নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি আৰচিবিৰে মুখামুখি হায়দৰাবাদৰ

নিয়মীয়া বাৰ্তা, ১৪ এপ্ৰিলঃ জয়ৰ ধাৰা অব্যাহত ৰখাৰ লক্ষ্যৰে আজি পুনৰ খেলপথাৰত নামিব বিৰাট কোহলি নেতৃত্বাধীন ৰয়েল চেলেঞ্জার্ছ বাংগালুৰু৷ উদ্বোধনী মেচত শক্তিশালী মুম্বাই ইণ্ডিয়ানছক পৰাস্ত কৰি আত্মবিশ্বাসী হৈ থকা কোহলি বাহিনীয়ে আজি ছানৰাইজার্ছ হায়দৰাবাদৰ বিৰুদ্ধে যুঁজিব৷

উদীয়মান অ’পেনাৰ দেৱদত্ত পাড়িকালৰ প্রত্যাৱর্তনে আৰ চি বিৰ বেটিং লাইনআপক অধিক শক্তিশালী কৰিব৷ ক’ভিড পজিটিভ হোৱা ২০ বছৰীয়া বেটছমেনগৰাকীৰ অনুপস্থিতিত প্রথম মেচত অধিনায়ক কোহলিয়ে ৱাশ্বিংটন সুন্দৰৰ সৈতে ইনিংছ মুকলি কৰিছিল৷ কিন্তু আজি পাড়িকালৰ সৈতে কোহলিয়ে ইনিংছ মুকলি কৰাটো নিশ্চিত৷

মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে বিস্ফোৰক বেটিঙেৰে আৰ চি বিলৈ ৰোমাঞ্চকৰ জয় কঢ়িয়াই অনা এবি ডি ভিলিয়ার্ছৰ পৰা দলটোৱে পুনৰ এবাৰ বেটিং বিস্ফোৰণ আশা কৰিব৷ অষ্ট্রেলিয়াৰ অলৰাউণ্ডাৰ গ্লেন মেক্সৱেলেও আৰ চি বিৰ হৈ প্রথমখন মেচত সুন্দৰ আৰম্ভণি কৰিবলৈ সক্ষম হৈছিল৷

ইফালে, ডেভিদ ৱার্নাৰ নেতৃত্বাধীন ছানৰাইজার্ছ হায়দৰাবাদে চলিত আই পি এলত প্রথমটো জয়ৰ লক্ষ্যৰে খেলপথাৰত নামিব৷
খেলৰ সময়: সন্ধিয়া ৭.৩০ বজা৷

You might also like