নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুর্দান্ত জয়েৰে প্রত্যাৱর্তন মুম্বাই ইণ্ডিয়ানছৰ

নিয়মীয়া বাৰ্তা, ১৪ এপ্ৰিলঃ দুর্দান্ত জয়েৰে আই পি এলত প্রত্যাৱর্তন ঘটাইছে ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছে৷ মঙলবাৰে চেন্নাইত অনুষ্ঠিত মেচখনত মুম্বায়ে কলকাতা নাইট ৰাইডার্ছক ১০ ৰানত পৰাস্ত কৰে৷ অন্তিম অ’ভাৰত জয়ৰ বাবে কলকাতাক ১৫ ৰানৰ প্রয়োজন হৈছিল যদিও দুটা উইকেট হেৰুৱাই চাৰি ৰানহে সংগ্রহ কৰে৷

মঙলবাৰৰ মেচখনত মুম্বাইৰ জয়ৰ মূলতেই আছিল ৰাহুল চহৰৰ লগতে ট্রেণ্ট ব’ল্টৰ দর্শনীয় বলিং৷ মুম্বায়ে জয়ৰ বাবে বান্ধি দিয়া ১৫৩ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি কলকাতাই সাত উইকেটত ১৪২ ৰানহে কৰে৷ নীতিশ ৰাণাই ৫৭ আৰু শুভমন গিলে ৩৩ ৰান কৰে৷ মুম্বাইৰ হৈ ৰাহুলে চাৰিটা, ব’ল্টে দুটা আৰু ক্রুনালে এটা উইকেট লয়৷

ইয়াৰ পূর্বে কলকাতা নাইট ৰাইডার্ছৰ আমন্ত্রণক্রমে প্রথমে বেটিং কৰিবলৈ আহি দলটোৰ বলাৰৰ সুনিয়ন্ত্রিত বলিঙৰ সন্মুখত ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছে নির্ধাৰিত ২০ অ’ভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৫২ ৰান সংগ্রহ কৰিবলৈ সক্ষম হয়৷ সূর্যকুমাৰ যাদৱে মুম্বাইৰ হৈ সর্বাধিক ৫৬ ৰান কৰাৰ লগতে অধিনায়ক ৰোহিত শর্মাই ৪৩ ৰানৰ অৱদান আগবঢ়ায়৷ কলকাতা নাইট ৰাইডার্ছৰ বলাৰসকলৰ দুর্দান্ত বলিঙৰ সন্মুখত ৰোহিত আৰু সূর্যকুমাৰৰ বাহিৰে দলটোৰ কোনো এজন বেটছমেনেই ক্রিজত অধিক সময় তিষ্ঠিব নোৱাৰিলে৷

ৰোহিত শর্মা আৰু কুইণ্টন ডি ককে ইনিংছ মুকলি কৰে যদিও দলীয় স্ক’ৰ ১০ ৰানত ডি ককে দুই ৰান কৰি বিদায় লয়৷ অৱশ্যে ৰোহিত আৰু সূর্যকুমাৰে দ্বিতীয় উইকেটৰ যুটিত ৭৬ ৰান সংগ্রহ কৰি দলৰ বিপর্যয় ৰোধ কৰিছিল যদিও ব্যক্তিগত ৫৬ ৰানত সূর্যকুমাৰে বিদায় লোৱাৰ পিছতে দলটো পুনৰ বিপর্যয়ত পৰে৷ ঈশান কিশনে ১, হার্দিক পাণ্ডিয়াই ১৫, কিৰণ পোলার্ডে ৫ আৰু ক্রুনাল পাণ্ডিয়াই ১৫ ৰান কৰি বিদায় লয়৷ কলকাতাৰ হৈ আন্দ্রে ৰাছেলে সর্বাধিক পাঁচটা উইকেট লাভ কৰাৰ লগতে কামিনছে দুটা, বৰুণ, ছাকিব আৰু প্রসিদ্ধ কৃষ্ণই এটাকৈ উইকেট লয়৷

You might also like