নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিল গেটছৰ মন্তব্যক লৈ তীব্র প্রতিক্রিয়া ভাৰতত

ক’ভিড ভেকচিন বনোৱাৰ সূত্র দিব নালাগে নতুন দিল্লীক!

নিয়মীয়া বাৰ্তা ১ মেঃ আমেৰিকাৰ প্রযুক্তি ক্ষেত্রখনৰ অন্যতম খনিকৰ তথা মাইক্র’ছফটৰ প্রতিষ্ঠাতা বিল গেটছে শেহতীয়াকৈ ক’ভিড ভেকচিনৰ প্রযুক্তিক লৈ কৰা এক বিতর্কিত মন্তব্যই ভাৰতত সৃষ্টি কৰিছে প্রতিক্রিয়া৷ ভাৰতত ক’ভিড মহামাৰীৰ সংক্রমণৰ দ্বিতীয় জোৱাৰৰ সংহাৰ অব্যাহত আছে৷ এই সংহাৰৰ সময়ত দেশখনক বিভিন্ন ধৰণে সহায় কৰিবলৈ আগবাঢ়ি আহিছে বিদেশী ৰাষ্ট্রবোৰ৷ ইয়াৰ মাজতে বিল গেটছে মন্তব্য কৰিছে যে ক’ভিড ভেকচিন প্রস্তুতৰ সূত্র ভাৰতৰ স’তে বিনিময় কৰা উচিত নহয়৷ বিল গেটছৰ এনে মন্তব্যৰ পিছতে ভাৰতৰ কেইবাগৰাকীও বিশেষজ্ঞ চিকিৎসকে তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে৷ লক্ষণীয়ভাৱে গেটছে এই মুহূর্তত ভেকচিনৰ পেটেণ্ট ভাৰতক প্রদান কৰিব নালাগে বুলি ঘোষণা কৰিছে৷ অকল ভাৰতেই নহয়, বিশ্বৰ কোনো দেশেই ভেকচিন বনোৱাৰ সূত্র এই মুহূর্তত আমেৰিকাৰ পৰা লাভ কৰা উচিত নহয় বুলি ঘোষণা কৰিছে গেটছে৷ স্কাই নিউজৰ সৈতে হোৱা সাক্ষাৎকাৰত গেটছে এই মন্তব্য কৰাৰ পিছতে বিষয়টোক লৈ সৃষ্টি হৈছে বিতর্ক৷

You might also like