আবর্জনাৰে ভৰিব গুৱাহাটীৰ ৩১টা ৱার্ড, কিন্তু কিয়?
নিয়মীয়া বাৰ্তা, ১৭ মে’: গুৱাহাটী মহানগৰীৰ ৩১টা ৱার্ডত আবর্জনা সংগ্রহ কৰা কামত নিয়োজিত স্বেচ্ছাসেৱী সংগঠনক পৌৰ নিগমে বিগত প্রায় এবছৰ ধৰি মাচুল আদায় নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে৷ জি এম চিৰ ৩১টা ৱার্ডত নিয়োগ কৰা প্রায় ৯০টা স্বেচ্ছাসেৱী সংগঠনক সুদীর্ঘ প্রায় এবছৰ কাল মাচুল আদায় নিদিয়াৰ বাবে শ্রমিকসকল আর্থিক সংকটত পৰিছে৷ জি এম চি কর্তৃপক্ষই দায়িত্ব অর্পণ কৰাৰ পিছৰে পৰা নিয়মিতিভাৱে নির্দিষ্ট এলেকাৰ দায়িত্বত থকা স্বেচ্ছাসেৱী সংগঠনৰ শ্রমিক–কর্মচাৰীসক আবর্জনা সংগ্রহ কৰি অহাৰ পিছতো বিভাগীয় কর্তৃপক্ষই প্রাপ্য ধন আদায় দিয়া নাই বুলি ভুক্তভোগী স্বেচ্ছাসেৱী সংগঠনৰ কর্মচাৰীয়ে জানিবলৈ দিছে৷ নাম প্রকাশত অনিচ্ছুক কর্মচাৰীজনে কয় যে পৌৰ আয়ুক্তক এই সন্দর্ভত বাৰম্বাৰ দাবী জনাই অহাৰ পিছতো তেওঁলোকৰ মাচুল আদায় দিয়া নাই৷
কর্মচাৰীজনে কয় যে যোৱা ২০২০ বর্ষৰ এপ্রিল মাহৰ পৰা জি এম চি কর্তৃপক্ষই একাংশ এন জি অ’ৰ ধন আদায় দিয়া নাই৷ একদৰে আন একাংশ এন জি অ’ৰ মাচুল যোৱা বর্ষৰ মে’ আৰু জুন মাহৰ পৰা জি এম চি কর্তৃপক্ষই বিভিন্ন অজুহাত দেখুৱাই বন্ধ কৰি ৰাখিছে৷ ফলত স্বেচ্ছাসেৱী সংগঠনসমূহে জাৱৰ সংগ্রহ কৰা শ্রমিকক মজুৰি দিব পৰা নাই৷ বিশেষকৈ ক’ৰোনা মহামাৰীৰ সময়ছোৱাত শ্রমিকসকলক মজুৰি আদায় দিব নোৱাৰাত স্বেচ্ছাসেৱী সংগঠনসমূহ বিপাঙত পৰিছে৷ যদিহে শীঘ্রে জি এম চি কর্তৃপক্ষই স্বেচ্ছাসেৱী সংগঠনসমূহৰ প্রাপ্য ধন আদায় নিদিয়ে, তেন্তে জাৱৰ সংগ্রহ কৰাৰ পৰা বিৰত থাকিবলৈ বাধ্য হ’ব বুলি হুংকাৰ দিয়ে৷