নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৃক্ক ৰোগ সম্পর্কে কিছু জানিবলগীয়া কথা

- ডাঃ বিশাল আগৰৱালা

    • সকলো বৃক্ক ৰোগেই দুৰাৰোগ্য নহয়৷ প্রথম অৱস্থাত ধৰা পৰিলে চিকিৎসাৰ দ্বাৰা বৃক্ক ৰোগৰ পৰা পৰিত্রাণ পাব পাৰি৷ বহু ক্ষেত্রত বেছিকৈ হোৱা বৃক্ক ৰোগীও কিছু পৰিমাণে সুস্থ হৈ উঠে৷ এনেদৰে ৰোগীৰ আয়ুস বৃদ্ধি হয়৷
    • বেছিসংখ্যক বৃক্ক ৰোগীৰ ইডিমা থাকে যদিও সকলোৰে এনে নহয়৷ কোনো কোনো বৃক্ক বিকল ৰোগীৰ শেষ অৱস্থালৈকে ইডিমা হোৱা দেখা নাযায়৷
    • প্রকৃততে দুয়োটা বৃক্কবেয়া হ’লেহে বৃক্ক বিকল হোৱা বুলি কোৱা হয়৷ সাধাৰণতে যদি কোনো লোকৰ এটা বৃক্ক সম্পূর্ণ বেয়া হৈ পৰে, তেতিয়াও কোনো সমস্যা দেখা নাযাব৷ এনে ক্ষেত্রত তেজত ইউৰিয়া আৰু ক্রিয়েটিনাইনৰ পৰিমাণ স্বাভাৱিক ৰূপত পোৱা যায়৷ কিন্তু যেতিয়া দুয়োটা বৃক্ক বেয়া হৈ পৰে, তেতিয়া অলাগতিয়াল পদার্থবোৰ শৰীৰত জমা হ’বলৈ ধৰে৷ তেতিয়া বর্ধিত ইউৰিয়া আৰু চেৰাম ক্রিয়েটিনাইনে বৃক্ক বিকলৰ প্রমাণ দিয়ে৷
    • প্রকৃততে বৃক্ক ৰোগীৰ শাৰীৰিক অৱস্থা অতি সংবেদনশীল হয়৷ সেয়ে সিদ্ধান্ত লোৱাৰ আগতে সদায় চিকিৎসকৰ পৰামর্শ গ্রহণ কৰিব লাগে৷ অন্যথা হিতে বিপৰীত হোৱাৰ সম্ভাৱনা অতি বেছি৷ বহু ক্ষেত্রত দেখা যায় বৃক্ক ৰোগীৰ প্রস্রাৱৰ পৰিমাণ কম হয় বাবে শৰীৰ ফুলি উঠা দেখা যায়৷ সেয়ে এনে ৰোগীয়ে পানী বহু কমকৈহে খোৱা দৰকাৰ৷ যি কি নহওক, বৃক্কৰ পাথৰি ৰোগৰ আৰু মূত্রনলীৰ সংক্রমণ হোৱা ৰোগীৰ যদি মূত্র কার্যপ্রণালী স্বাভাৱিক হৈ থাকে, তেতিয়া তেওঁলোকক যথেষ্ট পানী খাবলৈ কোৱা হয়৷
    • সাধাৰণতে ক্র’নিক বৃক্ক ৰোগৰ প্রথমাৱস্থাত কোনো লক্ষণ নাথাকে৷ পৰীক্ষাগাৰত পৰীক্ষাত পোৱা অস্বাভাৱিক পৰিমাণবোৰেই এই ৰোগীৰ একমাত্র সূচক৷ এনেধৰণৰ বহু ৰোগীয়েই উপযুক্ত চিকিৎসাত সুস্থ হৈ উঠে৷ কিন্তু কোনো কাৰণতে নিজৰ ইচ্ছা মতে বা আনৰ পৰামর্শ শুনি ঔষধ খোৱা বন্ধ কৰা অনুচিত৷ বৃক্ক ৰোগৰ বাবে খোৱা আহাৰ বাছ–বিচাৰ কৰাটো অতি প্রয়োজন, কিয়নো অতি সোনকালে ৰোগী বৃক্ক বিকলতাৰ দিশলৈ আগবাঢ়ে৷ এনে ৰোগীৰ অতি কম সময়ৰ ভিতৰত ডায়েলাইছিছ কৰিবলগীয়া হ’ব পাৰে৷ আনকি বৃক্ক সংৰোপণৰো প্রয়োজন হ’ব পাৰে৷
