পোষ্ট ক’ভিড ছীনড্রম আৰু ল’ব লগা সাৱধানতা
ডাঃ বিপ্লৱ পল, হূদৰোগ বিশেষজ্ঞ, জিএনআৰচি হাস্পতাল
দুদিনমান আগতে ৰমেশ নামৰ এজন ৩০ বছৰীয়া ডেকা ল’ৰা বুকুৰ বিষৰ বাবে হূদ বিভাগৰ অ’পিডিত দেখুৱাবলৈ আহিছিল, তেখেতৰ লক্ষণসমূহ পৰীক্ষা কৰি এঞ্জি’গ্রাফী কৰিবলৈ উপদেশ দিয়া হ’ল৷ কিন্তু আশ্চর্যজনকভাৱে এঞ্জি’গ্রাফীত তেখেতৰ কৰ’নাৰী ধমনীবোৰত তেজবোৰ গোট মৰা দেখা পোৱা যায়৷ তেখেত কেইদিনমান আগতে ক’ভিড ৰোগত আক্রান্ত হৈছিল আৰু সুস্থ হৈ ঘৰলৈ উভতিছিল, কিন্তু প্রায় ৩ সপ্তাহ পিছত তেখেতৰ এইবিলাক নতুন উপসর্গই দেখা দিয়ে৷ ৰমেশৰ দৰে বহুত ব্যক্তিয়ে বর্তমান ‘পোষ্ট ক’ভিড ছীনড্রম’ত আক্রান্ত হৈছে৷
সমগ্র বিশ্বজুৰি ত্রাসৰ সৃষ্টি কৰা এই ক’ৰোনা মহামাৰীয়ে এতিয়ালৈকে প্রায় ৩ কোটি ১৪ লাখ মানুহক আক্রমণ কৰিছে আৰু ১৮৮খন দেশৰ প্রায় ৯.৬৬ লাখ মানুহ মৃত্যুমুখত পৰিছে৷ ক’ভিডৰ লক্ষণসমূহৰ বিষয়ে যদিওবা আমি জ্ঞাত, ‘পোষ্ট ক’ভিড ছীনড্রম’ৰ বিষয়ে আমাৰ অভিজ্ঞতা বহুত কম আৰু জানিবলগীয়া আৰু শিকিব লগা বহুত আছে৷
ক’ভিডৰ পৰা সুস্থ হৈ উঠা বেছিভাগ মানুহেই যদিওবা সাধাৰণ জীৱন যাপন কৰিব পাৰে, প্রায় ১০–১২ শতাংশ মানুহে কিছুমান সমস্যাৰ সন্মুখীন হোৱা দেখা গৈছে৷ ইয়াৰ ভিতৰত আটাইতকৈ সঘনে দেখা দিয়া লক্ষণটো হৈছে দুর্বলতা৷ ক’ভিডৰ পৰা সুস্থ হৈ উঠাৰ পিছতো বহুতো লোকে অত্যধিক ভাগৰুৱা অনুভৱ কৰা বুলি নানা স্বাস্থ্য সম্পর্কীয় পত্রিকাৰ পৰা জানিব পৰা গৈছে৷ কিছুমান মানুহে আকৌ উশাহ লোৱাত কষ্ট অনুভৱ কৰা দেখা পোৱা গৈছে৷ বুকৰ বিষ, হূদস্পন্দন ক্ষিপ্র হৈ যোৱা, অত্যধিক ভাগৰুৱা অনুভৱ কৰা আদি পোষ্ট ক’ভিড ছীনড্রম’ৰ উপসর্গ৷ মানসিক দুর্বলতা, মূৰৰ বিষ, মনোযোগৰ অভাৱ আদিও ‘পোষ্ট ক’ভিড ছীনড্রম’ৰ অংশ৷
