নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰা উচিতঃ উচ্চ ন্যায়ালয়, বন্ধ ৰাখিব পাৰে ভোটগণনা

নিয়মীয়া বাৰ্তা, ২৬ এপ্ৰিলঃ মাদ্ৰাজ উচ্চ ন্যায়ালয়ে ক’ৰোনাৰ দ্বিতীয় ঢৌৰ প্ৰকোপ অস্বাভাৱিকভাৱে বৃদ্ধিৰ বাবে নিৰ্বাচন আয়োগক দোষাৰোপ কৰে। আদালতে স্পষ্টভাৱে কয় যে ভোটগণনাক লৈ আয়োগে কি ব্যৱস্থা গ্ৰহণ কৰিছে, তাক লৈ ৩০ এপ্ৰিলৰ ভিতৰত জনোৱাত ব্যৰ্থ হ’লে ২ মে’ত ভোট গণনা নহ’ব।

আয়োগৰ বিষয়াসকলৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰা উচিত বুলিও মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ বন্দোপাধ্যায়ে প্ৰকাশ কৰে। মাদ্ৰাজ উচ্চ ন্যায়ালয়ে ক’ৰোনাই মুম্বাই, দিল্লীত প্ৰবল ৰূপ ধাৰণ কৰাৰ পিছতো চলি থকা নিৰ্বাচনৰ প্ৰচাৰৰ বিষয়ত নিৰ্বাচন আয়োগৰ ভূমিকাক লৈ উষ্মতা প্ৰকাশ কৰি কয়- ‘যেতিয়া নিৰ্বাচনী প্ৰচাৰ চলি আছিল, তেতিয়া আপোনালোক আন এটা গ্ৰহত আছিল নেকি? আদালতৰ নিৰ্দেশ সত্ত্বেও আয়োগে ক’ভিড প্ৰটোকল নিশ্চিত কৰিব নোৱাৰিলে কিয়?

ইয়াৰ পিছত ভোট গণনাৰ দিনা ক’ভিড প্ৰটোকল পালন কৰাৰ বিষয়ে আয়োগে কি ভাবে তাক ৩০ এপ্ৰিলৰ ভিতৰত এটা নিৰ্দিষ্ট পৰিকল্পনা দাখিল কৰিবলৈ ন্যায়ালয়খনে নিৰ্বাচন আয়োগক নিৰ্দেশ জাৰি কৰে।

মাদ্ৰাজ আদালতৰ মতে, কৰোনাৰ দ্বিতীয় ঢৌৰ বাবে নিৰ্বাচন আয়োগ একমাত্ৰ দায়বদ্ধ আৰু নিৰ্বাচন আয়োগৰ বিষয়াসকলৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰা উচিত।

উল্লেখ্য, অসমকে ধৰি দেশৰ কেইখনমান ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত ন্যূনতম কভিড প্ৰটোকলো মানি চলা দেখিবলৈ পোৱা নগৈছিল, অথচ উক্ত সময়ত মুম্বাই আৰু দিল্লীত কৰোনাৰ দ্ৰুত সংক্ৰমণ ঘটি আছিল।

You might also like