গুৱাহাটীবাসী সজাগ নহ’লে বিপদ অনিবাৰ্য: GMCHৰ অধ্যক্ষ
নিয়মীয়া বাৰ্তা ৮ মেঃ গুৱাহাটীবাসী সজাগ নহ’লে বিপদ অনিবাৰ্য। বিগত বাৰদিনত প্ৰতিদিনে এহাজাৰৰ পৰা ১৬শ লোক কোভিডত আক্ৰান্ত হৈছে।
কণ্টেইমেণ্ট জ’নৰ লোকসকল সজাগ নহ’লে বৃদ্ধি পাব কোভিড আক্ৰান্তৰ সংখ্যা। তেতিয়া চিকিৎসালয়ত বিছনাৰো অভাৱ ঘটিব পাৰে। এই মন্তব্য গুৱাহটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ অধ্যক্ষ অচ্যুত বৈশ্যৰ।
তেওঁ কয় যে দৈনিক ১৪০০-১৫০০ কৈ ৰোগী হ’লে গুৱাহাটী মহানগৰীত বিছনাৰ অভাৱ হ’ব।
উল্লেখ্য যে ৰাজ্যৰ বিভিন্ন প্রান্তৰ লগতে ৰাজধানী চহৰ গুৱাহাটীত ক’ৰোনাৰ গণ সংক্রমণে লৈছে ভয়াৱহ ৰূপ৷ ইতিমধ্যে মহানগৰীত কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰি বহু অঞ্চলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে যদিও হ্রাস পোৱা নাই আক্রান্তৰ হাৰ৷