বিহু উপলক্ষে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ অসমবাসীলৈ শুভেচ্ছা
নিয়মীয়া বাৰ্তা, ১৪ এপ্ৰিলঃ ৰঙালী বিহু আৰু অসমীয়া নৱবর্ষ উপলক্ষে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে অসমবাসীলৈ আন্তৰিক শুভেচ্ছা আৰু ওলগ জনাইছে৷
এক প্রেছ বার্তাৰ জৰিয়তে মুখ্যমন্ত্রীয়ে কয় যে বিহু হ’ল অসমৰ জাতীয় জীৱনৰ অবিচ্ছেদ্য অংগ৷ কৃষিভিত্তিক এই উৎসৱে আমাৰ কর্মসংস্কৃতিৰো উজ্জ্বল নিদর্শন দাঙি ধৰি আহিছে৷ সংস্কৃতি হৈছে জাতীয় পৰিচয়–স্বাভিমানৰ মূর্ত প্রকাশ৷ সংস্কৃতিৰ মাজেৰে জাতীয় জীৱনৰ শক্তিশালী পৰম্পৰা আৰু কলাত্মক চেতনাৰ উন্মেষ সাধন হৈ আহিছে৷ আমাৰ বাৰেৰহণীয়া সাংস্কৃতিক জীৱনশৈলীত বিহুৱে এক গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰি আহিছে৷ বিহুৱে আমাৰ লোক–জীৱন, সাংস্কৃতিক চেতনা আৰু জনজীৱনৰ মাজত থকা সৌন্দর্য প্রকাশি আহিছে৷ ক’ভিড–১৯ৰ এই জটিল পৰিস্থিতিৰ সময়ত আয়োজিত এই উৎসৱৰ সময়ত যাতে স্বাস্থ্য বিভাগে ধার্য কৰি দিয়া সকলো নীতি–নিয়ম মানি চলি এই উৎসৱ উদযাপন কৰা হয় তাৰ প্রতি গুৰুত্ব দিয়াৰ বাবে মুখ্যমন্ত্রীয়ে অসমবাসীক আহ্বান জনায়৷
তেওঁ কয় যে এই ৰোগৰ সংক্রমণ প্রতিহত কৰাৰ দিশত বিগত সময়ত অসমবাসীয়ে যথেষ্ট কষ্ট স্বীকাৰ কৰাৰ উপৰি সফলতা লাভ কৰিছে৷ আগন্তুক সময়তো এনেধৰণৰ সতর্কতা অৱলম্বন কৰি ক’ৰোনা ৰূপী মহাব্যাধিক পৰাভূত কৰিব লাগিব৷ ইয়াৰ বাবে ৰঙালী বিহুৰ এই শুভক্ষণতে প্রতিগৰাকী অসমবাসীকে সংকল্পবদ্ধ হ’বলৈ মুখ্যমন্ত্রীয়ে আহ্বান জনায়৷
ৰঙালী বিহু উদযাপনে আমাৰ বর্ণাঢ়্য সংস্কৃতি বিকশাই তোলাৰ ক্ষেত্রত সকলোকে প্রেৰণা যোগোৱাৰ লগতে আমাৰ সাংস্কৃতিক মন জীপাল কৰি ঐক্যবদ্ধভাৱে আগবঢ়াৰ পৰিৱেশ নির্মাণ কৰিব বুলিও তেওঁ আশা প্রকাশ কৰে৷