শ শ বিঘা ভূমিত ধানৰ পৰিৱর্তে পতান
নিয়মীয়া বাৰ্তা, ২২ মে: ক’ৰোনাৰ ত্রাসে কৃষকসকলৰ জনজীৱন অচল কৰা সময়তে কৃষিজীৱী অঞ্চল বৰক্ষেত্রীত এক অভাৱনীয় সমস্যাই দেখা দিয়াৰ ফলত মূৰে–কপালে হাত দিব লগা হৈছে কৃষক৷ প্রুথী নামৰ উন্নত জাতৰ ধান বীজৰে পথাৰ সেউজীয়া কৰাৰ সপোন দেখা কৃষক কেইজনৰ পাঁচশ বিঘা কৃষিভূমিত ধানৰ পৰিৱর্তে কেৱল পতন ওলোৱা পৰিলক্ষিত হৈছে৷কৃষি চপাবলৈ গৈ অবাক হৈ পৰা কৃষকসকল এতিয়া দিন নোযোৱা ৰাতি নুপুওৱাৰ বেদনাত ক্লান্ত৷ কপালৰ ঘাম মাটিত পেলাই প্রাকৃতিক দুর্যোগৰ মাজতে ভাল ফচল পোৱাৰ আশাত তেওঁলোকে উক্ত ধান ব্যৱহাৰ কৰিছিল যদিও অধিক উৎপাদনৰ বিপৰীতে কেৱল পতান ওলোৱাত লাখ লাখ টকা অথলে গ’ল বুলি জানিবলৈ দিয়ে৷
এফালে কৃষকসকলৰ এনে দুৰৱস্থাৰ সময়তো এতিয়ালৈকে কৃষি বিভাগৰ কোনো বিষয়াই ক্ষেত্র পৰিদর্শন কৰা নাই বুলি ক্ষোভ প্রকাশ কৰে৷ পৰিতাপৰ বিষয় যে কৃষি উৎপাদনৰ ক্ষেত্রত বিশেষ অৱদান আগবঢ়াই অহা বৰক্ষেত্রী অঞ্চলত বিগত ক’ৰোনা তথা লকডাউনৰ পর্যায়তো ব্যাপক হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছিল কৃষকসকল৷ ক’ৰবাত যদি বানে নিঃশেষ কৰিছে হাজাৰ হাজাৰ বিঘা কৃষি ভূমি, ক’ৰবাত পোকে৷ আন ক’ৰবাত উৎপাদিত সামগ্রী বিক্রী কৰিব নোৱাৰিও জুৰুলা হৈ পৰিছিল কৃষক৷ এককথাত বান–খহনীয়া আৰু ক’ৰোনাৰ প্রভাৱে ব্যাপক অনিষ্ট কৰিছিল কৃষিক্ষেত্রৰ৷