নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰহাত শনিবাৰে পুনৰ ২২জন কভিডত আক্ৰান্তঃ পহুপুৰী গাঁৱত তৃতীয়টো দিনত ৪৫ জন আক্ৰান্ত

ৰহাত মুঠ ৯৩ জনলৈ বৃদ্ধি কভিড আক্ৰান্ত

নিয়মীয়া বাৰ্তা  ২৪ এপ্ৰিল:-ৰাজ্যৰ চৌদিশে মহামাৰী কভিড-১৯ ভয়ংকৰ সংক্ৰমণৰ লগতে নগাঁও জিলাৰ ৰহাতো ব্যাপক ৰূপত কভিডত সংক্ৰমণ হৈছে প্ৰায় শতাধিক লোক। স্বাস্থ্য বিভাগৰ এক সূত্ৰৰ পৰা জানিব পৰামতে ২৩ এপ্ৰিল পৰ্যন্ত ৰহা ৰাজ্যিক চিকিৎসালয়ৰ অন্তৰ্গত এলেকাত ৭১জন লোকৰ দেহত কভিড পজিটিভ ধৰা পৰা পাছত আজি ২৪ এপ্ৰিল তাৰিখে পুনৰ ২২জন লোকৰ দেহত কভিড পজিটিভ ধৰা পৰিছে।

উল্লেখ্য যে, ৰহাৰ নিকটৱৰ্তী পহুপুৰী গাঁওখনত তিনিদিন পূৰ্বে আঠজনকৈ লোকৰ দেহত কভিড পজিটিভ ধৰা পৰা পাছত ৰহা স্বাস্থ্য  দৈনিক পৰীক্ষা চলোৱাত দুটাদিনত ২৬ জনলৈ বৃদ্ধি পোৱাত কালি নগাঁও জিলা প্ৰশাসনে কনটেইন্টমেন্ট জ’ন ঘোষণা কৰিছে। কিন্তু আজিও স্বাস্থ্য বিভাগে পুনৰ পৰীক্ষা কৰাত গাঁওখনত পুনৰ ১৯ জন লোকৰ কভিড পজিটিভ ধৰা পৰাত গাঁওখনৰ কভিডৰ সংখ্যা ৪৫ জনলৈ বৃদ্ধি পালে। অন্যহাতে ৰহাৰ অন্যঠাইটো পৰীক্ষা কৰাত দিনটোত ৩জন সহ মুঠ ২২ জন লোক এটা দিনতে ৰহাত আক্ৰান্ত হয়।

ইয়াৰ ফলত শনিবাৰলৈকৈ ৰহাত কভিডত আক্ৰান্তৰ সংখ্যা ৯৩ জনলৈ বৃদ্ধি পোৱাত তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে। জানিব পৰা মতে পহুপুৰী গাঁৱত গণসংক্ৰমণৰ বাবে দৈনিক বৃদ্ধি পাবলৈ ধৰিছে কভিড আক্ৰান্তৰ সংখ্যা। ইতিমধ্যে ৰহা স্থানীয় প্ৰশাসন আৰু স্বাস্থ্য বিভাগে পহুপুৰী গাঁওখন ১৪ দিনলৈ প্ৰৱেশ আৰু প্ৰস্থান বন্ধ কৰিছে।

You might also like