নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্রাজিলৰ ৰাষ্ট্রপতি জাইৰ ব’লছ’নাৰোৰ বিৰুদ্ধে ছিনেটৰ তদন্ত

নিয়মীয়া বাৰ্তা ১০ এপ্ৰিলঃ ক’ভিড–১৯ মহামাৰীয়ে অভাৱনীয় দুর্যোগ সৃষ্টি কৰিছে ব্রাজিলত৷ প্রতিদিনে দেশখনত ক’ভিড মহামাৰীত প্রাণ হেৰুৱাইছে গড়ে চাৰি সহস্রাধিক লোকে৷ বিগত ২৪ ঘণ্টাত দেশখনত ৪,২৪৯গৰাকী লোকৰ ক’ভিডত আক্রান্ত হৈ মৃত্যু হৈছে৷ উল্লেখনীয় যে দেশখনত এতিয়ালৈকে ক’ভিডত আক্রান্ত হৈছে ১৩.২ নিযুত লোক৷ বিগত ২৪ ঘণ্টাত নতুনকৈ দেশখনত আক্রান্ত হৈছে ৮৬,৬৫২গৰাকী লোক৷ লক্ষণীয়ভাৱে ৰাষ্ট্রপতি জাইৰ ব’লছ’নাৰোৱে এই মহামাৰী প্রতিৰোধৰ ক্ষেত্রত যাৱতীয় ব্যৱস্থা গ্রহণ নকৰা বিষয়টোক লৈ দেশখনৰ ছিনেটে আৰম্ভ কৰিছে তদন্ত৷ বিভিন্ন চহৰত ক’ভিডত আক্রান্ত হৈ তিলতিলকৈ মানুহে মৃত্যুক আঁকোৱালি লোৱাৰ সময়তে ৰাষ্ট্রপতিগৰাকীয়ে মহামাৰীক লৈ কেৱল টুলুঙা মন্তব্য কৰি আছে৷

You might also like