ভাৰতত উদ্ভৱ হোৱা কৰোনা ভাইৰাছৰ নতুন সংক্ৰমণৰ নাম ডেল্টা…
নিয়মীয়া বাৰ্তা ১ জুনঃ বিশ্ব স্বাস্থ্য সংস্থাই সোমবাৰে কৰোনাভাইৰাছৰ নতুন সংক্ৰমণক নতুন নাম দিছে। এতিয়াৰে পৰা এই নতুন সংক্ৰমণক গ্ৰীক বৰ্ণমালাৰ আখৰে দি জনা যাব। বিশ্ব স্বাস্থ্য সংস্থাটোৱে বি.1.1.7 , যি প্ৰথমে ব্ৰিটেইনত চিনাক্ত কৰা হৈছিল, সেইটো সংক্ৰমণক আলফা হিচাপে, আনহাতে ভাৰতত সংক্ৰমিত হোৱা কভিডক বি.1.617.2 ডেল্টা হিচাপে নামকৰণ কৰা হৈছে।
ভাৰতত ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহক কৰোনা ভাইৰাছৰ এ “ভাৰতীয় প্ৰকাৰ” বুলি ব্যাপক প্ৰচাৰ চলিছিল। বিশ্ব স্বাস্থ্য সংস্থাই এনে ধৰণৰ নামৰ প্ৰচাৰ নকৰিবলৈ এই পদক্ষেপ লোৱা হৈছে।
বিশ্ব স্বাস্থ্য সংস্থাই এতিয়াৰে পৰা কোনো দেশত কৰোনাৰ নতুন সংক্ৰণ উদ্ভৱ হলে কোনো দেশৰ নাম ব্যৱহাৰ নকৰিবলৈ এনে ধৰণৰ পদক্ষেপ হাতত লোৱা হৈছে।