গণ সংক্রমণৰ আশংকাত উদ্বিগ্ন মহানগৰ প্রশাসনঃ নীতি–নির্দেশনা উলংঘাৰে চিটীবাছত যাত্রীৰ ভিৰ
নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ ক’ভিডৰ দ্বিতীয় ঢৌৱে ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ ৰাজ্যৰ ভিতৰতে ক’ভিডত আক্রান্তৰ সংখ্যা গুৱাহাটী মহানগৰীত ভয়াৱহভাৱে বৃদ্ধি পাইছে৷ সোমবাৰে ৪৮২ গৰাকী ক’ভিড আক্রান্তৰ সৈতে বিগত ১০টা দিনত সর্বমুঠ ২,৬৭০গৰাকী লোক ক’ৰোনাত আক্রান্ত হৈ ৰাজ্যৰ ভিতৰতে শীর্ষত আছে গুৱাহাটী মহানগৰী৷
ক’ভিড সংক্রমণ ৰোধৰ বাবে ৰাজ্য চৰকাৰে কেতবোৰ নীতি–নির্দেশনা জাৰি কৰিছিল৷ কিন্তু চৰকাৰৰ নীতি–নির্দেশনা উলংঘাৰে একাংশ অসচেতন লোকে মাস্ক পৰিধান নকৰাকৈ ঘূৰি ফুৰাৰ লগতে সামাজিক দূৰত্ব নৰখাকৈ বজাৰ–সমাৰ কৰি ফুৰা পৰিলক্ষিত হৈছে৷
গুৱাহাটী মহানগৰীত প্রতিদিনে উদ্বেগজনকভাৱে ক’ভিডত আক্রান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ পিছতো মহানগৰীত চলাচল কৰা চিটীবাছত সামাজিক দূৰত্ব আৰু মাস্ক পৰিধান নকৰাকৈ যাত্রীসকলে অহা–যোৱা কৰি আছে৷
ক’ভিড–১৯ৰ প্রথমটো ঢ়ৌত ৰাজ্য চৰকাৰৰ নির্দেশনা অনুসৰি পৰিবহণ বিভাগক ৫০ শতাংশ যাত্রী লৈ চিটীবাছ চলাচলৰ অনুমতি প্রদান কৰিছিল৷ কিন্তু ক’ৰোনাৰ দ্বিতীয় ঢৌত ৰাজ্যৰ ভিতৰতে আক্রান্তৰ সংখ্যাৰে শীর্ষত থকা গুৱাহাটী মহানগৰীত ক’ভিড নীতি–নির্দেশনা উলংঘাৰে চিটীবাছ চলাচল কৰি থকাৰ লগতে একাংশ অসচেতন যাত্রীয়ে মাস্ক পৰিধান নকৰাকৈ আৰু সামাজিক দূৰত্ব বজাই নৰখাকৈ যাতায়াত কৰি আহিছে৷
ক’ভিডৰ ভয়াৱহতাৰ প্রতি গুৰুত্ব প্রদান নকৰাকৈ এনেদৰে বিপদসংকুলভাৱে চিটীবাছত যাত্রীসকলে অহা–যোৱা কৰা বিষয়টোৱে সচেতন ৰাইজক হতচকিত কৰি তুলিছে৷ যদিহে এনেদৰে মাস্ক পৰিধান নকৰাকৈ আৰু সামাজিক দূৰত্ব বজাই নাৰাখি চিটীবাছত যাত্রীসকলে যাতায়াত কৰি থাকে, তেন্তে অনাগত দিনত গুৱাহাটী মহানগৰীত ক’ৰোনাই গণ সংক্রমণৰ ৰূপ ল’ব৷
ইফালে, ক’ভিডৰ সংক্রমণ ৰোধৰ বাবে মহানগৰ জিলা পৰিবহণ বিভাগে গুৰুত্ব প্রদান নকৰা বিষয়টোক লৈ ৰাইজে বিভাগটোৰ বিষয়াক সমালোচনা কৰিছে৷ ক’ভিডৰ সংক্রমণ ৰোধৰ বাবে ৰাজ্য চৰকাৰে নির্দেশনা জাৰি কৰাৰ লগতে মহানগৰ জিলা প্রশাসনেও ৰাইজক নীতি–নির্দেশনাসমূহ মানি চলিবলৈ আহ্বান জনাইছে৷ কিন্তু একাংশ অসচেতন লোকে মাস্ক পৰিধান নকৰাকৈ আৰু সামাজিক দূৰত্ব বজাই নৰখাকৈ চিটীবাছত যাত্রা কৰাৰ লগতে ব্যক্তিগত বাহনেৰেও আন একাংশই চলাফুৰা কৰি আছে৷
পৰিবহণ বিভাগৰ দায়িত্বজ্ঞানহীনতাৰ বাবেই বেতকুছিস্থিত আইএছবিটিত ক’ভিড সংক্রমণ ৰোধৰ ব্যৱস্থা নোলোৱাকৈয়ে যাত্রীসকলে টিকট লোৱাৰ লগতে আইএছবিটিৰ পৰা ৰাজ্যৰ বিভিন্ন স্থানলৈ যাতায়াত কৰি অহা পৰিলক্ষিত হৈছে৷ সেয়েহে ক’ভিডৰ ভয়াৱহতা আৰু সংক্রমণ ৰোধৰ বাবে শীঘ্রে ব্যৱস্থা গ্রহণ কৰাৰ লগতে নীতি–নির্দেশনা জাৰি কৰিবলৈ সচেতন ৰাইজে চৰকাৰক আহ্বান জনাইছে৷