কৰা আপোনাৰ বর্ণিল জীৱনৰ এই বিয়লিবেলাত জাতীয় জীৱনৰ এই সন্ধিক্ষণত, জাতীয় দায়িত্ব লৈ এটা সুস্থ, সবল, সংস্কৃতিৱান আৰু স্বাভিমানী জাতি হিচাপে ইয়াক উত্তৰণৰ পথ দেখুৱাবলৈ বিনম্রতাৰে আহ্বান জনালোঁ৷ অন্যথা অর্জুন পুত্র অভিমন্যুৰ নাতিয়েক জন্মেজয়ে মহর্ষি ব্যাসদেৱক কৰা প্রশ্ণৰ পুনৰাবৃত্তি হ’ব যে কুৰুকুল বিনাশকালত আপুনিওতো জীয়াই আছিল?

মনোৰঞ্জন দাস
গুৱাহাটী–৫
৮৬৩৮১–১৭৪৫২

লেখকৰ সামাজিক দায়িত্ব (অংশ–বিশেষ)

হোমেন বৰগোহাঞি

…মানুহৰ জীয়াই থকাৰ সমস্যাৰ কথা নিলিখিও এইসকল লেখকে মানুহৰ তথা সমাজৰ প্রতি তেওঁলোকৰ সর্বোচ্চ দায়িত্ব পালন কৰিছে৷ আৰু এটা দাবী প্রায়ে উঠে যে জাতিৰ বা সমাজৰ সংকটৰ মুহূর্তত শিল্পী–সাহিত্যিকে কল্পনাৰ গজদন্ত মিনাৰত বহি কেৱল গান গালেই নহ’ব মাটিলৈ নামি আহি তেওঁলোকে সংগ্রামী জনতাৰ লগত সমানে খোজ মিলাব লাগিব, কলম এৰি বন্দুক বা তৰোৱাল ল’ব লাগিব৷ দ্বিতীয় মহাযুদ্ধৰ সময়ত জার্মানীয়ে ফ্রান্স অধিকাৰ কৰোঁতে জাঁ পল ছার্ত্রে আদিয়ে তাকেই কৰিছিল৷ স্পেনিছ গৃহযুদ্ধত হেমিংৱে’ আৰু আর্থাৰ কোৱেষ্টলাৰ আদিয়ে গণতন্ত্রৰ হৈ প্রত্যক্ষ সংগ্রামত ভাগ লৈছিল৷ ই অতি প্রশংসনীয় কার্য, সন্দেহ নাই৷ কিন্তু বহুতো লেখকে সমসাময়িক সামাজিক সংঘাতৰ পৰা বিৰত থাকিও সমাজৰ প্রতি তেওঁলোকৰ দায়িত্ব পূৰাভাৱেই পালন কৰিছে৷Down There On a Visit নামৰ কিতাপত ক্রিষ্ট’ফাৰ ইচাৰউডে অগষ্টাচ পাৰ (অ’ল্ডচ হাক্সলি) আৰু তেওঁৰ সতীর্থসকলৰ কথা উল্লেখ কৰি লিখিছে যে দ্বিতীয় মহাযুদ্ধই যেতিয়া এফালৰ পৰা পৃথিৱীখন পুৰি আনিছিল তেতিয়া তেওঁলোকে কেলিফ’র্নিয়াত আশ্রম পাতি এনেকৈ বাস কৰিছিল যেন পৃথিৱীত একো ঘটাই নাই৷ কিন্তু সেইবুলি জাঁ পল ছার্ত্রেতকৈ হাক্সলিয়ে সমাজৰ কাৰণে কম কাম কৰিছে বুলি ভাবিলে ভুল কৰা হ’ব৷ পৃথিৱীৰ বেছিভাগ মানুহে যেতিয়া অতীত–ভৱিষ্যৎ পাহৰি অন্ধভাৱে যুদ্ধত লিপ্ত আছিল, এওঁলোকে সেই সময়ত নীৰৱে