ৰাষ্ট্রীয় ৱেবিনাৰত কথাশিল্পীৰ সাহিত্যৰাজি–অৱদানক সশ্রদ্ধ স্মৰণ
নিয়মীয়া বাৰ্তা, ২৫ মেঃ ভাৰতীয় নৃকুল গ্রন্থাগাৰ সংস্থাৰ উদ্যোগত আৰু বিলাসীপাৰা মহাবিদ্যালয়ৰ ড০ বাণীকান্ত কাকতি গ্রন্থাগাৰৰ সহযোগত কালি অনুষ্ঠিত হয় কথাশিল্পী হোমেন বৰগোহাঞি আৰু পাঠক সমাজ শীর্ষক এখন ৰাষ্ট্রীয় ৱেবিনাৰ৷ ৱেবিনাৰখন উদ্বোধন কৰে মধুপুৰ সত্রৰ বুঢ়া সত্রাধিকাৰ লক্ষীকান্ত মহন্তই আৰু সত্রৰ পৱিত্র গুৰুগৃহত এই উপলক্ষে ভাগৱত পাঠ কৰে ধর্মাচার্য মাধৱদেৱ মহন্তই৷ ভাগৱত পাঠেৰে হোমেন বৰগোহাঞিক শ্রদ্ধা জ্ঞাপনৰ পিছত ভাৰতীয় নৃকুল গ্রন্থাগাৰ সংস্থাৰ আহ্বায়ক ড০ হৰিচৰণ দাসৰ সঞ্চালনাত অনুষ্ঠিত এই আলোচনা–চক্রত মুখ্য অতিথিৰূপে থকা অসম সত্র মহাসভাৰ সভাপতি জিতেন্দ্র নাথ প্রধানীয়ে বৰগোহাঞিক নতুন প্রজন্মৰ প্রেৰণা ৰূপে অভিহিত কৰে৷
আলোচনা–চক্রখনত অংশ লৈ অসম সাহিত্য সভাৰ প্রধান সম্পাদক যাদৱ চন্দ্র শর্মাই অসম সাহিত্য সভাৰ সভাপতি হৈ থকাৰ কালত হোমেন বৰগোহাঞিয়ে অসমীয়া বিশ্বকোষ প্রকাশ কৰি আগবঢ়োৱা মহৎ জাতীয় অৱদানৰ কথা স্মৰণ কৰে৷ অসম জ্যেষ্ঠ নাগৰিক সন্মিলনীৰ সম্পাদক বাণেশ্বৰ খাউণ্ডে কথাশিল্পী বৰগোহাঞিয়ে জ্যেষ্ঠ নাগৰিসকলক জীৱনমুখী হৈ ৰখাৰ বাবে আগবঢ়োৱা অনুপ্রেৰণামূলক সাহিত্যৰাজিৰ স্মৰণ কৰে৷ আলোচনাত অংশ লৈ অসম পুথিভঁৰাল সংঘৰ সম্পাদক ড০ প্রশান্ত কুমাৰ ডেকাই সংস্থালৈ হোমেন বৰগোহাঞিয়ে আগবঢ়োৱা অৱদান স্মৰণ কৰে৷ বৰগোহাঞিৰ সৃষ্টিৰাজিৰ লগত পাঠক সমাজৰ মধুৰ সম্পর্ক ব্যাখ্যা কৰে গৱেষক ড০ ৰঞ্জিত সভাপণ্ডিতে৷
আনহাতে, প্রাক্তন উচ্চপদস্থ প্রশাসনীয় বিষয়া তথা লেখক থানেশ্বৰ মালাকাৰে হোমেন বৰগোহাঞিৰ জীৱনাদর্শ প্রশাসনীয় বিষয়াসকলক গ্রহণ কৰিবলৈ আহ্বান জনাই কয় যে প্রশাসকসকল বৰগোহাঞিৰ দৰে দুর্নীতিৰ বিৰুদ্ধে যুঁজ দিব পৰাকৈ সাহসী হ’ব লাগে৷ তেওঁ বৰগোহাঞিৰ লেখা বিদ্যালয়ৰ প্রতিটো শ্রেণীতে অন্তর্ভুক্ত কৰিবলৈ শিক্ষা বিভাগক আহ্বান জনায়৷ আলোচনাত অংশ লয় অধুনালুপ্ত ‘সূত্রধাৰ’ আলোচনীৰ ৰাজনৈতিক নিবন্ধকাৰ দেৱব্রত বৰগোহাঞিয়ে৷ সঞ্চালকৰ মন্তব্যত ড০ হৰিচৰণ দাসে কয় যে বৰগোহাঞিয়ে এখন বিশাল পাঠক সমাজ সৃষ্টি কৰি থৈ গৈছে আৰু বহুতো লেখকৰো সৃষ্টি কৰি থৈ গৈছে৷
মহাপুৰুষ শংকৰদেৱে পাঁচশ বছৰৰ আগতে গঢ়ি থৈ যোৱা বৰ অসমীয়া সমাজখনক আগবঢ়াই নিয়াৰ বাবে কথাশিল্পী বৰগোহাঞিয়ে সদায় চেষ্টা কৰি গৈছিল বুলিও তেওঁ প্রকাশ কৰে৷ আলোচনাত মাজুলীৰ সাংবাদিক কমল দত্তই মাজুলীত চাকৰি কৰা কালত হোমেন বৰগোহাঞিয়ে কার্যনির্বাহ কৰা কার্যালয়টো বৰগোহাঞিৰ স্মৃতিত সংৰক্ষণ কৰিবলৈ আহ্বান জনায়৷ আলোচনাত নাজিৰা কলেজৰ গ্রন্থাগাৰিক ৰাজেন দেৱশর্মা, সাংবাদিক গীতাঞ্জলি নিয়োগী, বিলাসীপাৰা মহাবিদ্যালয়ৰ অধ্যাপক বিশ্বজিৎ গোস্বামী, ইকতিকাৰ আলী আহমেদ, ছয়গাঁও কলেজৰ অধ্যাপক উপেন ডেকা আদিয়ে অংশ লয়৷