নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আই চি ইউ বেডক লৈ কি সিদ্ধান্ত ল’লে ৰাজ্যৰ স্বাস্থ্য বিভাগে

নিয়মীয়া বাৰ্তা, ২১ এপ্ৰিলঃ আজি ৰাজ্যৰ শিক্ষা-স্বাস্থ্য বিভাগ আৰু কামৰূপ মহানগৰ জিলাৰ বিষয়াৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পোৱা ক’ৰোনাৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত এই বৈঠকৰ অন্তত আইচিইউ বেড সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে কেইবাটাও গুৰুত্বপূৰ্ণ কথা।

ড০ শৰ্মাই জনোৱা মতে, জি এম চি এইচত ৮১খন আই চি ইউ বেড সাজু কৰা হ’ব। ইয়াৰ লগতে কিছু সময় লৈ আন ৫০খন আই চি ইউ বেড নিৰ্মাণ কৰা হ’ব জিএমচি চৌহদত।

আনহাতে, এম এম চি হাস্পতালত বৰ্তমান আই চি ইউ বেড আছে ২৪খন, কালাপাহাৰ হাস্পতালত আছে ৩৮খন, তাৰ লগত আন ৩০খন আই চি ইউ বেড যোগ কৰা হ’ব।

ধীৰেনপাৰাৰ মেটাৰনিটী হাস্পতালখন আজিৰ পৰা ক’ভিড হাস্পতাললৈ পৰিৱৰ্তন কৰা হ’ব, তাত ৫০খন আইচিইউ বেড যোগ কৰা হ’ব।

ইয়াৰ  লগতে মন্ত্ৰীগৰাকীয়ে  খানাপাৰা ফিল্ডত ক’ভিড কেয়াৰ চেণ্টাৰ নিৰ্মাণ কৰাৰ সলনি তাত ১০০খন আইচিইউ বিছনাযুক্ত এটা কেন্দ্ৰ বনোৱাৰ চিন্তা কৰা হৈছে। এইক্ষেত্ৰত ইয়াৰ প্ৰযুক্তিগত দিশটো চাবলৈ পি ডব্লিউ ডিক নিৰ্দেশ দিয়া হৈছে।

You might also like