নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পদ্মভূষণ ডাঃ ভূমিধৰ বর্মনৰ প্রাপ্য

বেলশৰত প্রাক্তন মুখ্যমন্ত্রীলৈ শ্রদ্ধার্ঘ্য ড০ শর্মাৰ

নিয়মীয়া বাৰ্তা ২৬ এপ্ৰিলঃ অসমৰ প্রাক্তন মুখ্যমন্ত্রী ডাঃ ভূমিধৰ বর্মনৰ স’তে মোৰ নিবিড সম্পর্ক আছিল৷ ১৯৯১ চনৰ পৰা ডাঃ বর্মনৰ সৈতে মোৰ আছিল সান্নিধ্য ৷ ৰাজ্যৰ বিত্ত, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, লোকনির্মাণ আদি বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি নলবাৰীৰ বেলশৰত প্রয়াত প্রাক্তন মুখ্যমন্ত্রী ভূমিধৰ বর্মনৰ ঘৰৰ শোকসন্তপ্ত পৰিয়ালবর্গৰ খবৰ ল’বলৈ আহি সংবাদ মাধ্যমৰ সন্মুখত এইদৰে কয়৷

তেওঁ কয় যে অসমৰ জাতীয় জীৱনৰ প্রতি ডাঃ বর্মনৰ এক বিশেষ বৰঙণি আছিল৷বিশেষকৈ স্বাস্থ্য বিভাগৰ উন্নতি, মেডিকেল কলেজৰ উন্নয়ন, অসমৰ হাস্পতালসমূহৰ উন্নয়নত ডাঃ ভূমিধৰ বর্মনৰ অভূতপূর্ব বৰঙণি আছিল৷ ৰাজনৈতিক জীৱনত সর্বাধিক পদত অধিষ্ঠিত হোৱাৰ পিছতো তেওঁৰ বিষয়ে বেয়াকৈ কোৱা মানুহ নাছিল৷ এক কথাত ক’ব লাগিলে, তেওঁ সকলোৰে প্রিয় আছিল৷ মই ভাবোঁ অতি সহজ–সৰল মনৰ মানুহক আমি হেৰুৱালোঁ৷ ৰাজনৈতিক, সামাজিক জীৱনৰ তেওঁৰ অভাৱ আমি বহুদিনলৈ পূৰণ কৰিব নোৱাৰিম

৷ ডাঃ বর্মনক মৰণোত্তৰভাৱে পদ্মভূষণ দিয়াৰ বাবে ৰাজ্য চৰকাৰে কিবা পদক্ষেপ ল’ব নেকি বুলি সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত মন্ত্রীগৰাকীয়ে কয়, ডাঃ বর্মনে নিঃসন্দেহে এনে সন্মান পোৱা উচিত৷ ডাঃ বর্মনক মৰণোত্তৰভাৱে পদ্মভূষণ দিয়াৰ বাবে ৰাজ্য চৰকাৰে নিশ্চয় চিন্তা–চর্চা কৰিব৷ ইপিনে, সাংবাদিকে সোধা আন এটা প্রশ্ণৰ উত্তৰত কয়, বর্তমান অসমত লকডাউনৰ প্রয়োজনীয়তা নাই৷ ৰাজ্যত শিক্ষানুষ্ঠান সম্পূর্ণৰূপে বন্ধ কৰা সন্দর্ভত সিদ্ধান্ত লোৱা হ’ব ২ মে’ৰ পিছত৷ অসমত বর্তমান অক্সিজেনৰ অভাৱ নাই৷ মজুত আছে অক্সিজেন৷ অসমত একোৰে অভাৱ হোৱা নাই৷ ভূটানতো অক্সিজেনৰ প্লাণ্ট আৰম্ভ কৰা হৈছে৷ মন্ত্রী ডাঃ বর্মনৰ বাসভৱনত আহিয়েই প্রথমে ডাঃ বর্মনৰ প্রতিচ্ছবিৰ সন্মুখত পুষ্পাঞ্জলি নিবেদন কৰি শ্রদ্ধা নিবেদন কৰে৷

You might also like