নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আগজাননীঃ অসমকে ধৰি বিভিন্ন ৰাজ্যত ২–৩ দিন ধৰি হ’ব বৰষুণ

নিয়মীয়া বাৰ্তা ১৩ মেঃ অসমকে ধৰি দেশৰ বিভিন্ন ৰাজ্যত অহা দুই–তিনি দিন ধৰি বিজুলী–ঢ়েৰেকনিৰে বৰষুণ হোৱাৰ সম্ভাৱনা আছে৷ ভূ–বিজ্ঞান মন্ত্রালয়ে প্রকাশ কৰা আগজাননী অনুসৰি প্রবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে উত্তৰাখণ্ড, পশ্চিমবংগ, ওড়িশা, অৰুণাচল প্রদেশ, অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্রিপুৰা, কর্ণাটকৰ বিভিন্ন অঞ্চল, তামিলনাডু, পুডুচেৰী আদি অঞ্চলত৷ মন্ত্রালয়ৰ বিবৃতিত প্রকাশ পোৱা মতে, বৰষুণ, বিজুলী–ঢ়েৰেকনিৰে ব্রজপাত আদিয়ে পঞ্জাব, হাৰিয়ানা, চণ্ডীগড়, দিল্লী, জম্মু–কাশ্মীৰ, লাডাখ, হিমাচল প্রদেশ, তেলেংগানা আদি ৰাজ্যত প্রচণ্ড প্রভাৱ পেলাব পাৰে৷

You might also like