মোহনীয় দাঁতৰ গৰাকী হ’বলৈ কিদৰে দাঁত পৰিচর্যা কৰিব?
সুন্দৰ–সুগঢ়ী মুখ এখনৰ কাৰণে নিৰোগী দাঁত দুপাৰিৰ যে প্রয়োজন তাত উল্লেখ কৰাৰ নিষ্প্রয়োজন৷ সমান, সুগঠিত আৰু সুস্থ–সবল চিকচিকীয়া শ্বেত দন্ত বিন্যাস সকলো সৌন্দর্যপিপাসু ব্যক্তিৰ একান্ত কাম্য৷ দাপোণস্বৰূপ মুখমণ্ডলৰ প্রভূত বৰঙণি যোগান ধৰে এই আকর্ষণীয় অংগই৷ চালে চকুৰোৱা দুপাৰি মোহনীয় দাঁতৰ গৰাকী হ’বলৈ ল’ৰাই হওক বা ছোৱালী হওক সকলোৰে এটা সপোন৷ কিন্তু যৎকিঞ্চিৎ সচেতনতা আৰু সাৱধানতা অৱলম্বন কৰাৰ পৰা বিৰত থকাৰ ফলত সপোনসিদ্ধ দাঁতৰ ৰূপ–লাৱণ্যৰ পৰাও বহুযোজন বাটৰ দূৰত্বত অৱস্থান কৰিবলগীয়া হয় ৷
সাধাৰণতে দাঁত বুলি ক’লে মনৰ পর্দাত ভুমুকি মাৰে মুখৰ ভিতৰত শৃংখলিত শাৰীত কেইবাখণ্ডতো ভাগ হৈ থকা বগা, বগা হাডসদৃশ কেলচিয়ামজাতীয় অংগবিধক৷ এনামেল, ডেণ্টিন আৰু চিমেণ্টাম নামৰ তিনি প্রকাৰৰ কঠিন কলাৰে গঠিত দাঁত হৈছে মানৱ শৰীৰৰ ৭৯টা অংগৰ ভিতৰত অন্যতম এটা অংগ৷ শিশু এটাৰ মাতৃগর্ভত থাকোঁতে দাঁতৰ মুকুল অংকুৰিত হৈ ক্রমবিকাশৰ মাজেদি পাৰ হৈ জন্মৰ ছমাহ পিছত লাহে লাহে দুয়োপাৰিৰ তল–ওপৰ হনুত গজিবলৈ আৰম্ভ কৰা দেখা যায়৷ পৰৱর্তী সময়ত পূর্ণাংগ দাঁতত পৰিণত হৈ খাদ্যবস্তু চোবাই গুৰি কৰি ক্ষুদ্র ক্ষুদ্র কৰিবলৈ ব্যৱহাৰিত হয়৷ দাঁত মূলতঃ মেৰুদণ্ডী স্তন্যপায়ী প্রাণীৰ ক্ষেত্রত বিশেষকৈ চাৰিটা ভাগত বিভক্ত৷ যেনে– আগদাঁত বা ছেদক, কুকুৰ–দাঁত বা কৃন্তক, পুৰপেষক আৰু গুৰিদাঁত বা পেষক৷ ভিন ভিন কার্য সম্পাদন কৰা চাৰিওবিধ দাঁতৰ ভিতৰত আগদাঁতে খাদ্যবস্তু সৰু সৰু টুকুৰালৈ ৰূপান্তৰিত কৰে, কুকুৰ–দাঁতে খাদ্যবস্তু ছিঙে আৰু বাকী পুৰপেষক আৰু পেষক দাঁতে গুডি কৰে৷ গতিকে দেখা যায় খাদ্যবস্তুৰ পাচনক্রিয়াৰ প্রথম ঢ়াপ সম্পন্ন হয় শুভ্র দাঁতকেইটাৰ সবল নেতৃত্বত৷ খাদ্যবস্তু জীর্ণ যোৱাত ইমান গুৰুত্বপূর্ণ ভূমিকা পালন কৰা এই সোণসেৰীয়া উপাদানবিধক মানুহে অৱহেলা নকৰাও নহয়, যাৰ পৰিপ্রেক্ষিতত দন্তক্ষয়, দাঁতৰ বিষ, দাঁতৰ গুৰিৰ পৰা তেজ ওলোৱা, মুখৰ দুর্গন্ধ, দাঁতৰ সিৰসিৰণি, দাঁতৰ আলু বা মাৰিৰ ৰোগত ভোগা ৰোগীৰ সংখ্যা দিনকদিনে বৃদ্ধি পাই আহিছে৷
