নিয়মীয়া বাৰ্তা, ২ জানুৱাৰীঃ পহিলা জানুৱাৰী । ৰাজ্যৰ লগতে সমগ্ৰ বিশ্ববাসীয়ে পহিলা জানুৱাৰীৰ আনন্দ উল্লাস আৰু উচাহত বুৰ গৈ থকাৰ সময়তে এইখন অসমত দেখা গৈছে এখন হৃদয়বিদাৰক ছবি । নিজৰ পঢ়াৰ খৰচৰ মোকলাবৰ বাবে হাতত ভিক্ষাৰ পাত্ৰ লৈ ৰাজপথত সমদল কৰি আগবাঢ়িছে এইসকল কণ কণ ছাত্ৰ-ছাত্ৰী ।
আপুনি নাভাবিব , পহিলা জানুৱাৰীৰ দিনা এয়া কোনো বাটৰ নাটৰ দৃশ্য । প্ৰকৃততে এইখন সঁচা ছবিয়ে আপোনাকো ব্যথিত কৰি তুলিব পাৰে নতুন বছৰৰ এই প্ৰাকক্ষণত । এয়া হৈছে অসম মুলুকৰ কাছাৰ কাগজ কলৰ কৰ্মচাৰীৰ সন্তানে ভিক্ষাৰ পাত্ৰ হাতত লৈ ৰাজপথত সমদল কৰাৰ দৃশ্য । ৩৫ মাহে দৰমহা নোপোৱা অসমৰ দুয়োটা কাগজ কলৰ কৰ্মচাৰীৰ জীৱন এতিয়া এনেকুৱাই । যাৰ বাবে ১ জানুৱাৰীৰ দিনা সমনীয়াৰ সৈতে বনভোজ খোৱাৰ বিপৰীতে ভিক্ষাৰ পাত্ৰ লৈ ওলাই আহিল এইসকল ছাত্ৰ-ছাত্ৰী ।
দীৰ্ঘদিন ধৰি অচল হৈ থকা দুয়োটা কাগজ কলৰ ক্ষেত্ৰত শাসনাধিষ্ঠ চৰকাৰখনে ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দি আহিছিল যদিও সেয়া কাৰ্যক্ষেত্ৰত ফলপ্ৰসু হ’বগৈ নে নাই আজিৰ তাৰিখত ই এক বৃহৎ প্ৰশ্ন । কাগজ কলৰ কৰ্মচাৰীৰ এনে দুৰ্দশাৰ ওপৰতে ৩১ জানুৱাৰীৰ ভিতৰত আৱাসিক এলেকা খালী কৰিবলৈ অহা জাননীয়ে এতিয়া চিন্তিত কৰিছিল তুলিছে এইসকল দুৰ্ভগীয়া কৰ্মচাৰীক । নিজৰ প্ৰাপ্য ধন আদায় দিয়াৰ বিপৰীতে পুনৰ অহা এইখন জাননীয়ে এতিয়া বাৰুকৈয়ে শংকিত কৰি তুলিছে এইসকল লোকক ।
উল্লেখ্য যে, বিনা চিকিৎসাত তথা উপযুক্ত চিকিৎসাৰ অভাৱত ৬০ জন কৰ্মচাৰীৰ মৃত্যু হৈছে । ইয়াৰ ভিতৰত ৩ জন কৰ্মচাৰীয়ে আত্মহত্যাৰ নিচিনা কঠোৰ পদক্ষেপ ল’বলৈকো বাধ্য হৈছিল । ইয়াৰ পাচতো যেন হৃদয় নগলিল চৰকাৰ তথা কৰ্তৃপক্ষৰ । দুয়োটা কাগজ কলৰ এইসকল কৰ্মচাৰীৰ জীৱনলৈ অন্ধকাৰ নমাই পুনৰবাৰ ২৫ ডিচেম্বৰ তাৰিখে আৱাসিক এলেকা খালী কৰাৰ সেই বিশেষ জাননীখন আহিছিল ।
ৰাজ্যজুৰি পহিলা জানুৱাৰীৰ আনন্দৰ বন্যা অব্যাহত থকাৰ মাজতে কাছাৰত দেখা পোৱা এইখন হৃদয়বিদাৰক ছবিয়ে এতিয়া কন্দুৱাইছে বহু সাধাৰণজনক । এইসকল শিশুৱে নিজৰ ভৱিষ্যতৰ স্বাৰ্থত পিতৃ-মাতৃৰ অভাৱগ্ৰস্ত অৱস্থাৰ কথা উপলব্ধি কৰি ভিক্ষাৰ পাত্ৰ হাতত লোৱা দৃশ্যইও যেন গলাব পৰা নাই চৰকাৰ তথা প্ৰশাসনৰ হৃদয় । অন্ধকাৰময় ভৱিষ্যতৰ কথা উপলব্ধি কৰি ওলাই অহা এইসকল কণ কণ ছাত্ৰীৰ প্ৰয়োজনীয়তা পূৰণ কৰিব নোৱাৰি কান্দোনত ভাগি পৰিছে একাংশ পিতৃ-মাতৃ । এইয়া যে সময়ৰ আহ্বান , এফালে ভিক্ষাৰ পাত্ৰ আৰু আনফালে ভৱিষ্যত নামৰ এটা পংকিল পথ ।