নাহৰলগুনত অঘটনঃ অৰুণাচলত অসমৰ দুজন শ্রমিকৰ শোকাৱহ মৃত্যু
নিয়মীয়া বাৰ্তা ১২ এপ্ৰিলঃ অৰুণাচল প্রদেশৰ নাহৰলগুনত দেওবাৰে ভূমিস্খলনৰ ফলত লখিমপুৰৰ দুজন শ্রমিকৰ কৰুণভাৱে মৃত্যু হয়৷ নাহৰলগুনৰ বৰপানীৰ এজন ব্যক্তিৰ ঘৰত কুঁৱা খান্দি থকা অৱস্থাত আজি পুৱা প্রায় ৮ বজাত উক্ত শোকাৱহ ঘটনাটো সংঘটিত হয়৷ লখিমপুৰ জিলাৰ ফটেহপুৰৰ আব্দুল আজিজ (২৮) আৰু আব্দুল হান্নান (২৫) নামৰ দুজন শ্রমিকে এটা কুঁৱা খান্দি থকা অৱস্থাত ঘটা ভূমিস্খলনৰ ফলত মৃত্যু হয়৷ কুঁৱাটো খান্দি থকা অৱস্থাত ভূমিস্খলন ঘটাত প্রথমে এজন যুৱকক মাটিয়ে পুতি পেলায়৷ পোত যোৱা যুৱকজনক উদ্ধাৰ কৰিবলৈ আনজন যুৱকো নামি যোৱাত পুনৰ ভূমিস্খলনৰ ফলত দুয়োৰে মৃত্যু হয়৷ পৰৱর্তী সময়ত এন ডি আৰ এফৰ সহযোগত এক্সকেভেটৰৰ সহায়ত দুয়োৰে মৃতদেহ উদ্ধাৰ কৰা হয়৷ যুৱক দুজনৰ অকাল মৃত্যুত ফটেহপুৰত শোকৰ ছাঁ পৰিছে৷