ক’ৰোনা মহামাৰীৰ কালত মানুহৰ মাজত আটাইতকৈ গুৰুত্ব পোৱা বিষয়টোৱেই হৈছে শৰীৰৰ ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰা৷ তাৰ বাবে কি কি খাদ্যবস্তু আৰু ঔষধ গ্রহণ কৰিব লাগিব, সেই বিষয়ক আলোচনাই এতিয়া মুখ্যতঃ৷ অৱশ্যে ক’ৰোনাক প্রতিৰোধৰ বাবেই নহয়, আমাৰ শৰীৰটো বিভিন্ন বেমাৰৰ পৰা সুৰক্ষিত আৰু স্বাস্থ্যৱান হৈ থাকিবলৈ হ’লে ৰোগ প্রতিৰোধ ক্ষমতা শক্তিশালী হোৱাটো নিতান্তই প্রয়োজনীয়৷ এই বিষয়ক বিভিন্ন আলোচনা, বিজ্ঞজনে প্রস্তুত কৰা ভিডি’বোৰৰ পৰা আমি জানিছোঁ যে ৰোগ প্রতিৰোধ ক্ষমতা বঢ়াবৰ বাবে অশ্বগন্ধা, গিলয়, হালধি, ডালচেনি, আমলখি, আদা, তুলসী ইত্যাদি খোৱাৰ প্রয়োজন আৰু এইসমূহ খাদ্যবস্তু গ্রহণ কৰি বহুতে সুফলো ইতিমধ্যে পাইছে৷ ক’ৰোনাৰ দৰে মহামাৰীক প্রতিৰোধ কৰাৰ ক্ষমতা আমি সহজতে পোৱা এইসমূহ বনৌষধিৰ দ্বাৰা আমাৰ শৰীৰে লাভ কৰাটো অতিকে ইতিবাচক খবৰ৷ ইয়াৰ লগত সংগতি ৰাখি মই অন্য এটা দিশৰ প্রতি সকলোৰে দৃষ্টি নিক্ষেপ কৰোৱাৰ চেষ্টা কৰিম৷
আমাৰ চাৰিওফালে পোৱা উদ্ভিদসমূহৰ প্রায়ভাগেই ঔষধি গুণসম্পন্ন৷ ইয়াৰ সহায়ত অতীজৰে পৰা মানুহে বিভিন্ন ৰোগ নিৰাময় কৰি আহিছে৷ বনৌষধিসমূহৰ যিহেতু পার্শ্বক্রিয়া কম বুলি কোৱা হয়, সেয়েহে মানুহে স্বচিকিৎসা এইক্ষেত্রত সদায় নিৰাপদ বুলি বিবেচনা কৰে৷ কিন্তু এইখিনিতে এটা কথাত আমি সকলোৱে সাৱধান হোৱা ভাল যে আমি ৰোগ প্রতিৰোধ ক্ষমতা বঢ়াবৰ বাবেই হওক বা যিকোনো ৰোগৰ ঘৰুৱা চিকিৎসাৰ ক্ষেত্রতেই হওক, বনৌষধিসমূহ ব্যৱহাৰ কৰাৰ সময়ত ইয়াৰ ব্যৱহাৰৰ নিয়মৰ বিষয়ে চিকিৎসকৰ লগত বা বিজ্ঞজনৰ লগত আলোচনা কৰি লোৱাটো অতিকে প্রয়োজনীয়৷ নেপ’লিয়ন বোনাপার্টে এষাৰ কথা কৈছিল, ‘মানুহ নাখাই নমৰে, খাইহে মৰে৷’ গতিকে আয়ুর্বেদিক উপাদানবোৰৰো পার্শ্বক্রিয়া নিশ্চয়কৈ আছে, সেয়েহে আমি স্বচিকিৎসা কৰিবলৈ যোৱাটো স্বাস্থ্যৰ বাবে বিপজ্জনকো হ’ব পাৰে৷ স্বাস্থ্যই হৈছে মূলধন৷ শৰীৰৰ কোনো এটা সমস্যাৰ বাবে আমি কি খাব লাগে, কিয় লাগে, কেতিয়া খাব লাগে আৰু কিমান পৰিমাণৰ খাব লাগে– এই কথাখিনিৰ ক্ষেত্রত নিশ্চিত হোৱাটো অতিকে প্রয়োজন৷ আমাৰ মাজত এনে বহুত ব্যক্তি আছে যিসকল স্বাস্থ্যৰ ক্ষেত্রত চিকিৎসকৰ পৰামর্শ লোৱাৰ আগতে বনৌষধিৰ ওপৰত বেছিকৈ নির্ভৰশীল৷ কিন্তু প্রত্যেক ব্যক্তিৰ শৰীৰত থকা সমস্যা আৰু লক্ষণবোৰ বেলেগ বেলেগ হয়৷ এটা দ্রব্য এজনৰ বাবে ভাল হ’লে আন এজনৰ বাবে বেয়াও হ’ব পাৰে৷ আমি প্রায়ে নিজে নিজৰ চিকিৎসক হৈ গুগ্ল বা কোনোবা বাতৰিকাকত, আলোচনীত কিবা এটা ঔষধৰ বিষয়ে পঢ়ি লৈয়েই তাক ব্যৱহাৰ কৰোঁ, বাকী কথাখিনি লক্ষ্য নকৰাকৈ৷ যাৰ পৰিপ্রেক্ষিতত কেতিয়াবা এটা ৰোগ ভাল কৰিবলৈ যাওঁতে আন এটা ৰোগক নিমন্ত্রণ জনাওঁ অজানিতে৷ উদাহৰণস্বৰূপে ৰোগৰ প্রতিৰোধ ক্ষমতা বঢ়াবৰ বাবে ক’ৰোনাৰ সময়ত এটা আয়ুর্বেদিক ঔষধ খুব নাম লোৱা হৈছে সেইটো হৈছে গিলয়৷ কিন্তু গিলয় যদি উচ্চ ৰক্তচাপ আৰু মধুমেহ ৰোগীৰ বাবেহে লাভজনক তেতিয়াহ’লে উক্ত ৰোগ নথকাজনৰ বাবে ই কিমানদূৰ ফলপ্রসূ হ’ব? গিলয়ৰ প্রকৃত ব্যৱহাৰৰ বিষয়ে চিকিৎসকৰ পৰামর্শ নোলোৱাকৈ যদি কোনোবাই ৰোগ প্রতিৰোধ ক্ষমতা বাঢ়ক বুলি প্রতিদিনে ব্যৱহাৰ কৰে, তেতিয়া হয়তো হিতে বিপৰীত হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি নিশ্চয়কৈ৷ এবাৰ টেলিভিছনৰ এটা সাক্ষাৎকাৰত গুণাৰাম খনিকৰে কৈছিল যে নিমপাত শৰীৰৰ বাবে বহু ক্ষেত্রত উপকাৰী৷ কিন্তু উপকাৰী হ’ল বুলি নিমপাত সদায় খাব নালাগে, মাত্র সপ্তাহত এদিনহে খাব লাগে৷ যদি কোনোবাই নিমপাত উপকাৰী বুলি প্রতিদিনে খায় তেতিয়া তেওঁৰ নার্ভ দুর্বল হোৱাৰ লগতে বিভিন্ন প্রকাৰৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে শৰীৰত৷ ঠিক সেইদৰে হয়তো প্রতিটো আয়ুর্বেদিক উপাদানৰ কিছু পৰিমাণে পার্শ্বক্রিয়া থাকে, সেয়েহে চিকিৎসক অথবা বিজ্ঞজনৰ পৰামর্শ অবিহনে কাৰোবাক দেখি, ক’ৰবাত লেখা এটা পঢ়ি বা ফেচবুকৰ দৰে সামাজিক মাধ্যমৰ তথ্যৰ ভিত্তিতেই যিকোনো বনৌষধি জধেমধে ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব লাগে৷
কথা এষাৰ আছে ‘আপোনাৰ সুস্বাস্থ্য আপোনাৰ হাতত৷’ এই কথাষাৰৰ প্রতি সচেতন হ’লেহে আমি নিজক স্বাস্থ্যৱান কৰি ৰাখিব পাৰিম৷ প্রতিটো ঔষধৰে ক্রিয়াৰ লগতে পার্শ্বক্রিয়া থাকিবই, গতিকে আয়ুর্বেদিক ঔষধহে, যিহেতু জধেমধে খালেও একো নহয় বুলি চিকিৎসকৰ পৰামর্শ অবিহনে খোৱাটো কেতিয়াও সুৰক্ষিত হ’ব নোৱাৰে৷ এই ধৰণৰ অবিবেচক কর্মৰ বাবে আমি কেতিয়াবা অতিকে বিপজ্জনক পৰিস্থিতিৰ সন্মুখীন হোৱাৰ সম্ভাৱনা থাকে৷ এই বিষয়ক প্রবন্ধ লিখা শ্রদ্ধাৰ চিকিৎসকসকলেও স্বাস্থ্য সম্পর্কীয় বিধান দিওঁতে খুঁটি–নাটি মাৰি বিষয়টো উপস্থাপন কৰাটো অতিকে প্রয়োজনীয়৷ ৰোগৰ লক্ষণ, ঔষধ হিচাপে যিকোনো খাদ্য গ্রহণৰ প্রকৃত পৰিমাণ, সময় লগতে ইয়াৰ পৰা হ’ব পৰা সম্ভাব্য কুফলসমূহো সঠিকভাৱে উল্লেখ কৰাটো সচেতনতাৰ পৰিচায়ক৷ এটা লেখাত উল্লেখ কৰা ধৰণে ৰোগৰ লক্ষণসমূহ সকলো ৰোগীৰ শৰীৰত একেই দেখা যাব বুলি আশা কৰিব নোৱাৰি৷ গতিকে কিতাপত পঢ়ি বা ইণ্টাৰনেট খুঁচৰি জধেমধে পার্শ্বক্রিয়াবিহীন বুলি বদ্ধমূল ধাৰণা লৈ বনৌষধি বুলিয়েই যিকোনো দ্রব্য গ্রহণ কৰিলে কেতিয়াবা ডাঙৰ সমস্যাৰ সৃষ্টি হৈ শৰীৰৰ ক্ষতি হ’ব পাৰে৷ স্বাস্থ্যই যিহেতু আমাৰ আটাইতকৈ মূল্যৱান সম্পদ৷ গতিকে স্বাস্থ্যৰ যথেষ্ট উপকাৰ সাধন কৰে যদিও যিকোনো বনৌষধ গ্রহণ কৰাৰ আগতে বিজ্ঞজনৰ লগত আলোচনা কৰি লওক, যাতে এইসমূহ খাদ্যই আমাৰ শৰীৰত বিপৰীত প্রতিক্রিয়া নকৰি আমাৰ ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধিৰ লগতে সুস্বাস্থ্যত অৰিহণা যোগায়৷