আজিৰে পৰা পঞ্চদশ অসম বিধানসভাৰ অধিৱেশন
নিয়মীয়া বাৰ্তা, ২১ মে: ক’ভিড প্রট’কলৰ মাজেৰে আজিৰ পৰা তিনিদিনীয়াকৈ আৰম্ভ হ’ব পঞ্চদশ অসম বিধানসভাৰ অধিৱেশন৷ বিজেপিৰ নেতৃত্বত দিছপুৰত চৰকাৰ গঠনৰ পিছত নতুনকৈ গঠন হ’ব লগা অসম বিধানসভাৰ এই অধিৱেশনতে নৱনির্বাচিত ১২৬গৰাকী বিধায়কক শপতবাক্য পাঠ কৰাব বিধানসভাৰ প্রটেম অধ্যক্ষ ফণীভূষণ চৌধুৰীয়ে৷
আজি বিধানসভাৰ কার্যসূচী অনুসৰি বিধায়কসকলৰ শপতগ্রহণৰ পিছতেই বিধানসভাৰ অধ্যক্ষৰ নির্বাচন হ’ব৷ এই বিধানসভাৰ অধ্যক্ষ ৰূপে শাসকীয় দলটোৱে প্রস্তাৱ কৰিছে ৰাজ্যসভাৰ প্রাক্তন সাংসদ তথা পানেৰী বিধানসভা সমষ্টিৰ বিধায়ক বিশ্বজিৎ দৈমাৰীৰ নাম৷
বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে বিধানসভাৰ প্রধান সচিবৰ হাতত বিশ্বজিৎ দৈমাৰীয়ে অধ্যক্ষ হিচাপে মনোনয়ন দাখিল কৰে৷ মিত্রজোঁট তথা শাসকীয় দলৰ প্রার্থী ৰূপে বিশ্বজিৎ দৈমাৰীৰ মনোনয়ন দাখিলৰ বিপৰীতে বিৰোধীয়ে অধ্যক্ষ পদৰ বাবে কাকো প্রক্ষেপ কৰা নাই৷ এনে অৱস্থাত বিনাপ্রতিদ্বন্দ্বিতাৰে বিশ্বজিৎ দৈমাৰী অধ্যক্ষ ৰূপে নির্বাচিত হোৱাটো নিশ্চিত হৈছে৷
আনহাতে, বিধানসভা অধিৱেশনৰ অন্তিম দিনা অর্থাৎ ২৪ মে’ত উপাধ্যক্ষ নির্বাচন অনুষ্ঠিত হ’ব৷ বিধানসভাৰ উপাধ্যক্ষ হিচাপে ইতিমধ্যে বিজেপিয়ে বোকাজান সমষ্টিৰ বিধায়ক ডাঃ নোমল মমিনৰ নাম প্রস্তাৱ কৰিছে৷ বিৰোধীয়ে উপাধ্যক্ষৰ বাবে প্রার্থী প্রক্ষেপ কৰাৰ সম্ভাৱনা নথকা হেতুকে বিনাপ্রতিদ্বন্দ্বিতাৰে উপাধ্যক্ষৰ পদত ডাঃ নোমল মমিন নির্বাচিত হোৱাটো প্রায় নিশ্চিত৷ বিধানসভা অধিৱেশনৰ দ্বিতীয় দিনা অর্থাৎ ২২ মে’ত ৰাজ্যপালে ভাষণ প্রদান কৰিব৷ উক্ত দিনাই ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্রস্তাৱ গ্রহণৰ পিছত নৱনির্বাচিত অধ্যক্ষই বিধানসভা পৰিচালনাৰ বাবে সভাপতিসকলৰ নাম আৰু কার্য উপদেষ্টা সমিতিসমূহ ঘোষণা কৰিব৷ অন্তিম দিনা ৰাজ্যপালৰ ভাষণৰ ওপৰত বিতর্ক হোৱাৰ পিছত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই বিতর্কৰ উত্তৰ দিব৷
ইফালে, ক’ৰোনাৰ পৰিস্থিতিৰ মাজতে অনুষ্ঠিত হ’ব লগা বিধানসভাৰ অধিৱেশনত ক’ভিড বিধি কঠোৰভাৱে পালনৰ ব্যৱস্থা কৰা হৈছে৷ সেই অনুসৰি সদনৰ মজিয়াত এটা সময়ত শাসক–বিৰোধী মিলি কেৱল ৬৪ বিধায়কহে উপস্থিত থাকিব পাৰিব৷ শপতগ্রহণৰ পিছতেই বিধায়কসকলে প্রট’কল অনুসৰি সদনৰ মজিয়াত দীর্ঘ সময় বহি থাকিব নোৱাৰিব৷ বিধায়কসকলৰ লগতে বিধানসভাৰ বিভিন্ন দিশ পৰিচালনা কৰা কর্মচাৰী তথা বিষয়াসকলৰ ক্ষেত্রতো বিধানসভা সচিবালয়ে এলানি ক’ভিড নীতি বলৱৎ কৰিছে৷ একেদৰে বিভাগীয় বিষয়াসকলৰ উপস্থিতিৰ ক্ষেত্রতো ৫০ শতাংশ বিধি বলৱৎ হ’ব৷
উল্লেখ্য যে আজি বিধানসভাত নৱনির্বাচিত বিধায়কসকলৰ শপতগ্রহণ অনুষ্ঠানত নির্দিষ্ট সময়তহে উপস্থিত হ’ব কাৰাবন্দী হৈ থকা শিৱসাগৰ সমষ্টিৰ নির্বাচিত বিধায়ক অখিল গগৈ৷ শপতগ্রহণৰ বাবে আজি পুৱা ৯ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (জি এম চি এইচ)ৰ পৰা অখিল গগৈক বিধানসভাৰ প্রাংগণলৈ অনাৰ পিছত তেওঁক সদনৰ মজিয়ালৈ নিব মার্শ্বালে৷ ইয়াৰ পিছতেই তেওঁ শপতগ্রহণ কৰিব আৰু শপতগ্রহণৰ পিছত পুনৰ জি এম চি এইচলৈ লৈ যোৱা হ’ব বিধায়ক গগৈক৷ বিধানসভাৰ সচিব এছ কে শর্মাই প্রকাশ কৰা মতে অখিল গগৈ শপতগ্রহণৰ পিছত কিছু সময় বিধানসভাত থাকিব বিচাৰিলে তেওঁৰ বাবে এক আছুতীয়া কক্ষ সাজু কৰি ৰখা হৈছে৷
স্মর্তব্য যে এন আই এৰ গোচৰত কাৰাবন্দী হৈ থকা অখিল গগৈ শেহতীয়াকৈ শিৱসাগৰ সমষ্টিৰ পৰা নির্বাচিত হোৱাৰ পিছত এনআইএ আদালতৰ অনুমতি অনুসৰিয়েই শপতগ্রহণৰ সুবিধা প্রদান কৰা হৈছে৷