এইটো উল্লেখ নকৰিলেও হয় যে মানুহে পুৱা শুই শেতেলিৰ পৰা উঠাৰ পিছতে সর্বপ্রথম কামটো হ’ল দাঁত ব্রাছ কৰা৷ অর্থাৎ যিদৰে খাদ্যবস্তু জীর্ণ ক্রিয়াত পোনপ্রথমে সক্রিয়ভাৱে অংশগ্রহণ কৰে দাঁত দুপাৰিয়ে, ঠিক একেদৰে মানুহেও প্রাত্যহিক জীৱনশৈলীৰ শুভাৰম্ভণি কৰে দাঁত ব্রাছৰ যোগেদি৷ তত্রাচ মানুহ মুখগহ্বৰৰ নানা ৰোগৰ পৰা হাত সাৰিবলৈ অক্ষম হোৱাটো দৃষ্টিগোচৰ হয় কিয়? দৰাচলতে মুখগহ্বৰ পৰিষ্কাৰ–পৰিচ্ছন্ন কৰাৰ প্রধান ব্যৱস্থাটো হৈছে নিয়মিতভাৱে দাঁত ব্রাছ কৰা আৰু সকলো ব্যক্তিয়ে তাক পালন নকৰাও নহয়৷ কিন্তু তাৰ পৰা উপশম নোপোৱাৰ কাৰণৰ অনুসন্ধান কৰিলে দেখা যায়– সঠিক পদ্ধতিত দাঁত ব্রাছ নকৰা আৰু নিম্ন গুণগতমানৰ ব্রাছ ব্যৱহাৰ কৰা ইত্যাদি৷ সাধাৰণতে দেখা যায় মানুহে পুৱা শুই উঠি টুথব্রাছডাল মুখত ভৰাই ঘৰৰ পদূলিলৈ ওলাই আহে তাত মানুহ–দুনুহৰ লগত বার্তালাপত ব্যস্ত হৈ আধা ঘণ্টা বা এক ঘণ্টা সময় অতিবাহিত কৰি ঘৰলৈ আহি মুখখন পখালি পুৱা চাহকাপত চুমুক দিয়ে, কেতিয়াবা কেতিয়াবা আকৌ টুথব্রাছডাল মুখত সুমুৱাই লৈ জগিঙৰ বাবে ঢ়াপলি মেলিছে, এক ঘণ্টাজোৰা জগিঙৰ অন্তত ঘৰলৈ আহি মুখ–হাত ধুই নিত্য নৈমিত্তিক কার্যৰ বাবে সাজু হৈছে৷ কেতিয়াবা কেতিয়াবা আকৌ দেখা যায় ছিদ্র নথকা ব্যস্ততাৰ আধুনিকতাত পৰি লৰালৰিকৈ টুথপেষ্টখিনি টুথব্রাছডালত লগাই দুই–এবাৰ দাঁতকেইটা মাজি মোখনি মাৰিছে৷ গতিকে সঠিক পদ্ধতি অৱলম্বন নকৰি জধেমধে দাঁত ব্রাছ কৰাৰ ফলত মুখগহ্বৰ নামতহে পৰিষ্কাৰ হৈ পৰে কার্যতঃ কিন্তু হৈ নুঠে৷
স্মর্তব্য যে টুথব্রাছ কিমান সময় কৰিছে, কিমানবাৰ কৰিছে, কি টুথব্রাছ নির্বাচন কৰিছে, এডাল টুথব্রাছ কিমান দিনলৈ ব্যৱহাৰোপযোগী হৈ থাকে, কি টুথপেষ্ট নির্বাচন কৰিছে, জিভাখন কেনেকৈ পৰিষ্কাৰ কৰিছে, কুলকুলি কৰিছেনে সঠিকভাৱে ইত্যাদি ওপৰত মুখগহ্বৰৰ স্বাস্থ্যানুকূলতা বহুলাংশে নির্ভৰশীল৷ আমাৰ কাৰণে অত্যন্ত সন্তোষজনক কথাটো হ’ল যে দন্ত চিকিৎসকসকলে তাৰ সদুত্তৰ বা বিধান নিশ্চিত ৰূপত অতি সুন্দৰভাৱে আগবঢ়াই আহিছে আমি মাথোঁ তাক আখৰে আখৰে পালন কৰিলেই হ’ল৷ আমি পালন নকৰাও নহয় কিন্তু