তিহাৰ জেলত সোমাল ক’ৰোনা
নিয়মীয়া বাৰ্তা, ১৩ এপ্ৰিলঃ দিল্লীত ভয়াৱহ ৰূপ ধাৰণ কৰা ক’ৰোনা ভাইৰাছে প্ৰৱেশ কৰিছে তিহাৰ জেলতো। দিল্লীস্থিত জেলখনত ৫২গৰাকী কয়দীৰ দেহত ক’ৰোনা ধৰা পৰাৰ লগতে
৭গৰাকী বিষয়াও আক্ৰান্ত হৈছে ক’ৰোনাত।
ইয়াৰে তিনিগৰাকী ক’ৰোনাক্ৰান্ত কয়দীৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। ২০ হাজাৰ কয়দী থকা জেলখনত প্ৰশাসনে আইচোলেচন চেণ্টাৰ স্থাপন কৰিবলৈ লোৱাৰ পিছতে এনেদৰে কয়দীৰ লগতে বিষয়াৰ মাজতো ক’ৰোনা সংক্ৰমিত হৈছে বুলি চৰ্চিত হৈছে।
উল্লেখ্য, যোৱা ৬ এপ্ৰিলত ১৯ গৰাকী কয়দীৰ দেহত ক’ৰোনা ধৰা পৰিছিল। সম্প্ৰতি জিলা প্ৰশাসনে জেলৰ চৌহদত জাৰি কৰিছে হাই এলাৰ্ট।