কিয় ক’ৰোনাত আক্ৰান্ত নহয় ৰাখী সাৱন্ত ! নিজেই ক’লে এইদৰে…চাওক ভিডিঅ’
অতি বিপজ্জনক ক’ভিডসৃষ্ট দেশৰ পৰিস্থিতি৷ ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰৰ সংহাৰী ৰূপ ভয়াৱহৰ পৰ অধিক ভয়াৱহৰ দিশে আগবাঢ়িছে৷ আক্রান্তৰ সংখ্যাই নতুন নতুন অনাকাংক্ষিত অভিলেখ সৃষ্টি কৰিছে৷
ইয়াৰ মাজতে, ক’ৰোনাৰ বিষয়ে উল্লেখ কৰি ৰাখী আৱেগিক হৈ পৰে। ৰাখী সাৱন্তে কয় যে তেওঁ আৰু তেওঁৰ পৰিয়ালক কেতিয়াও ক’ৰোনাই ক্ষতি কৰিব নোৱাৰে। তেওঁ কেতিয়াও ক’ভিড পজিটিভ নহয়।
লগতে পঢ়কঃ ক’ৰোনা সংকটত ১০ হাজাৰ প্ৰৱাসী শ্ৰমিকক খাদ্য যোগান ধৰিব মোহময়ী ছানী লিয়নীয়ে
ৰাখী সাৱন্তে ইতিমধ্যে কৈছে, “মই ক’ৰোনাক লৈ বহুত চিন্তিত। ক’ৰোনাই এটা কথা শিকাইছে যে কোনো ধনী বা কোনো দৰিদ্ৰ নহয়। মানুহে নিজক লৈ বহুত বৈষম্য কৰে। মই অসহায়, মই একো কৰিব নোৱাৰো।”
View this post on Instagram
বিশেষজ্ঞই সতর্কবাণী দিয়া অনুসৰি ৭ মে’ৰ পৰা ভাৰতত ক’ভিডৰ আক্রমণৰ সংখ্যাই অধিক তীব্রতৰ ৰূপ ধাৰণ কৰিছে৷ যোৱা ২৪ ঘণ্টাত ৪,১২,২৬২জন লোক আক্রান্ত হোৱাত দেশত মুঠ আক্রান্তৰ সংখ্যা ২.১০ কোটিৰ অধিক হৈছে৷