আখৰে আখৰে নহয়৷ প্রথম প্রশ্ণৰ আঁত ধৰি অৱলোকন কৰিব বিচাৰোঁ মনোযোগেৰে প্রতিটো দাঁতক আৰু প্রতিটো পৃষ্ঠক স্পর্শ কৰাকৈ প্রায় দুই মিনিট কৰা ব্রাছক বিজ্ঞানসন্মত বুলি দন্ত চিকিৎসকসকলে দাবী কৰে৷ দাঁত দুপাৰিৰ প্রতিটো দাঁত আৰু দাঁতৰ পৃষ্ঠকেইটা ভালদৰে ব্রাছ কৰিলে যিকোনো ধৰণৰ লিকটীয়া বস্তু লাগি নাথাকি দাঁত দুপাৰি চিকচিকীয়া হৈ পৰে৷ একেদৰে প্রতিবাৰ খোৱাৰ পিছত দাঁত ব্রাছ কৰিব লাগে যদিও দিনটোত অতিকমেও দুবাৰ ব্রাছ কৰা অত্যন্ত জৰুৰী, পুৱা শোৱাৰ পৰা উঠাৰ পিছত আৰু নিশা শেষ আহাৰ গ্রহণ কৰা পিছত বুলি দন্ত বিশেষজ্ঞসকলে মত পোষণ কৰে৷ আকৌ তৃতীয় প্রশ্ণটোৰ উত্তৰ বিচাৰি গ’লে দেখা যায় বিধিসন্মত এডাল টুথব্রাছৰ ব্যৱহাৰিক উপযোগী হৈ থাকে প্রায় ছমাহ৷ ছমাহ পিছত সেই ব্রাছডাল ব্যৱহাৰৰ অনুপযোগী হৈ পৰে যদিও আমি তাক ব্যৱহাৰ কৰি থাকোঁ৷ কিন্তু যদি ছমাহ নৌহওঁতেই ব্রাছডালৰ বুৰুজবোৰ বেঁকাবেঁকি হৈ যায় তেতিয়া তাক সলনি কৰি নতুন গুণগত পৰিমাত্রাৰ ব্রাছ ব্যৱহাৰ কৰাই শ্রেয় বুলি দন্ত চিকিৎসকসকলে উপদেশ দিয়ে৷ একেদৰে টুথব্রাছৰ লেখীয়াকৈ টুথপেষ্টৰো দাঁত পৰিষ্কৰণত এক অনবদ্য ভূমিকা পালন যে নকৰে এনে নহয়৷ প্রাচীনকালত মানুহে ছাই, এঙাৰ আৰু নিমখ আদি ব্যৱহাৰ কৰিছিল যদিও এতিয়া বজাৰত উপলব্ধ নানা ধৰণৰ মেডিকেটেড টুথপেষ্টে দাঁত ব্রাছ কৰা বাবে অধীৰ আগ্রহেৰে বাট চাই থাকে৷ টুথপেষ্টবোৰে দাঁত নিকা কৰাৰ লগতে এণ্টিচেপ্ঢিকৰ ভূমিকা পালন কৰাৰ বাবে অভিজ্ঞ দন্ত চিকিৎসকৰ পৰামর্শ লোৱাৰ কথাটো বাৰুকৈয়ে প্রশংসনীয়৷ কোৱা বাহুল্য যে আমাৰ জিভাখনৰ পৃষ্ঠভাগ বৰ খহটা৷ এই খহটা পৃষ্ঠত খাদ্যবস্তুৰ অৱশিষ্ট ক্ষুদ্র ক্ষুদ্র অংশ লুকাই থাকি জিভাখন অপৰিষ্কাৰ হৈ থাকে যিটো পানী পান কৰিলেও আঁতৰ হৈ নাযায়৷ গতিকে তাক পৰিষ্কাৰকৈ কৰিবলৈ টুথব্রাছডালেৰে জিভাখনকো ব্রাছ কৰিবলৈ উপদেশ নিদিয়াও নহয়৷ শেষৰ প্রশ্ণটোৰ উত্তৰৰ আঁত বিচাৰি গ’লে দেখা যায় মুখগহ্বৰত যাতে কোনো অৱশিষ্ট খাদ্যকণা ৰৈ নগৈ বীজাণু সংক্রমণৰ পথ প্রশস্ত নহয়, তাৰ বাবে প্রতিবাৰ খাদ্য গ্রহণৰ পিছত মুখখন পৰিষ্কাৰ পানীৰে কুলকুলি কৰিবলৈ পৰামর্শ দিয়ে৷