দামবৃদ্ধিৰ বিৰুদ্ধে আছুৰ উত্তাল প্রতিবাদ
নিয়মীয়া বাৰ্তা ২৮ এপ্ৰিলঃ অত্যাৱশ্যকীয় সামগ্রীৰ অস্বাভাৱিক দামবৃদ্ধিৰ বিৰুদ্ধে সদৌ গুৱাহাটী ছাত্র সন্থাই মঙলবাৰে জজ খেলপথাৰৰ সন্মুখত সম্পূর্ণ ক’ভিড প্রট’কল মানি প্রতিবাদ সাব্যস্ত কৰে৷ দিনৰ ১১ বজাত সদৌ গুৱাহাটী ছাত্র সন্থাৰ নেতৃত্বত শতাধিক প্রতিবাদকাৰীয়ে অত্যাৱশ্যকীয় সামগ্রীৰ দামবৃদ্ধিৰ বিৰুদ্ধে হাতে হাতে বিভিন্ন দাবী সম্বলিত বেনাৰ, প্লে–কার্ড লৈ প্রতিবাদ সাব্যস্ত কৰে৷ সদৌ গুৱাহাটী ছাত্র সন্থাৰ সভাপতি আনোৱাৰ হুছেইন আৰু ভাঃ সাধাৰণ সম্পাদক অলকেশ নাথে কয় যে ক’ৰোনা মহামাৰীয়ে সর্বসাধাৰণ ৰাইজক অর্থনৈতিকভাৱে জুৰুলা কৰি পেলাইছে৷ এই ক’ৰোনা মহামাৰীৰ সময়ত একাংশ অসাধু ব্যৱসায়ীয়ে অত্যাৱশ্যকীয় সা–সামগ্রীৰ মূল্য বৃদ্ধি কৰি জনসাধাৰণক মাধমাৰ শোধাইছে৷ ছাত্র সন্থাৰ স্পষ্ট দাবী– মূল্যবৃদ্ধি ৰোধ হ’বই লাগিব অন্যথা ছাত্র সন্থাই সর্বসাধাৰণ ৰাইজৰ সহযোগত তীব্র গণতান্ত্রিক আন্দোলন সাব্যস্ত কৰিব৷ চৰকাৰে মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্রত শীঘ্রে ব্যৱস্থা ল’ব লাগে৷
প্রশাসনে টাস্ক ফ’চ গঠন কৰি অসাধু ব্যৱসায়ীসকলক কৰায়ত্ত কৰি কঠোৰতম শাস্তি বিহাৰ দাবীত মঙলবাৰে সদৌ গুৱাহাটী ছাত্র সন্থাই কামৰূপ মহানগৰ জিলা উপায়ুক্তক স্মাৰক–পত্রযোগে দাবী জনায়৷ আনহাতে ক’ভিড্ মহামাৰীৰ এই বিভীষিকাময় সময়ছোৱাত ভূতৰ ওপৰত দানহ পৰাদি অত্যাৱশ্যকীয় খাদ্য–সামগ্রীৰ অতিপাত মূল্যবৃদ্ধিয়ে জনসাধাৰণক চাৰিওফালৰ পৰা টেঁটু চেপা দিয়াত অসম জাতীয় পৰিষদে আজি গুৱাহাটীত এক প্রতিবাদী কার্যসূচী ৰূপায়ন কৰে ৷ প্রতিবাদী কার্যসূচীত অংশ গ্রহণ কৰি অজাপৰ একাংশ নেতা–কর্মীয়ে কয় যে– এফালে ক’ভিদ আতংক আনফালে বজাৰত বস্তুৰ জুইছাই দাম, ফলত জনসাধাৰণৰ নাজল–নাথল অৱস্থা৷ ক’ভিদ–হৈ নমৰিলেও নাখাই মৰাটো খাটাং বুলি আজি বহুতেই ভাবিবলৈ বাধ্য হৈছে৷কিন্তু এনে পৰিস্থিতিটো চৰকাৰ– প্রশাসন নির্বিকাৰ৷ মূল্য বৃদ্ধি ৰোধ কৰাৰ কোনো ব্যৱস্থাই নাই৷ আজি অস্তিত্বহীন যোগান বিভাগ৷ চৰকাৰে এই বিভাগটো বিলুপ কৰা হ’ল বুলি ঘোষণা কৰাৰ পূর্বেই যেন ইয়াৰ অপমৃত্যু হ’ল৷ এক কথাত অকাল মৃত্যু৷
উল্লেখ্য যে পৰিষদৰ কামৰূপ মহানগৰ জিলা আৰু জিলা খনৰ জাতীয় যুৱ শক্তিৰ সদস্য সকলে আজি অকাল মৃত্যু হোৱা যোগান বিভাগৰ শৱযাত্রা কৰি বিভাগটোক ব্রহ্মপুত্রত উটুৱাই দিয়ে৷ এই প্রতিবাদী কার্যসূচীৰ জৰিয়তে ৰাইজৰ বিপদ কালত অসম জাতীয় পৰিষদ দল কোনো কাৰণতে হাত সাৱটি বহি নাথাকে বুলি চৰকাৰ–প্রশাসনলৈ এক স্পষ্ট বার্তা প্রেৰণ কৰে৷জনসাধাৰণক আওমৰণে মৰিবলৈ এৰি দি অসাধু ব্যৱসায়ী চক্রক পৰিস্থিতিৰ সুযোগলৈ অসৎ উপায়েৰে ধন ঘটাৰ সুবিধা কৰি দিয়াটো যদি তাৎক্ষণিক ভাৱে বন্ধ কৰি মূল্যবৃদ্ধি ,ৰোধ কৰা নহয় তেন্তে তেতিয়া দলে ৰাইজে যি নির্দেশ দিব তাকে পালন কৰিব৷ৰাইজে বিচাৰিলে দলে নিজে হাতে–কামে ব্যৱস্থা লবলৈ বাধ্য থাকিব বুলি হংকাৰ দিয়ে৷ আজিৰ কার্যসূচীৰ অন্তত অসম জাতীয় পৰিষদৰ কামৰূপ মহানগৰ জিলাৰ সভাপতি সঞ্জীৱ বৰা, সম্পাদকদ্বয় প্রণৱ ডেকা, আছিফ আলী আৰু ,মহানগৰ যুৱশক্তিৰ সভাপতি শৈলেন কলিতা, সম্পাদকদ্বয় জিন্ঢু কলিতা আৰু মনোজ কলিতাই তীব্র ক্ষোভৰে এই কথা প্রকাশ কৰে।