টকিঅ’ অলিম্পিকলৈ ভাৰতীয় দলৰ জার্ছী মুকলি
নিয়মীয়া বাৰ্তা ৪ জুনঃ অহা ২৩ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া টকিঅ’ অলিম্পিকৰ বাবে ভাৰতীয় দলৰ জার্ছী মুকলি কৰিলে কেন্দ্রীয় ক্রীড়ামন্ত্রী কিৰেণ ৰিজিজুৱে৷ ভার্চুৱেলী অনুষ্ঠিত এই অনুষ্ঠানত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়েও অংশ লয়৷
প্রধানমন্ত্রীয়ে বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱলৈ ভাৰতীয় এথলীটসকলৰ প্রস্তুতিৰ বুজ লয়৷ অলিম্পিকত দেশক প্রতিনিধিত্ব কৰিবলৈ সাজু হোৱা এথলীটসকলৰ মনোবল বৃদ্ধি কৰিবলৈ প্রধানমন্ত্রীয়ে দেশবাসীক আহ্বান জনায়৷
উল্লেখ্য যে কেন্দ্রীয় ক্রীড়ামন্ত্রী কিৰেণ ৰিজিজুৱে যোৱা সপ্তাহত টুইটাৰৰ জৰিয়তে দেশবাসীক আহ্বান জনাইছিল যে এই জটিল সময়ত অলিম্পিকত অংশ ল’বলৈ প্রস্তুতি চলাই থকা খেলুৱৈসকলক দেশবাসীয়ে অনুপ্রাণিত কৰা উচিত৷ অলিম্পিকত উজলিবলৈ ভাৰত সম্পূর্ণৰূপে সাজু বুলিও তেওঁ উল্লেখ কৰে৷
কেন্দ্রীয় মন্ত্রীগৰাকীয়ে লগতে জানিবলৈ দিয়ে যে অলিম্পিকলৈ ৰাওনা হ’বলগীয়া প্রতিগৰাকী খেলুৱৈ আৰু বিষয়ববীয়াৰ টিকাকৰণ সম্পন্ন কৰা হ’ব৷