শিলচৰত ব্লেক ফাংগাছত আক্রান্ত ৰোগী চিনাক্ত
নিয়মীয়া বাৰ্তা ৩১ মেঃ ক’ভিডৰ সমান্তৰালকৈ ৰাজ্যত আতংকৰ সৃষ্টি কৰিছে আন এক মহামাৰী ব্লেক ফাংগাছৰ সংক্রমণে৷ নগাঁৱৰ এজন যুৱক ব্লেক ফাংগাছত আক্রান্ত হৈ মৃত্যু হোৱা ঘটনাৰ আতংক মাৰ নৌযাওঁতেই পুনৰ এই ভয়াৱহ ৰোগত আক্রান্ত হৈছে শিলচৰৰ এজন ৪২ বছৰীয়া ব্যক্তি৷ শিলচৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ থকা কৰিমগঞ্জৰ ব্যক্তিজনৰ শৰীৰত ব্লেক ফাংগাছৰ সংক্রমণ ঘটা বুলি নিশ্চিত কৰিছে মেডিকেল কলেজখনৰ অধ্যক্ষ ডাঃ বাবুল বেজবৰুৱাই৷
দেওবাৰে এখন সংবাদ মেলত অধ্যক্ষগৰাকীয়ে সদৰী কৰা অনুসৰি ৰোগীজনৰ প্রাৰম্ভিক পৰীক্ষাৰ ৰিপ’ট ইতিমধ্যে পজিটিভ হৈছে৷ তেওঁৰ চূড়ান্ত প্রতিবেদনৰ বাবে এতিয়া তেওঁলোক অপেক্ষাৰত৷ উল্লেখ্য যে যোৱা ৫ মে’ত এই ৰোগীজন ক’ভিডত আক্রান্ত হৈছিল৷ সেই সময়ত তেওঁ কৰিমগঞ্জ চিভিল হাস্পতালত চিকিৎসাধীন হৈ আছিল৷ যোৱা ১১ মে’ত ক’ভিড নিগেটিভ হোৱাত তেওঁ হাস্পতালৰ পৰা ঘৰলৈ উভতি যায়৷ ঘৰত উশাহ–নিশাহ লোৱাত কষ্ট অনুভৱ হোৱাত শিলচৰৰ ব্যক্তিগত গ্রেছৱেল হাস্পতালত ভর্তি হয়৷ পুনৰ সুস্থ হৈ উঠাত তেওঁ ১৫ মে’ৰ দিনা হাস্পতালখন এৰি শিলচৰৰ এখন ল’জত আশ্রয় লয়৷ কিন্তু পুনৰ একেই সমস্যাত আক্রান্ত হোৱাত জীৱনজ্যোতি নামৰ আন এখন হাস্পতালত ভর্তি হয় যদিও তেওঁক ২৬ মে’ৰ দিনা শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্রেৰণ কৰা হয়৷
ইয়াৰ পাছতে হাস্পতালত তেওঁৰ চিকিৎসা আৰম্ভ কৰা হয়৷ ডাঃ বেজবৰুৱাই সংবাদ মেলত সদৰী কৰা অনুসৰি প্রথমতে তেওঁৰ এটা চকু উখহি থকা দেখি চকুৰ চিকিৎসকে পৰীক্ষা কৰে৷ কিন্তু চিকিৎসকে তেওঁৰ নাকৰ সমস্যাহে নিশ্চিত কৰে৷ পাছত ৰোগীজনৰ নাক, কাণ আৰু ডিঙি বিভাগৰ চিকিৎসকে পৰীক্ষা কৰে৷ এই পৰীক্ষাৰ সময়তে তেওঁ ব্লেক ফাংগাছত আক্রান্ত হোৱা বুলি সন্দেহ হোৱাত চিকিৎসকে প্রাথমিক পৰীক্ষা আৰম্ভ কৰে আৰু এই পৰীক্ষাতে তেওঁক এই ভেকুৰবিধৰ দ্বাৰা সংক্রমিত হোৱা বুলি নিশ্চিত হয়৷ ইতিমধ্যে ৰোগীজনক ব্লেক ফাংগাছৰ যাৱতীয় চিকিৎসা আৰু ঔষধ প্রদান কৰা হৈছে৷
বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা গঠিত এখন কমিটীয়ে তেওঁৰ চিকিৎসা ব্যৱস্থা নিৰীক্ষণ কৰি আছে৷ কিন্তু ইতিমধ্যেই ৰোগীজনৰ চকু, কাণ আৰু মস্তিষ্কলৈ ব্লেক ফাংগাছৰ সংক্রমণ ঘটা বাবে তেওঁৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে৷ এই ৰোগীজন চিনাক্ত হোৱাৰ পাছতে এতিয়া সমগ্র বৰাক উপত্যকাতে ব্লেক ফাংগাছক লৈ আতংকিত হৈ পৰিছে সাধাৰণ ৰাইজ৷ আজিৰ এই সংবাদ মেলত শিলচৰৰ সাংসদ ডাঃ ৰাজদীপ ৰয় আৰু উপায়ুক্ত কীর্তি জল্লী উপস্থিত থাকে৷ সাংসদ ৰয়ে অৱশ্যে ৰাইজক আতংকিত নহ’বলৈ আহ্বান জনাইছে৷ ব্লেক ফাংগাছ ক’ৰোনাৰ দৰে সংক্রমিত নহয় বুলিও তেওঁ উল্লেখ কৰে৷