মহাজোঁটৰ বিধায়ক বিজেপিলৈ গ’লে ঘৰ জ্বলাই দিব ৰাইজে
হর্ছ ট্রেডিঙৰ আশংকাত ভোগা ৰিপুণ বৰাৰ বিস্ফোৰক মন্তব্য
নিয়মীয়া বাৰ্তা ১২ এপ্ৰিলঃ হর্ছ ট্রেডিঙৰ শংকাত কংগ্রেছে মহাজোঁটৰ অংশীদাৰ দল এ আই ইউ ডি এফ আৰু বি পি এফৰ দলীয় প্রার্থীসকলক ৰাজস্থান আৰু ছত্তিশগড়ৰ বিলাসী হোটেলত আবদ্ধ কৰি ৰাখিছে৷ বিজেপিৰ হর্ছ ট্রেডিঙৰ কবলত পৰি মহাজোঁটৰ কোনো বিধায়ক যদি বিজেপিলৈ যায়, সমষ্টিৰ ৰাইজে তেওঁলোকক শুদাই নেৰিব বুলি মন্তব্য কৰিছে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই৷ সভাপতি বৰাই লগতে তেনে বিধায়কৰ ঘৰ–দুৱাৰ জ্বলাই ৰাইজে সাংঘাতিক অৱস্থা কৰিব বুলিও বিস্ফোৰক মন্তব্য কৰে৷ নির্বাচনৰ পাছত ৰাইজৰ অনুভূতিক প্রতাৰণা কৰিলে সাংঘাতিক পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব বুলিও তেওঁ তাৎপর্যপূর্ণ মন্তব্য প্রকাশ কৰে৷ সংবাদ মাধ্যমৰ আগত সভাপতি বৰাই অসমতো বিজেপিয়ে হর্ছ ট্রেডিং কৰাৰ আশংকা আছে বুলি উল্লেখ কৰি কয় যে বিজেপি হর্ছ ট্রেডিঙৰ মাষ্টৰ৷ গোৱাত বিজেপিয়ে হর্ছ ট্রেডিং কৰি চৰকাৰ গঠন কৰিলে৷ মধ্যপ্রদেশ, কর্ণাটকতো বিজেপিয়ে হর্ছ ট্রেডিং কৰি কংগ্রেছৰ চৰকাৰ ভাঙিলে৷ মণিপুৰতো হর্ছ ট্রেডিং কৰি চৰকাৰ কৰিলে৷ ৰাজস্থানতো হর্ছ ট্রেডিং কৰি বিজেপিয়ে চৰকাৰ কৰাৰ চেষ্টা কৰিছিল যদিও নোৱাৰিলে৷ অসমতো বিজেপিৰ এইবাৰ উপায় নাই৷ তেওঁলোকে যিকোনো পদ্ধতি ল’ব পাৰে৷ মহাজোঁটৰ বিধায়ক কিনি তেওঁলোকে চৰকাৰ কৰাৰ চেষ্টা কৰি আছে৷
অৱশ্যে বিজেপিৰ এই পদক্ষেপ অসমত সফল নহয় বুলি উল্লেখ কৰি সভাপতি বৰাই কয় যে প্রথম পর্যায়ৰ নির্বাচনত মহাজোঁটে ৪৭টা সমষ্টিৰ ভিতৰত ৩৫টাৰ অধিক সমষ্টি লাভ কৰিব৷ দ্বিতীয় পর্যায়ত নির্বাচন অনুষ্ঠিত হোৱা ৩৯টা সমষ্টিৰ ভিতৰত মহাজোঁটে ৩০খনৰ কম আসন নাপায়৷ তৃতীয় পর্যায়ত নির্বাচন অনুষ্ঠিত হোৱা ৪০টা সমষ্টিৰ ভিতৰত বিজেপিয়ে ৩–৪খন আসন লাভ কৰিব৷ মহাজোঁটে তৃতীয় পর্যায়ত ৩৫খনৰ কম আসন নাপায়৷ তৃতীয় পর্যায়ত ভোট অনুষ্ঠিত হোৱা গৰিষ্ঠসংখ্যক সমষ্টি কংগ্রেছ অথবা এ আই ইউ ডি এফৰ দখলত থাকিব৷ বিটিচিৰ আসনসমূহ বি পি এফৰ অধীনত থাকিব৷ সৰভোগ সমষ্টিটো মহাজোঁটৰ অংশীদাৰ দল চি পি আই (এম)–এ লাভ কৰিব৷ দ্বিতীয় পর্যায়ত ভোটগ্রহণ হোৱা ৰঙিয়া সমষ্টিও চি পি আই (এম)–এ লাভ কৰিব৷
আনহাতে, মহাজোঁটৰ অংশীদাৰ দল এ আই ইউ ডি এফ আৰু বি পি এফৰ দলীয় প্রার্থীসকলক ৰাজ্যৰ বাহিৰত একেলগে ৰখাৰ দৰে কংগ্রেছৰ প্রার্থীসকলকো তেনেদৰে ৰখাৰ ব্যৱস্থা কৰিব নেকি বুলি সোধা প্রশ্ণৰ উত্তৰত সভাপতি বৰাই কয় যে কংগ্রেছৰ প্রার্থীসকলক লৈ দলে এতিয়াও তেনেধৰণৰ চিন্তা কৰা নাই৷ কংগ্রেছৰ প্রার্থীসকল আদর্শগতভাৱে যথেষ্ট শক্তিশালী৷ তেওঁলোকৰ প্রতি দলৰ পূর্ণ বিশ্বাস আছে৷ তেওঁলোক কেতিয়াও আদর্শৰ পৰা বিচ্যুত নহয়৷ সেয়ে কংগ্রেছ প্রার্থীসকলক ৰাজ্যৰ বাহিৰলৈ নি ৰখাৰ বিষয়ে দলে কোনো চিন্তা কৰা নাই৷ সেইদৰে কংগ্রেছৰ একাংশ প্রার্থী জয়পুৰকে ধৰি ৰাজ্যৰ বাহিৰলৈ যোৱাৰ প্রসংগত সভাপতি বৰাই কয় যে যিসকল গৈছে, তেওঁলোকে নির্বাচনৰ ভাগৰ মাৰিবলৈহে গৈছে৷ নির্বাচনৰ সময়ত কৰা কষ্টৰ বাবে যথেষ্ট ভাগৰুৱা হৈ পৰিছে৷ সেয়ে ভাগৰ মৰাৰ বাবে কিছু প্রার্থী বাহিৰলৈ গৈছে৷