নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিডসৃষ্ট পৰিৱেশক লৈ উদ্বিগ্নঃ মোদীলৈ পত্র বিৰোধীৰ

নিয়মীয়া বাৰ্তা ১৩ মেঃ ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰ সৃষ্টিৰ বিপজ্জনক পৰিস্থিতিক লৈ উদ্বিগ্ণ ১২ বিৰোধী ৰাজনৈতিক দলে এই পৰিস্থিতি নিয়ন্ত্রণৰ ক্ষেত্রত পদক্ষেপ গ্রহণ কৰিবলৈ প্রধানমন্ত্রী নৰেন্দ্র মোদীলৈ যুটীয়া পত্র প্রেৰণ কৰিছে৷ কংগ্রেছৰ অন্তর্ৱর্তীকালীন সভানেত্রী ছোনিয়া গান্ধী, জেডিএছৰ এইচ ডি দেৱেগৌড়া, এনচিপিৰ শাৰদ পাৱাৰ, শিৱসেনাৰ উদ্ধৱ থাক্ৰে, টিএমচিৰ মমতা বেনার্জী, ডিএমকেৰ এম কে ষ্টেলিন, জেএমএমৰ হেমন্ত ছোৰেন, জেকেপিএৰ ফাৰুক আব্দুল্লা, এছপিৰ অখিলেশ যাদৱ, আৰজেডিৰ তেজস্বী যাদৱ, চিপিআইৰ ডি ৰাজা আৰু চিপিআই(এম)ৰ সীতাৰাম য়েছুৰী স্বাক্ষৰিত পত্রখনত দেশজুৰি বিনামূলীয়া সার্বজনীন গণ টিকাকৰণ অভিযান চলাবলৈ দাবী জনাইছে৷ আন্তর্জাতিক–দেশীয় উৎপাদনস্থলীৰ পৰা কেন্দ্রীয়ভাৱে ভেকচিন ক্রয় কৰাৰ বাবে পত্রখনত উল্লেখ কৰা হৈছে৷

ইপিনে, চেণ্ড্রেল ভিষ্টা প্রকল্পৰ কাম শীঘ্রে বন্ধ কৰি তাৰ ধন ভেকচিন আৰু অক্সিজেনত ব্যয় কৰিবলৈ আহ্বান জনায় ১২ বিৰোধীয়ে৷ নিবনুৱা লোকক ৬ হাজাৰ টকাকৈ প্রদান কৰাৰ লগতে আৱশ্যক লোকক বিনামূলীয়া খাদ্য বিতৰণ কৰিবলৈও দাবী জনায়৷ ভেকচিনৰ কাৰণে ৩৫ হাজাৰ কোটি টকা আবণ্টন দিবলৈও বিৰোধী দলকেইটাই দাবী জনায়৷ আনপিনে, দেশৰ অন্নদাতাক সুৰক্ষা দিয়াৰ স্বার্থত কৃষি আইন প্রত্যাহাৰ কৰাৰ দাবীও পত্রখনত উল্লেখ কৰা হৈছে৷ বিৰোধী দলকেইটাই ৯ দফীয়া দাবীও পত্রখনত উল্লেখ কৰিছে৷

You might also like