আঞ্চলিক চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত ৮ পদ
ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ৰ অধীনস্থ এটি স্বতন্ত্র শিক্ষা–গৱেষণানুষ্ঠান্ আঞ্চলিক চিকিৎসা বিজ্ঞান প্রতিষ্ঠানত খালী হৈছে ৮টা পদ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি প্রতিষ্ঠানটোৰ প্রশাসনীয় দপ্তৰৰ উপ–সঞ্চালকে এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, খালী পদসমূহৰ ভিতৰত আছে– মেডিকেল ছ’চিয়েল ৱর্কাৰ ৪টাঃ প্রার্থী ছ’চিয়েল ৱর্কত এমএ/এমএছডব্লিউ ডিগ্রীধাৰী আৰু সমাজসেৱক হিচাপে ২ বছৰীয়া অভিজ্ঞতা থকা হ’ব লাগিব৷ এনাছথেচি’লজী টেকনিচিয়ান ৩টাঃ প্রার্থী ফিজিক্স/কেমেষ্ট্রীত বিএছচি ডিগ্রীধাৰী হ’ব লাগিব৷ শেষত ছেকচন অফিচাৰ ১টাঃ প্রার্থী দশম শ্রেণী উত্তীর্ণ আৰু ইলেক্ট্রিকেল বিষয়ত ডিগ্রী/ডিপ্ল’মাধাৰী হ’ব লাগিব৷ বয়স সর্বোচ্চ ৩৫ বছৰ৷ আগ্রহীসকলে আবেদন মাচুল হিচাপে ২০০ টকা ডিমাণ্ড ড্রাফটযোগে আঞ্চলিক চিকিৎসা বিজ্ঞান প্রতিষ্ঠানৰ সঞ্চালকৰ হকে পৰিশোধ কৰিব লাগিব৷ নিযুক্তি সম্পর্কীয় সবিশেষ তথ্যৰ লগতে অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইটwww.rims.edu.in লগ–ইন কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ১০ জানুৱাৰী, ২০২০৷