নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তাৎপর্যপূর্ণ জনাদেশ

প্রত্যাশিতভাৱে দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ ক্ষমতাত অধিষ্ঠিত হোৱাৰ জনাদেশ লাভ কৰিলে বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে৷ পঞ্চদশ অসম বিধানসভাৰ নির্বাচনী ফলাফলে কেইবাটাও দিশত নতুনত্বৰ বার্তা কঢ়িয়াই আনিছে৷ অসমৰ ৰাজনীতিত একেৰাহে দ্বিতীয়বাৰৰ বাবে অকংগ্রেছী চৰকাৰ গঠনৰ ক্ষেত্রত সদ্যসমাপ্ত বিধানসভা নির্বাচনে জনাদেশ দিছে৷ একেৰাহে দ্বিতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰাটো ইমান সহজসাধ্য নহয়৷ জনগণৰ আশা–আকাংক্ষা সম্পূর্ণ পূৰণ কৰাটো কোনো এখন চৰকাৰৰ বাবে সম্ভৱ নহয়৷ কিন্তু চৰকাৰখনৰ সীমাবদ্ধতাৰ মাজতে জনগণৰ প্রত্যাশা পূৰণ কৰিব পাৰিলেহে ক্ষমতাৰ ধাৰাবাহিকতা অব্যাহত ৰাখিব পাৰে৷ বিগত বিধানসভা নির্বাচনত বিজেপিয়ে ৬০খন আসন লাভ কৰিছিল৷ ৫ বছৰ ক্ষমতাত থকাৰ পিছত সদ্যসমাপ্ত নির্বাচনতো ৬০খন আসন সুৰক্ষিত কৰিব পৰাটো বিজেপি নেতা–কর্মীসকলৰ বাবে আশাব্যঞ্জক বার্তা৷ বিজেপিৰ দুই সহযোগী আঞ্চলিক দলেও এইবাৰ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷ ৰাজ্যখনৰ আঞ্চলিক তথা জাতীয়তাবাদী শিবিৰত বিভাজন ঘটোৱাৰ লক্ষ্যৰে নির্বাচনৰ পূর্বে জন্ম লাভ কৰা অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ তীব্র প্রত্যাহ্বান সত্ত্বেও সদ্যসমাপ্ত নির্বাচনত অসম গণ পৰিষদে ৯খন আসনত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ বিপৰীতে নৱগঠিত আঞ্চলিক দল দুটাই এইবাৰ নির্বাচনত বিশেষ প্রভাৱ বিস্তাৰ কৰিব নোৱাৰিলে৷ অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈকে ধৰি দলটোৰ শীর্ষ নেতাসকল পৰাজিত হোৱাই নহয়, নির্বাচনৰ মূল যুঁজত থাকিবই নোৱাৰিলে৷ কাৰাৰুদ্ধ অখিল গগৈ শিৱসাগৰ সমষ্টিৰ পৰা জয়লাভ কৰিলেও দলটোৰ কোনো এজন প্রার্থীয়ে জয়ৰ মুখ নেদেখিলে৷ ইয়াৰ বিপৰীতে বিজেপিৰ সহযোগী ইউ পি পি এল দলে ৰাজ্যৰ আঞ্চলিক ৰাজনীতিৰ নতুন মাত্রা বহন কৰিবলৈ সক্ষম হৈছে৷ প্রমোদ বড়ো নেতৃত্বাধীন ইউ পি পি এল দল ঘাইকৈ এবছুৰ নেতৃত্বত গঠিত আঞ্চলিক দল৷ বিগত ১৭ বছৰে বড়োলেণ্ডৰ আঞ্চলিক ৰাজনীতিত গুৰিব’ঠা ধৰিছিল হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফ দলে৷ কিন্তু বিজেপিয়ে সংগ এৰি দিয়াৰ পিছত পুনৰ কংগ্রেছৰ স’তে মিত্রতা কৰা বি পি এফৰ আসনৰ সংখ্যা ১২খনৰ পৰা ৪খনলৈ হ্রাস হৈছে৷ ইয়াৰ বিপৰীতে প্রমোদ বড়ো নেতৃত্বাধীন ইউ পি পি এল দলে প্রথমবাৰৰ বাবে বিধানসভাৰ ৬খন আসন লাভ কৰি বড়ো আঞ্চলিক ৰাজনীতিক নতুন ৰূপত প্রতিষ্ঠা কৰাৰ সুযোগ পাইছে৷
