নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীত আৰক্ষীৰ তৎপৰতাত বাচিল তিনি শতাধিক ক’ভিড ৰোগী

নিয়মীয়া বাৰ্তা, ২৩ এপ্রিলঃ দেশৰ ৰাজধানী দিল্লীৰ হাস্পতালে হস্পতালে প্রচণ্ড নাটনি অক্সিজেনৰ৷ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে এই সন্দর্ভত কেন্দ্রীয় চৰকাৰক বাৰম্বাৰ অনুৰোধ কৰি আছে৷ কেন্দ্রই যোগান ধৰিলেও অক্সিজেন পর্যাপ্ত নোহোৱাত দিল্লীৰ হাস্পতালত ক’ভিড ৰোগীৰ প্রাণহানি হৈছে৷

যোৱানিশা দক্ষিণ দিল্লীৰ আৰক্ষীয়ে বাট্রা হাস্পতালত অক্সিজেনৰ অভাৱ সন্দর্ভত হাস্পতালৰ মুখ্য অভিযন্তা আৰ কে বানিয়ালৰ পৰা জানিব পাৰি ততালিকে অক্সিজেনৰ যোগান ধৰে৷ আৰক্ষীৰ এই তৎপৰতাৰ বাবেই বাট্রা হাস্পতালত চিকিৎসাধীন হৈ থকা প্রায় ৩৫০ ৰোগীৰ জীৱন ৰক্ষা পৰে৷

উল্লেখ্য যে বাট্রা হাস্পতালৰ বানিয়ালে হাস্পতালখনত মাত্র ২ ঘণ্টাৰ বাবে অক্সিজেন থকা বুলি দক্ষিণ দিল্লীৰ আৰক্ষীক অৱগত কৰায়৷ লগে লগে বাট্রা হাস্পতালত উপস্থিত হয় আৰক্ষীৰ শীর্ষ বিষয়াসকল৷ পৰিস্থিতিৰ বুজ লৈ ততালিকে আৰক্ষীয়ে বদৰপুৰ অঞ্চলৰ পৰা ৬০টাতকৈ অধিক অক্সিজেনৰ চিলিণ্ডাৰ আনি হাস্পতাল কর্তৃপক্ষক যোগান ধৰে৷

ইয়াৰ ফলত নিশ্চিত মৃত্যুৰ পৰা ৰক্ষা পৰে হাস্পতালৰ ভেণ্টিলেটৰত থকা ৰোগীসকল৷ আৰক্ষীৰ এই পদক্ষেপক চিকিৎসালয় কর্তৃপক্ষৰ লগতে অঞ্চলবাসীয়ে ভূয়সী প্রশংসা কৰিছে৷

You might also like