মানুহৰ শাশ্বত আধ্যাত্মিক সম্পদ পহৰা দিয়া আৰু বৃদ্ধি কৰা কামত নিযুক্ত আছিল৷ ৰণক্লান্ত মানুহে এদিন যুদ্ধক্ষেত্রৰ পৰা ঘূৰি আহি দেখিছিল যে তেওঁলোকৰ ঘৰৰ আশ্রয় অক্ষত হৈয়ে আছে৷ এমার্চন যেতিয়া জীয়াই আছিল সেই সময়ত গৃহযুদ্ধই আমেৰিকা ছানি পেলাইছিল৷ এই গৃহযুদ্ধ তুচ্ছ ৰাজনৈতিক ক্ষমতাৰ কাৰণে হোৱা সামান্য যুদ্ধ নাছিল৷ ই আছিল এটা মহৎ সামাজিক আদর্শৰ কাৰণে ন্যায় আৰু অন্যায়ৰ মাজত হোৱা সংগ্রাম৷ সেই সময়ত আমেৰিকাত জীয়াই থাকি এই গৃহযুদ্ধৰ প্রতি উদাসীন হৈ থকা কাৰো পক্ষে সম্ভৱ নাছিল৷ লেখকৰ সামাজিক দায়িত্বৰ সাধাৰণ ধাৰণা অনুযায়ী এমার্চনেও ন্যায়ৰ পক্ষত এষাৰ মাত মতা উচিত আছিল৷ কিন্তু অতি আচৰিত কথা যে এমার্চনৰ অতি বিতংভাৱে লিখিত ডায়েৰী বা দিনপঞ্জীত আমেৰিকাৰ গৃহযুদ্ধৰ কোনো উন্মেষেই নাই৷ তেওঁৰ ডায়েৰী পঢ়ি কোনেও কল্পনা কৰিব নোৱাৰিব যে সেই সময়ত সমগ্র আমেৰিকাত গৃহযুদ্ধৰ দাবানল জ্বলি আহিছে৷ কিন্তু তাৰ কাৰণে এমার্চনক সমাজ চেতনাৰ অভাৱৰ অপৰাধৰ দায়ী কৰিব পাৰিনে? যুদ্ধক্ষেত্রত সক্রিয় অংশগ্রহণ কৰা হাজাৰ হাজাৰ যুঁজাৰুতকৈ আমেৰিকাৰ মানৱতা বা আধ্যাত্মিকতাৰ ঐতিহ্য সৃষ্টি বা ৰক্ষা কৰাতকৈ এমার্চনে কম বৰঙণি যোগাইছিলনে? এই কথা কোনে নাজানে যে এমার্চনেই আমেৰিকাৰ প্রথম কবি আৰু দার্শনিক, যি সেই নতুন মহাদেশৰ প্রথম আধ্যাত্মিক ভিত্তি নির্মাণ কৰিছিল৷ জেমছ এলৰয় ফ্লেকাৰে কবিতাৰ উদ্দেশ্য ব্যাখ্যা কৰি এবাৰ কৈছিল–It is not the function of the poetry to save the soul but to make it worth saving. এমার্চনৰ দলে প্রত্যক্ষ সামাজিক সংঘাতত যোগ নিদিও সদায় এই কামকে কৰি আহিছে৷ তেওঁলোকে সদায় মানুহৰ আত্মাক ৰক্ষাৰ যোগ্য কৰি আহিছে৷
(টোকা ঃ ওপৰত পুনর্মুদ্রিত ‘লেখকৰ সামাজিক দায়িত্ব’ শীর্ষক প্রবন্ধটো আজিৰ পৰা প্রায় ৩০ বছৰৰ আগতে লিখা হৈছিল৷ প্রসংগক্রমে তাৰ এটা অংশ ওপৰত পুনর্মুদ্রণ কৰা হ’ল)

You might also like