উচ্চ ৰক্তচাপ, কৰ’নাৰী ধমনীৰ বেমাৰ, ডায়েবেটিছ, হার্ট ফেইলৰ আদি বেমাৰ থকা লোক ক’ভিডত আক্রান্ত হ’লে তেওঁলোকৰ লক্ষণসমূহ বেছি জটিল হোৱাৰ সম্ভাৱনা থাকে তথা মানুহজন অইন মানুহতকৈ মৃত্যুমুখত পৰাৰ সম্ভাৱনাও বেছি থাকে৷ বহুত ব্যক্তিয়ে আকৌ ক’ভিডৰ পৰা সুস্থ হৈ উঠাৰ পিছত নানা ধৰণৰ হূদযন্ত্রৰ সমস্যাত ভোগে৷ ইয়াৰে ভিতৰত আটাইতকৈ সঘনে দেখা দিয়া লক্ষণটো হৈছে হূদস্পন্দন বৃদ্ধি হোৱা৷ বিশেষকৈ খোজকাঢ়িলে বা কাম কৰিলে হূদস্পন্দন ক্ষিপ্র হৈ যায়৷ অৱশ্যে বেছিভাগৰ ক্ষেত্রতে কিছুদিনৰ ভিতৰত এই লক্ষণসমূহ ঠিক হৈ যায়৷ কিছুমান ব্যক্তি আকৌ মায়োকার্ডাইটিছ বা কার্ডি মায়োপেথী ৰোগত আক্রান্ত হ’ব পাৰে৷ তেনেক্ষেত্রত ব্যক্তিজনে শাৰীৰিক পৰিশ্রম কৰিলে শ্বাস–প্রশ্বাসৰ অসুবিধা হ’ব পাৰে৷ যিবিলাক লোক কৰ’নাৰী ধমনীৰ ৰোগত আক্রান্ত, তেওঁলোকৰ তেজৰ চলাচলত বাধা আহি পৰে৷ বিশেষকৈ তেজ চলাচল কৰোঁতে তেজ ঘন হৈ গোট মৰাৰ সম্ভাৱনা থাকে৷ ফলত মানুহজনৰ হার্ট এটেক হ’ব পাৰে বা যদি মূৰৰ তেজৰ নলীত তেজ গোট মাৰে৷ তেতিয়া ‘ব্রেইন ষ্ট্রোক’ হ’ব পাৰে৷ হাঁওফাঁওৰ তেজৰ নলীত তেজ গোট মাৰিলে তাক পালমোনাৰী এম্বলিজম বুলি কোৱা হয় আৰু ইয়াৰ ফলত তৎক্ষণাৎ মানুহজনৰ স্বাস্থ্যৰ অৱনতি হ’ব পাৰে বা মানুহজন মৃত্যুমুখত পৰিব পাৰে৷
ক’ৰোনা ভাইৰাছে সঘনাই আক্রান্ত কৰা শৰীৰৰ অংগটো হৈছে আমাৰ হাঁওফাঁও৷ যদিওবা বেছিভাগ মানুহে সম্পূর্ণ সুস্থ হৈ ঘৰলৈ উভতিব পাৰে, বহুত ক্ষেত্রত দেখা গৈছে যে কিছুমান মানুহৰ হাঁওফাঁওত ক’ৰোনা ভাইৰাছে যথেষ্ট পৰিমাণে ক্ষতি কৰিছে৷ ক’ৰোনা ভাইৰাছে কৰা নিউমোনিয়াৰ পৰা সুস্থ হৈ উঠাৰ পিছতো বহুত মানুহৰ হাঁওফাঁওতে ফাইব্রোছিছ বেমাৰ থাকি গৈছে আৰু পিছলৈ ই সমস্যাৰ সৃষ্টি কৰে৷ অৱশ্যে বেছিভাগ ক্ষেত্রতে দেখা গৈছে যে লাহে লাহে ই কমিবলৈ ধৰে আৰু মানুহজন ক্রমাৎ সুস্থ হৈ উঠিব পাৰে৷