    • চিৰাম ক্রিয়েটিনাইনৰ অতি সামান্য বৃদ্ধিয়েও বৃক্কৰ দুর্বলতাৰ লক্ষণক সূচাব পাৰে আৰু সেয়ে ইয়াৰ প্রতি সচেতন হোৱা প্রয়োজন৷ বিভিন্ন ধৰণৰ বৃক্ক ৰোগে বৃক্কৰ কার্যকাৰিতা ধ্বংস কৰিব পাৰে৷ সেয়েহে বিশেষজ্ঞ (নেফ্র’লজিষ্ট)ৰ পৰামর্শ বিচৰা অতি প্রয়োজন৷ ক্র’নিক বৃক্ক ৰোগৰ বিভিন্ন অৱস্থাত চিৰাম ক্রিয়েটিনাইন বৃদ্ধিৰ প্রতি মন কৰোঁ আহক৷
    • ক্র’নিক বৃক্ক ৰোগৰ প্রাৰম্ভিক অৱস্থা ধাৰণাত্মক স্থিতিৰ ওপৰত অৱস্থিত৷ এই অৱস্থাত অতি কম পৰিমাণে চিৰাম ক্রিয়েটিনাইনৰ বৃদ্ধিয়ে বৃক্ক ৰোগৰ উপস্থিতিৰ কথাকে সূচাব৷ চিৰাম ক্রিয়েটিনাইনৰ পৰিমাণ যদি ১.৬ মিঃগ্রাম/ডি এল হয়, তেন্তে বুজা যায় যে বৃক্কৰ কার্যকাৰিতা ৪০ৰ পৰা ৫০ শতাংশ কমি গৈছে আৰু সেইটো স্পষ্ট৷ এই অৱস্থাত এজন বৃক্ক ৰোগীৰ চিকিৎসকৰ ওচৰত চিকিৎসা কৰাটোৱেই একপ্রকাৰ ব্যৱস্থা, যাৰ দ্বাৰা বহু দিন বৃক্ক ভালে ৰাখিবলৈ সক্ষম হয়৷ যেতিয়া চিৰাম ক্রিয়েটিনাইনৰ পৰিমাণ ৫.০ মিঃগ্রাম/ডি এল হয়, তাৰ অর্থ হৈছে বৃক্কৰ কার্যকাৰিতা ৭০ৰ পৰা ৮০ শতাংশ ধ্বংস হৈছে৷ এই মাত্রাই তীব্রভাৱে বৃক্কৰ কার্যকাৰিতা হ্রাস পোৱাটোকে বুজায়৷ এই অৱস্থাত সঠিক চিকিৎসা লোৱাটো অতি প্রয়োজন৷ কিন্তু মনত ৰখা উচিত যে এইটো এটা ক্র’নিক বৃক্ক ৰোগৰ শেষ অৱস্থা৷ যেতিয়া চিৰাম ক্রিয়েটিনাইনৰ পৰিমাণ ৯.০ মিঃগ্রাম ডি এল হয়, ইয়াৰ অর্থ হৈছে বৃক্কৰ ৯০ শতাংশই ধ্বংস হৈছে৷ এই পৰিমাণে বৃক্কৰ শেষ অৱস্থাৰ কথাকে সূচায়৷ এই অৱস্থাত ৰোগীৰ ঔষধৰ দ্বাৰা চিকিৎসা কৰিব পৰা নাযায়৷ বেছিভাগ ৰোগীক এই অৱস্থাত ডায়েলাইছিছ বা সংৰোপণ কৰাৰ প্রয়োজন হয়৷

 

 

লেখক কিডনী বিশেষজ্ঞ, জিএনআৰচি হাস্পতাল

You might also like