নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ পুথিচিত্র চীনলৈঃ বেইজিঙৰ চিত্র প্রদর্শনীত শিল্পী সুজিত দাস

নিয়মীয়া বাৰ্তা, ১ জানুৱাৰীঃ যোৱা দশকত বিশ্বৰ ২৩খন দেশত অসমৰ পুথিচিত্রৰ প্রদর্শনী, কর্মশালা আদিত অংশ গ্রহণ কৰি সুখ্যাতি অর্জন কৰা আন্ত:ৰাষ্ট্রীয় খ্যাতিসম্পন্ন চিত্রশিল্পী সুজিত দাসৰ অনুচিত্র এইবাৰ প্রদর্শিত হ’ব চীন দেশত । বেইজিঙত ভাৰত আৰু চীনৰ ১৪ সংখ্যক বার্ষিক কূটনৈতিক সম্পর্ক অনুষ্ঠানৰ সৈতে সংগতি ৰাখি ভাৰতীয় দূতাবাসে আয়োজন কৰা চিত্র প্রদর্শনী, কর্মশালা আৰু আলোচনাচক্রত অংশ ল’ৱ শিল্পী সুজিত দাসে । ৮ জানুৱাৰীত চীন চৰকাৰৰ শিক্ষা মন্ত্রণালয়ৰ দ্বাৰা বেইজিঙৰ চেন্টেল একাডেমি অৱ ফাইন আর্টছত আয়োজিত চিত্র কর্মশালাৰ উপৰি চিত্রকলা বিষয়ক আলোচনা চক্রত শিল্পীজনে অংশগ্রহণ কৰাৰ লগতে ৯ জানুৱাৰীৰ পৰা ১১ জানুৱাৰীলৈকে ভাৰতীয় দূতাবাসত আয়োজিত চিত্র প্রদর্শনীত তেওঁ অংশগ্রহণ কৰিব ।

মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱৰ সৃষ্টিৰাজিৰ মাজত অন্যতম সত্রীয়া চিত্রকলাক আন্তৰ্জাতিক ক্ষেত্রখনলৈ লৈ যোৱাৰ প্রয়াস অব্যাহত ৰখা শিল্পী সুজিত দাসৰ ২০১৪-১৫ বর্ষৰ বাবে অসমৰ অনুচিত্রকলৈ গৱেষণাৰ বাবে ভাৰত চৰকাৰৰ ফেল’শ্বিপ লাভ কৰিছিল । গুৰুজনাৰ জীৱনৰ আধাৰত ভীস্মদুর্লভ মহন্তৰ দ্বাৰা ৰচিত আৰু সুজিত দাসৰ দ্বাৰা চিত্র অংকনেৰে প্রকাশিত ‘সচিত্র শঙ্কৰদেৱ’ নামৰ পুথিখন বিশ্বৰ বিভিন্ন দেশলৈ গৈ বিলাই দিছিলে শিল্পীজনে ।

পুথিচিত্রৰ লগে লগে সচিত্র কাঠৰ বাকচ তৈয়াৰ কৰাৰ পৰম্পৰাও অব্যাহত ৰাখিছে তেওঁ । উল্লেখ্য যে ‘গীনিছ ৱৰ্ল্ড ৰেকর্ড’ত নাম অন্তর্ভুক্ত হৈ থকা শিল্পী সুজিত দাসে ইতিমধ্যে ভাৰতৰ বিভিন্ন প্রান্তৰ উপৰি গ্রীছ, ইজিপ্ট, ৰাছিয়া, থাইলেন্ড, ইউ.কে., মালয়েশিয়া, শ্রীলংকা, আলবেনিয়া, আমেৰিকা, কাজাকিস্তান, তুৰস্ক, সিঙ্গাপুৰ, বাংলাদেশ, ভিয়েটনাম, নেপাল, ভূটান, কছোভ’, ইউ.এ.ই. (ডুবাই, আবুধাবি) আদি দেশত আয়োজিত চিত্র প্রদর্শনী, কর্মশালা, আলোচনাচক্র আদিত অংশ গ্রহণ কৰি অসমৰ কলা সংস্কৃতিক বিশ্ব দৰবাৰলৈ নিয়াৰ প্রয়াস অব্যাহত ৰাখিছে ।

You might also like