১০ দিনৰ ভিতৰত দ্বাদশ শ্রেণীৰ শিক্ষার্থীক দিব বিনামূলীয়া পাঠ্যপুথি
নিয়মীয়া বাৰ্তা, ১৮ মে’: অহা ১০ দিনৰ ভিতৰত দ্বাদশ শ্রেণীৰ ছাত্র–ছাত্রীসকলক চৰকাৰে বিনামূলীয়া পাঠ্যপুথি বিতৰণ কৰিব৷ সেইদৰে সুখ্যাতিৰে প্রথম বিভাগত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীর্ণ যিসকল ছাত্রীয়ে পাবলগীয়া স্কুটী নির্বাচনী আচৰণবিধি বলৱৎ হোৱাৰ বাবে লাভ কৰা নাছিল, সেইসকলকো অহা এসপ্তাহ–১০ দিনৰ ভিতৰত স্কুটী প্রদান প্রক্রিয়া আৰম্ভ কৰা হ’ব৷ –এই মন্তব্য শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ৷
শিক্ষামন্ত্রী ডাঃ পেগুৱে সোমবাৰে পাণবজাৰস্থিত অসম ৰাজ্যিক পাঠ্যপুথি প্রণয়ন আৰু প্রকাশন নিগম লিমিটেডৰ কার্যালয়ত উপস্থিত হৈ বিনামূলীয়া পাঠ্যপুথি ছপা–বিতৰণ সন্দর্ভত এখন বৈঠকত মিলিত হয়৷ বৈঠকৰ অন্তত সংবাদ মাধ্যমৰে হোৱা বার্তালাপত শিক্ষামন্ত্রী ডাঃ পেগুৱে কয় যে নৱম আৰু দশম শ্রেণীৰ সৰহসংখ্যক পাঠ্যপুথি ছপা হৈছে৷ প্রায়বোৰ জিলালৈ ইতিমধ্যে প্রেৰণ কৰা হৈছে পাঠ্যপুথিসমূহ৷ দুই–এখন জিলালৈহে পাঠ্যপুথি পঠিয়াবলৈ বাকী আছে৷
লখিমপুৰ, বাক্সা আৰু কৰিমগঞ্জ জিলাত কিতাপৰ কিছু নাটনি হৈছে যদিও সেয়া অচিৰে দূৰ কৰাৰ বাবে সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ একাদশ শ্রেণীৰ ছাত্র–ছাত্রীসকলক ইতিমধ্যে দ্বাদশ শ্রেণীলৈ উত্তীর্ণ কৰাই দিয়া হৈছে৷ অৱশ্যে দ্বাদশ শ্রেণীৰ পাঠ্যপুথি ছপা হ’বলৈ এতিয়াও ২০ শতাংশ বাকী৷ শিক্ষা বিভাগৰ তৰফৰ পৰা পাঠ্যপুথি ছপোৱাৰ কাম এসপ্তাহৰ ভিতৰত সম্পূর্ণ কৰিবলৈ নিগমক নির্দেশ দিয়া হৈছে, যাতে ১০ দিন পিছত পাঠ্যপুথিসমূহ বিতৰণ কৰিব পৰা যায়৷ অসম ৰাজ্যিক পাঠ্যপুথি প্রণয়ন আৰু প্রকাশন নিগম লিমিটেডে সকলো শ্রেণীৰ বাবে ‘ই–পাঠ্যপুথি’ প্রকাশৰ গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা বুলিও তেওঁ সদৰী কৰে৷
শিক্ষামন্ত্রী ডাঃ পেগুৱে পুনৰ কয় যে ক’ভিড থাকক বা নাথাকক শিক্ষা ব্যৱস্থাত কাগজৰ ব্যৱহাৰ কমোৱাৰ বাবে ডিজিটেলাইজেচন কৰিবলৈ আজি বৈঠকতে সিদ্ধান্ত লোৱা হৈছে৷ ইয়াৰ বাবে নিগমৰ ছফ্টৱেৰ এটা ডেভেলপ কৰা হ’ব৷ সদ্যহতে নিগমে পাইলট প্রজেক্ট হিচাপে গণিতৰ ১০০খন ‘ই–পাঠ্যপুথি’ প্রস্তুতৰ কাম হাতত লৈছে৷ ইয়াৰ বাবে নিগমক ৰাজ্য চৰকাৰে প্রয়োজনীয় পুঁজি আবণ্টন দিব৷ অনাগত দিনত সকলো শ্রেণীৰ বাবে ‘ই–পাঠ্যপুথি’ৰ ব্যৱস্থা কৰা হ’ব৷
আনহাতে, সম্প্রতি ক’ভিডৰ বাবে চলি থকা অনলাইন পাঠদান সম্পর্কত শিক্ষামন্ত্রী ডাঃ পেগুৱে কয় যে অনলাইন ব্যৱস্থাৰে যিহেতু সকলোৰে শিক্ষা গ্রহণ সম্ভৱ নহয়, সেয়েহে অচিৰে অফলাইন ব্যৱস্থাৰে শিক্ষাদান আৰম্ভ কৰা হ’ব৷ সপ্তাহে সপ্তাহে এছাইনমেণ্ট দি ৭ দিন বা ১৫ দিনৰ ভিতৰত সেয়া সংগ্রহ কৰি উত্তৰবহী মূল্যায়নৰ ব্যৱস্থা কৰা হ’ব৷
সম্প্রতি স্থগিত হৈ থকা মেট্রিক পৰীক্ষা প্রসংগত শিক্ষামন্ত্রী ডাঃ পেগুৱে কয় যে ইয়াৰ বাবে ক’ভিড পৰিস্থিতি উন্নত হ’ব৷ পৰিস্থিতি উন্নত হ’লেই স্বাস্থ্য বিভাগৰ অনুমতি লৈ স্বাস্থ্য বিধি মানি ১৫ দিনৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ স্বাস্থ্য বিভাগ সাজু হৈ আছে৷ ৰাজ্যৰ ক’ভিড পৰিস্থিতি ইতিমধ্যে উন্নত হ’বলৈ ধৰিছে৷ চৰকাৰে বান্ধি দিয়া বাধা–নিষেধ ৰাইজে মানি চলিলে ক’ৰোনা সংক্রমণৰ হাৰ ক্রমশঃ কমি আহিব বুলি তেওঁ আশা প্রকাশ কৰে৷
ইফালে, টাইব্রেল অর্গেনাইজেচন কো–’র্ডিনেচন কমিটীয়ে জনোৱা সম্বর্ধনা অনুষ্ঠানত অংশগ্রহণ কৰি শিক্ষামন্ত্রী ডাঃ পেগুৱে কয় যে ৰাজ্য চৰকাৰৰ প্রথমখন কেবিনেট বৈঠকতে মিছন হিচাপে এক লাখ যুৱক–যুৱতীক নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ চৰকাৰী সংৰক্ষণ বিধি আইনৰ অধীনত এই নিযুক্তি প্রক্রিয়া সম্পন্ন হ’ব৷ আইটিডিপি, অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি কল্যাণ ব’ড যিবোৰ স্থানত গঠন হ’বলৈ বাকী আছে, এটা মাহৰ ভিতৰতে গঠন কৰা হ’ব৷