পোষ্ট ক’ভিড ছীনড্রম ধৰা পেলাবলৈ খুব সহজ উপায় হৈছে ছিক্স মিনিট ৱাক টেষ্ট, অর্থাৎ ছয় মিনিট খোজকঢ়া৷ যদি ছয় মিনিট খোজকাঢ়িবলৈ গ’লে ভাগৰ লাগে বা উশাহ লোৱাত কষ্ট হয়, তেন্তে অন্যান্য পৰীক্ষা কৰিবলগীয়া হয়৷ হূদৰোগৰ খতিয়ান ল’বলৈ ই চি জি আৰু ইক’ কার্ডি’গ্রাফী কৰিব লাগে৷ আৰু হাঁওফাঁওৰ খতিয়ান ল’বলৈ চিটি স্কেন বা পালমোনাৰী ফাংচন টেষ্ট কৰিব লাগে৷ তেজৰ নলীৰ ব্লকেজ চাবলৈ এঞ্জি’গ্রাফী কৰিব পাৰি৷ আমাৰ তেজৰ নমুনা সংগ্রহ কৰি ডি ডাইমাৰ নামৰ এক সাধাৰণ পৰীক্ষাৰ দ্বাৰা বহুত ডাঙৰ সমস্যাৰ উমান পাব পাৰি৷ ডি ডাইমাৰ বেছি থকা লোকৰ শৰীৰত তেজ গোট মৰাৰ প্রৱণতা বেছি৷ সেয়েহে তেওঁলোকে উপযুক্ত চিকিৎসা গ্রহণ কৰিব লাগে৷
ক’ভিড বিজয়ী লোকসকল প্রায়ে নানা মানসিক ৰোগত আক্রান্ত হয়৷ যিকোনো কামত মনোযোগ কৰিবলৈ অসুবিধা হয়৷ মনলৈ নানা ঋণাত্মক চিন্তা আহে৷ সঘনাই মনটো বেয়া লাগি থাকে আৰু কেতিয়াবা মানুহজন ডিপ্রেছনৰ চিকাৰ হ’ব পাৰে৷ সেয়েহে শাৰীৰিক স্বাস্থ্যৰ লগতে মানসিক স্বাস্থ্যৰ যতন লোৱাটো খুবেই প্রয়োজনীয়৷
ক’ভিডৰ সময়ত বা ক’ভিডৰ পৰা মুক্ত হোৱাৰ পিছত মানুহৰ ষ্ট্রোক হোৱাৰ প্রৱণতা বৃদ্ধি পায়৷ আমাৰ শৰীৰত ‘ইনফ্লেমেচন’ হোৱাৰ বাবে শৰীৰৰ ৰক্তচাপ বৃদ্ধি বা হ্রাস হ’ব পাৰে আৰু মগজুৰ তেজৰ নলীত তেজ চলাচল কৰোঁতে তাৰতম্য ঘটিব পাৰে৷ আৰু তাৰেই ফলস্বৰূপে ষ্ট্রোক হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়৷
ক’ভিড বিজয়ী লোকৰ কৰণীয়
আমাৰ দেশত এতিয়ালৈকে প্রায় ৫৫ লাখ মানুহ ক’ভিডত আক্রান্ত হৈছে আৰু প্রায় ৪৫ লাখ ৰোগী সুস্থ হৈ ঘৰলৈ উভতিছে৷ এই লোকসকলক দুটা ভাগত ভাগ কৰিব পাৰি৷ যিসকল লোকৰ লক্ষণ আছিল, তেওঁলোক আৰু লক্ষণ নথকা লোকসকল৷ যিসকল লোকৰ হাঁওফাঁওজনিত সমস্যা আছিল, বিশেষকৈ কাহ আছিল বা উশাহ লোৱাত কষ্ট আছিল বা অক্সিজেন ল’ব লগা হৈছিল, তেওঁলোক পৰৱর্তী কালত কিছু সমস্যাৰ সন্মুখীন হ’ব পাৰে৷ এই লোকসকলে যদি খোজকাঢ়িলে ভাগৰুৱা অনুভৱ কৰে, উশাহ লোৱাত কষ্ট হয়, হূদস্পন্দন ক্ষিপ্র হয় বা বুকুৰ বিষ হয়, তেনে ক্ষেত্রত হূদযন্ত্র বা হাঁওফাঁওৰ বেমাৰ ধৰা পেলাবলৈ চিকিৎসকৰ পৰামর্শ গ্রহণ কৰিব লাগে৷ প্রথম অৱস্থাত লক্ষণ নথকা ব্যক্তিসকলে যদি পৰৱর্তী কালত কিবা সমস্যাৰ সন্মুখীন হয়, তেন্তে আগতীয়াকৈ চিকিৎসকৰ পৰামর্শ গ্রহণ কৰিব লাগে৷ উপযুক্ত দৰব গ্রহণ কৰিলে খুব সোনকালে এই ছীনড্রমৰ পৰা উপশম পাব পাৰি৷