ডেৰ দশক পূর্বে ৰাজ্যখনত ৫ বছৰৰ মূৰে মূৰে চৰকাৰ পৰিৱর্তনৰ ধাৰা ২০০১ত সলনি কৰিবলৈ সক্ষম হোৱা কংগ্রেছ দলে এইবাৰ নির্বাচনত মুখথেকেচা খাইছে৷ ১৯৯৬ৰ নির্বাচনত কংগ্রেছ দলে ৩৪খন আসন লাভ কৰি বিৰোধীৰ আসনত আছিল যদিও ২০০১ৰ নির্বাচনত দলটোৱে ৭১খন আসন লাভ কৰি ক্ষমতাত অধিষ্ঠিত হৈছিল৷ ২০০৬ৰ বিধানসভা নির্বাচনত দলটোৰ আসনৰ সংখ্যা ৫২লৈ হ্রাস হ’লেও বি পি এফৰ সহায়ত চৰকাৰ সলনিৰ ধাৰা প্রতিহত কৰিবলৈ সক্ষম হৈছিল কংগ্রেছ৷ ২০১১ৰ বিধানসভা নির্বাচনত কংগ্রেছে ৭৮খন আসনত জয়লাভ কৰি চমকপ্রদ সাফল্যৰ জৰিয়তে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল৷ কিন্তু নেতৃত্বকেন্দ্রিক অন্তঃকন্দল আৰু ৰাইজৰ আৱেগ–নুভূতিক এলাগী কৰাৰ বাবে কংগ্রেছ দলে ২০১৬ৰ বিধানসভা নির্বাচনত মাথোঁ ২৬খন আসনতহে জয়লাভ কৰিছিল৷ বিগত এটা দশকত ৰাজ্যখনৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহ মাজত কংগ্রেছৰ গণভিত্তিত ব্যাপক খহনীয়া আৰম্ভ হৈছে৷ বড়ো, কার্বি, মিচিং, ৰাভা, তিৱা আদি জনগোষ্ঠীৰ মাজত খোপনি হেৰুৱাইছে কংগ্রেছৰ নেতা–কর্মীসকলে৷ ৰাজ্যখনৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহ মাজত সৃষ্টি হোৱা বিশ্বাসহীনতা ঘূৰাই অনাৰ বাবে কংগ্রেছৰ নেতৃত্বই বিগত সময়ছোৱাত উল্লেখনীয় পদক্ষেপ গ্রহণ কৰাৰ কোনো লক্ষণ পৰিলক্ষিত হোৱা নাই৷ ইয়াৰ বিপৰীতে বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফৰ সৈতে নির্বাচনী মিত্রতা কৰাৰ ফলত ৰাজ্যখনৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ লোকসকলে অধিক নিৰাপত্তাহীন অনুভৱ কৰিছে৷ ফলত সদ্যসমাপ্ত নির্বাচনত খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহ জনসমর্থন আশানুৰূপভাৱে লাভ কৰা নাই কংগ্রেছ দলে৷ এ আই ইউ ডি এফৰ সৈতে মিত্রতাৰ ফলত সন্মুখীন হোৱা নির্বাচনী বিপর্যয়ে দলটোক আগন্তুক সময়তো বিপদত পেলোৱাৰ আশংকা আছে৷ ৰাজ্যখনৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহ আৱেগ–নুভূতিক এলাগী কৰি কোনো ৰাজনৈতিক দলে অসমত ক্ষমতা লাভ কৰাটো সহজসাধ্য নহয়৷ সদ্যসমাপ্ত নির্বাচনৰ পৰা শিক্ষা লাভ নকৰিলে কংগ্রেছৰ ক্ষমতা দখলৰ সপোন পূৰণ হোৱাটো সম্ভৱ নহয়৷

You might also like