নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অগ্নিকবিলৈ লিখা পত্রত উন্মোচিত পদ্মনাথ গোহাঞিবৰুৱাৰ ভাষা প্রেম

ন দশক পূর্বেই অসমীয়া ভাষাক লৈ সন্দিহান আছিল সাহিত্য সভাৰ প্রথমগৰাকী সভাপতি

নিয়মীয়া বাৰ্তা ১২ এপ্ৰিলঃ চৈধ্য চেণ্টিমিটাৰ প্রস্থৰ আৰু ৯ চেণ্টিমিটাৰ দৈর্ঘ্যৰ এখন পোষ্ট কার্ড৷ ন দশক পূর্বৰ তেনে এখন পোষ্ট কার্ডতে অসমীয়া ভাষা প্রেমৰ নিদর্শন দাঙি ধৰিবলৈ সক্ষম হৈছিল স্বাভিমানী অসমীয়া পদ্মনাথ গোহাঞিবৰুৱাই৷ অসম সাহিত্য সভাৰ প্রথমগৰাকী সভাপতি তথা বন্তিৰ সম্পাদক পদ্মনাথ গোহাঞিবৰুৱাই অগ্ণিকবি কমলাকান্ত ভট্টাচার্যলৈ পোষ্ট কার্ডত প্রেৰণ কৰা এক পত্রত কার্যতঃ উন্মোচিত হৈছে দুই কৃতবিদ্য অসমীয়াৰ ভাষা প্রেম৷ নক’লেও চলে যে অসমীয়া ভাষাৰ স্বতন্ত্র শব্দ থকাৰ পাছতো বঙলুৱা অথবা আন প্রদেশী শব্দ ব্যৱহাৰ–প্রয়োগ কৰা বিষয়টোক লৈ চিন্তিত গোহাঞিবৰুৱাৰ অগ্ণিকবিলৈ আহ্বান– শুদ্ধ অসমীয়া শব্দাৱলী প্রস্তুত কৰি বন্তিত প্রকাশ কৰাৰ সহযোগ কৰক৷ ইতিমধ্যে এই প্রতিবেদকৰ হাতত পৰা গোহাঞিবৰুৱাৰ ১৯৩৩ চনৰ এপ্রিলৰ শেষৰ ফালে অগ্ণিকবিৰ গুৱাহাটীৰ উজানবজাৰৰ ঠিকনালৈ প্রেৰণ কৰা পোষ্ট কার্ডখনত মুঠ ৬টা বাক্যৰ দ্বিতীয় শাৰী বাক্যত এনেদৰে প্রকাশ কৰিছে মনৰ ভাব– আমাৰ খাচ অসমীয়া শব্দ থকাতো আজিকালি ন–লেখাৰুৱে তাৰ ঠাইত বঙলুৱা শব্দ লগাই লিখা যি দোষৰ কথা সিদিনা আপুনি কৈছিল, সেই দোষলৈ আঙুলিয়াই তেনেবোৰ শব্দৰ তালিকা এখন বন্তিত প্রচাৰ কৰিবলৈ অনতিপলমে পঠিয়াব৷ যেনে– অসমীয়া শব্দৰ আলমতে, বঙলুৱা বা আন প্রদেশী শব্দৰ জৰিয়তে, অসমীয়া অনতিপলম, বঙলুৱা বা সংস্কৃতীয় অনতিবিলম্ব ইত্যাদি৷

অসমীয়া ভাষা–সাহিত্যৰ কাণ্ডাৰীজনে আনকি একেখন পোষ্ট কার্ডতে এই শব্দাৱলী একেবাৰতে সম্পূর্ণকৈ নহ’লেও ক্রমশঃকৈ প্রচাৰ কৰা যাব পাৰে বুলি আশা প্রকাশ কৰিছে৷ তাৎপর্যপূর্ণ যে অসমীয়া ভাষা ৰক্ষাৰ এই ঘোষণাবিহীন আন্দোলনটোৰ মাজতে গোহাঞিবৰুৱাৰ পোষ্ট কার্ডখনতে কার্যতঃ উন্মোচিত হৈছে অসমীয়া লেখকৰ বঙলুৱা বা আন প্রদেশী শব্দপ্রীতি৷ খাচ অসমীয়া শব্দৰ ভঁৰাল টনকিয়াল হৈ থকাৰ সময়তে অনা–সমীয়া শব্দ প্রয়োগৰ অশুভ ধাৰাটো বাধা দিবলৈ অহোপুৰুষার্থ কৰাৰ প্রচণ্ড অসমপ্রেমী পদ্মনাথ গোহাঞিবৰুৱাই আনকি একেখন পোষ্ট কার্ডতে কমলাকান্ত ভট্টাচার্যক মিঃ জে বৰুৱাকো বন্তিলৈ প্রবন্ধ প্রেৰণৰ অনুৰোধ জনায়৷ উল্লেখ্য যে ভাব বিনিময়ৰ মাধ্যম ৰূপে ব্যৱহূত পৰাধীন ভাৰতৰ ডাক ব্যৱস্থাত পোষ্ট কার্ডৰ ভূমিকা অপৰিসীম৷ অতি কম পৰিসৰত প্রয়োজনীয় লেখাৰে পূর্ণ কৰা এই স্বাভিমানী অসমীয়া পদ্মনাথ গোহাঞিবৰুৱাৰ লগতে দার্শনিক ৰাধানাথ ফুকন, সু–সহিত্যিক তপন নাথ বৰা, আনন্দ চন্দ আগৰৱালা, কমলাকান্ত ভট্টাচার্য আদিৰ দৰে বৰেণ্য অসম হিতৈষীৰ প্রায় ৪ কুৰি পোষ্ট কার্ড সংৰক্ষণ কৰিছে বিশ্বনাথৰ বাঘমাৰীৰ টিকাৰাম উপাধ্যায় নির্ভীকে৷ এইজন ব্যক্তিৰ সংগ্রহত থকা এই পোষ্ট কার্ডসমূহ ১৯৩২ চনৰ পৰা ১৯৪৭ চনৰ ভিতৰত৷ পৰিষ্কাৰ আখৰৰ এই পোষ্ট কার্ডসমূহ একোখন কেৱল পত্রই নহয়, এয়া অসমীয়া সমাজ জীৱনৰ মহীৰূহৰ অসমীয়া ভাষা প্রেম আৰু সাহিত্য সাধনাৰ উজ্জ্বল স্তম্ভ৷ এনে নিঃস্বার্থ ব্যক্তিৰ প্রচেষ্টাৰ বাবেই আজিও নানা অথন্তৰৰ মাজত স্বমহিমাৰে মণ্ডিত হৈ আছে অসমীয়া ভাষা৷

You might also like