ক’ভিডৰ পৰা মুক্ত হোৱা লোকে পুষ্টিকৰ আহাৰ গ্রহণ কৰাটো খুবেই প্রয়োজনীয়৷ আমি ভিটামিন চি আৰু অন্যান্য ধাতুপুষ্ট আহাৰ গ্রহণ কৰিব লাগে৷ সেউজীয়া শাক–পাচলি আৰু ফলমূলো গ্রহণ কৰাটো খুবেই প্রয়োজনীয়৷ ডি ভিটামিনে আমাৰ শৰীৰৰ ৰোগ প্রতিৰোধ কৰাৰ ক্ষমতা বৃদ্ধি কৰে৷ সেয়েহে ডি ভিটামিনৰ অভাৱ পূৰণ কৰিবলৈ আমি ৰ’দৰ তাপ ল’ব লাগে৷ কাৰণ সূর্যৰ পোহৰ আমাৰ ছালত পৰিলে, তাৰ পৰা ডি ভিটামিনৰ সৃষ্টি হয়৷ ক’ৰোনা বিজয়ী লোকৰ পৰিয়াল আৰু ওচৰ চুবুৰীয়াই মানুহজনক এলাগীকৈ নাৰাখি তেখেতক আপোন কৰি ল’ব লাগে আৰু সঘনাই তেখেতৰ লগত কথা পাতি থাকিব লাগে৷ কাৰণ তেখেত নানা মানসিক ৰোগত আক্রান্ত হোৱাৰ সম্ভাৱনা থাকে৷
ক’ভিডৰ পৰা বিজয়ী লোকৰ শৰীৰত এণ্টিবডীৰ সৃষ্টি হয় আৰু ইও ৰোগীজনক পৰৱর্তী সময়ত পুনৰ আক্রান্ত হোৱাৰ পৰা ৰক্ষা কৰে৷ কিন্তু চীন, হংকং বা পৃথিৱীৰ অইন ঠাইতো সুস্থ হোৱা লোক পুনৰ এই ৰোগত আক্রান্ত হোৱাৰ খবৰ পোৱা গৈছে৷ আমাৰ দেশতো বাংগালুৰু চহৰত ক’ভিড নিগেটিভ ৰোগী এজন পুনৰ কিছুদিন পিছত দ্বিতীয়বাৰৰ বাবে সংক্রমণৰ খবৰ পোৱা গৈছে৷ ইয়াৰ কাৰণ ভালকৈ গম পোৱা হোৱা নাই যদিও ভাইৰাছৰ ‘মিউটেচন’ বা মানুহজনৰ শৰীৰত ৰোগ প্রতিৰোধৰ এণ্টিবডী হ্রাস পোৱা বুলি ধাৰণা কৰা হৈছে৷ সেয়েহে ক’ভিডৰ পৰা সুস্থ হোৱাৰ পিছতো মাস্ক ব্যৱহাৰ কৰা আৰু সামাজিক দূৰত্ব বজাই ৰখাটো খুবেই প্রয়োজনীয়৷
পৃথিৱীত আন আন দেশৰ বিজ্ঞানীসকলৰ লগতে আমাৰ দেশৰ বিজ্ঞানীসকলেও ‘ভেকচিন’ৰ সন্ধানত দিনে–নিশাই কাম কৰি আছে৷ আমাৰ দেশত তিনি বিধ ভেকচিনে ‘ফেজ–৩’ ট্রায়েলত প্রৱেশ কৰিছে আৰু অহা বছৰৰ প্রথম ভাগতেই সকলোৰে বাবে গ্রহণযোগ্য ভেকচিন উপলব্ধ হ’ব বুলি আশা কৰিব পাৰি৷ তেতিয়ালৈ আমি সকলোৱে সাৱধানতা অৱলম্বন কৰিলেহে আমি এই যুদ্ধত বিজয়ী হ’ব পাৰিম৷