গীতানগৰত ৭ গাড়ী চোৰক গ্রেপ্তাৰ
নিয়মীয়া বাৰ্তা, ১৮ মে’: গীতানগৰ আৰক্ষীৰ জালত পৰিছে বৃহৎ গাডী চোৰ চক্র৷ মহানগৰীৰ গীতানগৰ আৰক্ষীৰ জালত পৰিল সাতজনীয়া বৃহৎ গাডীচোৰৰ দল৷ গীতানগৰ আৰক্ষীয়ে ধাৰাবাহিকভাৱে অভিযান চলাই ৰাজ্যৰ ভিন্ন প্রান্তৰ পৰা গ্রেপ্তাৰ কৰে সাতজনীয়া গাডী চোৰৰ দলটোক৷ আৰক্ষীৰ জালত পৰা গাডীচোৰকেইজন হ’ল উজানবজাৰৰ মন্দীপ দাস, হাউলিৰ ধ্রুৱজ্যোতি দাস, খানাপাৰাৰ দেৱজিৎ ভট্টাচার্য, হোজাইৰ ক্রমেদ্বীপ ৰয়, প্রেমজিত সিংহ, সঞ্জিত সিংহ আৰু কমল শর্মা৷
উল্লেখ্য যে আৰক্ষীৰ জালত পৰা দলটো আন্তঃৰাষ্ট্রীয় গাডী চোৰ চক্রৰ লগত জডিত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে৷ আনহাতে, ৰাজ্যৰ বিভিন্ন থানাত গাডী চুৰিৰ গোচৰত অভিযুক্ত এই বৃহৎ দলটো৷ বর্তমান আৰক্ষীয়ে গীতানগৰ থানাত ১৫৬/২১ নম্বৰত ভাৰতীয় দণ্ডবিধিৰ ১২০(বি)/৪২০/৪০৬নং ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰি গাডীচোৰৰ দলটোক সোধা–পোছা অব্যাহত ৰাখিছে৷ আৰক্ষীৰ তদন্তৰ অন্তত কেইবাখনো চুৰি গাডী বহিঃৰাজ্যৰ পৰা উদ্ধাৰৰ অভিযান আৰম্ভ কৰিছে মহানগৰ আৰক্ষীয়ে৷ উল্লেখ্য যে ধৃত চোৰকেইজনে দীর্ঘদিন ধৰি ভাৰা মাৰাৰ নামত নিয়া গাডীসমূহ নাগালেণ্ড, ম্যানমাৰত বিক্রী কৰি আহিছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে৷