28000 টকাৰে পানী ভৰ্তি ৰেমদেচিভিৰ বিক্ৰী কৰি গ্ৰেপ্তাৰ দুই প্ৰৱঞ্চক
নিয়মীয়া বাৰ্তা ২২ এপ্ৰিলঃ এফালে কৰোনাৰ সংহাৰ আনফালে কলা বেপাৰীয়েও যেন সুযোগ গ্ৰহণ কৰিবলৈ এৰা নাই। তেনে এক ঘটনা সংঘটিত হৈছে নাগপুৰত। মঙলবাৰে আৰক্ষীয়ে জনোৱা অনুসৰি নাগপুৰৰ সক্কৰদাৰা অঞ্চলত ২৮,০০০ টকাৰে পানীৰে ভৰ্তি ৰেমদেচিভিৰ বিক্ৰী কৰাৰ অভিযোগত দুজন লোকক গ্ৰেপ্তাৰ কৰা হয়।
আৰক্ষীয়ে জনোৱা মতে অভিলাষ পেটকাৰ (২৮) আৰু অনিকেত নন্দেশ্বৰ (২১) দুয়োএক্স-ৰে টেকনিচিয়ান হিচাপে কাম কৰি থকা এজন ব্যক্তিক এনে দুটা ভুৱা ঔষধ বিক্ৰী কৰিছিল। প্ৰথমে তাৰ মূল্য ৪০০০০ টকা আৰু পিছত দৰদাম কৰি ২৮০০০ বিক্ৰী কৰা হৈছিল।
ৰেমদেচিভিৰ কিনাৰ পিছত আত্মীয় এজনৰ সন্দেহ হয় আৰু তাৰ পিছত এই সন্দৰ্ভে আৰক্ষীৰ কাষ চাপিছিল। অৱশেষত আৰক্ষীৰ জালত দুই ভুৱা বেপাৰী গ্ৰেপ্তাৰ হবলৈ সক্ষম হয়। বৰ্তমান দুয়োজনৰে আৰক্ষী থানাত জেৰা অব্যাহত আছে।
উল্লেখ্য যে কিছুমান কোভিড-১৯ আক্ৰান্ত ৰোগীৰ বাবে ৰেমদেচিভিৰ কাৰ্যকৰী হিচাপে পৰিগণিত হৈছে। যাৰ পৰিপেক্ষিতত কলা বজাৰত ইয়াক দুগুণ মূল্যত বিক্ৰী কৰা হৈছে।